নিয়মীয়া বাৰ্তা, ২১ আগষ্টঃ নিত্য প্ৰয়োজনীয় অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মুল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক ত্ৰাহি মধুসুধন দেখুওৱাৰ সময়তে এই মুল্যবৃদ্ধি ৰোধৰ বাবে এক নতুন পৰামৰ্শ আগবঢ়াইছে ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে৷ আজি পাঠশালাত সাংবাদিকে ৰাজ্যৰ বজাৰত বিভিন্ন সামগ্ৰীৰ লগতে প্ৰতিদিনে পাচলিৰ দাম ভয়ংকৰভাৱে উৰ্ধমূখী হোৱা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে পাচলিৰ দাম কমিব লাগিলে সকলো অসমীয়া পৰিয়ালে নিজৰ নিজৰ ঘৰত পাচলিৰ খেতি কৰিব লাগিব। অসমৰ প্ৰতিঘৰ মানুহে পাচলিৰ খেতি কৰালে পাচলি মূল্য এনেই কমি যাব বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয়, “মই নিজৰ ঘৰত সকলো পাচলিৰ খেতি কৰিছো কাৰণে মই পাচলি কিনিব নালগে৷ সেই বাবে দাম বৃদ্ধিত মোৰ কোনো ধৰণৰ সমস্য হোৱা নাই। অসমীয়া মানুহে নিজৰ বাৰী পথাৰ ধৰি ৰাখিব লাগিব। এতিয়া গুৱাহাটীৰ মানুহে অট্টালিকাৰ চাদৰ ওপৰত খেতি কৰে।গতিকে আমাৰ ঘৰৰ ওপৰৰ বা সন্মুখত বা পিছপিনে যিখিনি মাটি এনেই পৰি থাকে সেইখিনি ঠাইত খেতি কৰিলেই একোটা পৰিয়াল চলিব পাৰি।” তেওঁ আৰু কয়, “এতিয়া বানপানীৰ বাবে পাচলিৰ দাম বাঢ়িছে। চাহিদা অনুসৰি পাচলিৰ উৎপাদন কম বাবে দাম বাঢ়িছে। পিয়াজ যেতিয়া আমাৰ উৎপাদন নহয় নাচিকৰ পৰা অনা পিয়াজৰ দাম বাঢ়িবই। আনহাতে সৰিয়হ বাহিৰৰ পৰা আহে কাৰণে আমি মিঠাতেল দাম দি কিনিব লাগে৷” অসমীয়া লৰাই সৰিয়হৰ খেতি কৰিলে তেলৰ দাম কমিব বুলি তাৎপয্যপূৰ্ণ মন্তব্য কৰি মন্ত্ৰী দাসে সম্প্ৰতি বিজেপিত নতুন পুৰণি কাৰ্যকৰ্তা সন্দৰ্ভত সংবাদ মাধ্যম গৰম হৈ থকা বিষয়ত কয় যে ‘ন পুৰনি বিজেপি’ শব্দ প্ৰকৃততে কংগ্ৰেছৰহে সৃষ্টি। কংগ্ৰেছত ন কংগ্ৰেছী আছে নেকি বুলি প্ৰশ্ন কৰি কয়, “ভাৰতীয় জনতা পাৰ্টীত ‘ন বিজেপি’ বুলি একো শব্দ নাই। সৰ্বানন্দ সোনোৱাল, হিমন্ত বিশ্ব শৰ্মা মোতকৈ পিছত আহিছে, তেওঁলোকক ন বিজেপি বুলি কম নেকি? বিজেপিত যোগদান কৰাৰ পিছত এগৰাকী লোক বিজেপি হৈ পৰে, তাত কোনো ‘ন বিজেপি’ শব্দৰ গুৰুত্ব নাই। আমিতো আমাৰ দলত নতুন কাৰ্যকৰ্তা যোগদান কৰামেই, কাৰণ আমাৰ ৫৬ লাখ কাৰ্যকৰ্তা লাগিব।” আনহাতে সাংবাদিকৰ আন এক প্ৰশ্নৰ উত্তৰত দাসে কয় যে বিখ্যাত মানুহৰ নিৰ্দিষ্ট সমষ্টি নাথাকে। দলে য’তে দিয়ে তাতে নিৰ্বাচন খেলি জয়লাভ কৰে। সমষ্টিৰ বাহিৰ চিনি নোপোৱা মানুহেহে এটা নিৰ্দিষ্ট সমষ্টিকে খামুচি ধৰে আৰু সেইটো সমষ্টি এৰিবলৈ সাহস নকৰে।আমাক দলে য’ত টিকট নিদিলেও কথা নাই বুলি মন্ত্ৰী দাসে অতি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।
প্ৰেৰক কল্যাণ কলিতা