নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোদীক তৃতীয়বাৰ প্ৰধানমন্ত্ৰী বনাবলৈ ভোট দিয়াৰ আহ্বান মন্ত্ৰী পীয়ূষৰ

🎯যোৰহাটত মন্ত্ৰী পীয়ূষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
🎯জে বি কলেজক বিশ্ববিদ্যালয়লৈ উন্নতিকৰণৰ প্ৰতিশ্ৰুতি
নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ দেশৰ সাধাৰণ নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ আৰু বিজেপি মাজত প্ৰচাৰ তুংগত উঠিছে৷ আজি বাহনা সব্বোদয় সাংস্কৃতিক কেন্দ্ৰত এখন নিৰ্বাচনী সভাত মন্ত্ৰী পীয়ূষ হাজৰিকাই কংগ্ৰেছ ৬০ বছৰত মেডিকেল কলেজৰ অৱস্থা, বিশ্ববিদ্যালয়ৰ আৰু বান খহনীয়া আদি বিষয়বোৰ অৱস্থা সম্পৰ্কে তুলনাত বিজেপিয়ে দহ বছৰত কি কৰিলে সেয়া একাধিক ক্ৰমে কৈ যায়৷ কংগ্ৰেছ ৬০ বছৰত মেডিকেল কলেজ বনাইছিল মাত্ৰ ৬খন৷ বিজেপিয়ে ৮ বছৰত বনালে ১৮খন৷ কংগ্ৰেছ ৬০ বছৰত ৭খন বিশ্ববিদ্যালয়ৰ আৰু বিজেপিৰ দিনত ১৫ বিশ্ববিদ্যালয় নিৰ্মান হ’ল৷ এয়াৰপৰ্ট কংগ্ৰেছে ৬০ বছৰত ৭৪ আৰু বিজেপিয়ে দহ বছৰত নিৰ্মাণ কৰিলে ৭৫টা এয়াৰপৰ্টত৷ এনেকৈ উন্নয়ন কৰি জনসাধাৰণৰক সেৱা মনোভাৱেৰে সমগ্ৰ দেশত বিজেপি চৰকাৰে কাম কৰিযোৱা বিষয়ে ৰাইজৰ আগত কৰে৷ আগন্তুক দিনত কেইবাখনো মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈ উন্নতকৰনৰ লগতে যোৰহাট জে বি কলেজকো বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰিব৷ এইবাৰ হাইস্কুল শিক্ষান্তা ছাত্ৰী সকললৈ দহ হাজাৰ, উচ্চতৰ মাধ্যমিকৰ বাবে ১২ হাজৰ ৫০০ টা আৰু বি এ পাছ কৰা সকলক ২৫ হাজাৰকৈ একাউণ্ট দিয়া আশ্বাস দিয়ে৷ সেয়েহে নৰেন্দ্ৰ মোদীক তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হোৱাৰ স্বাৰ্থত ৰাইজক যোৰহাট লোকসভাৰ প্ৰাৰ্থীক তপন কুমাৰ গগৈক ভোট দি সহায় কৰিবলৈ সভাৰ ৰাইজলৈ আহবান জনায়৷ আগতে অসমত বান পানী হ’লে মেৰামতি কৰিবলৈ টকা নাছিল৷ মাত্ৰ ১-২ কোটি টকা দিয়ে যদিও সেয়া এপাচি শাকত এটা জালুকৰ দৰে আছিল৷ এটিয়া কেৱল যোৰহাট টীয়ক আদি অঞ্চলতে ৬৫.৩৫ কোটি টকা মুকলি কৰি দিয়াত কাম কৰি আহিছে৷ মাজুলীৰ দৰে ঠাইত বান পানে নোহোৱা হৈ ভিতৰৰ নদী শুকাই পৰিছে৷  মেৰামতি বিসংগতি হ’লে পূৰ্ন নিৰ্মানৰ বাবে টকা আৱন্তন কৰে৷ প্ৰায় ৭০ শতাংশ বান খহনীয়া বি জেপি চৰকাৰে নিৰ্মূল কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ উপৰি দুখীয়া গৃহহীন লোকসকলক কংগ্ৰেছ দিনত ৭৫ হাজৰ দিয়া হৈছিল যদিও  ৪৫ হাজা ৰ মান টকাৰে ঘৰ বনাব লগিয়া হৈছিল৷ কিন্তু বৰ্তমান বিজেপিৰ দিনত ১’৫০ লাখ হিতাধিকাৰীক একাউণ্ট সোমাই আৰু নিজৰ ইচ্ছামতে গৃহ নিৰ্মান কৰিব পাৰে৷ এনেদৰে ৰাইজৰ মাজত বিজেপিয়ে বিগত বৰ্ষত কৰিযোৱা কামৰ তুলনা কৰি ৰাইজৰ আগন্তুক দিনত বিজেপিক জয়যুক্ত কৰিবলৈ আহবান জনাই৷ আজি যোৰহাট লোকসভা সমষ্টি প্ৰাৰ্থী তপন কুমাৰ গগৈৰহৈ নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই সভাত গাঁৱৰ দুখীয় মহিলা সকললৈও কেবাটাও আচনি আগন্তুক দিনত দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে৷ এশ শতাংশ  প্ৰতিগৰাকী ৰেচনকাৰ্ডৰ গৰাকীয়ে অৰুনোদয় লাভ কৰাটো নিশ্চিত আৰু আগষ্ট ভিতৰত লাখপতি সকলক আচনি মুকলি ঘোষনা কৰা আস্বাস৷ আজি নিৰ্বাচনী প্ৰচাৰ সভাত ৰাজ্যিক যুবমৰ্চাৰ সভাপতে সীদ্ধাংশু অংকুৰ বৰুৱা, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য মানস জ্যোতি সন্দিকৈ,টীয়ক বিধান সভা সমষ্টিৰ চাৰিগাও মন্ডলৰ সভাপতি সুনীল তামুলী আৰু যোৰহাট জিলা বিজেপিৰ সাধাৰণ সম্পাদক অমৰজ্যোতি শইকীয়া উপস্থিত থকা সভাত উদ্দেশ্য ব্যাখ্যা কৰে চাৰিগাঁও মন্ডলৰ সাধাৰণ সম্পাদক দীপক নাথে৷
প্ৰেৰক জিতু কলিতা
You might also like