🔴খেতি কৰাৰ স্বভাৱ কমি গৈছে মানে আমি দুৰ্বল হৈ গৈ আছো
🔴পাঠশালাত দেৱদাসী নৃত্যৰ কৰ্মশালাত অংশগ্ৰহণ মন্ত্ৰী ৰঞ্জিত দাসৰ
নিয়মীয়া বাৰ্তা, ১৮ জুলাইঃ “সদৌ অসম ছাত্ৰ সন্থা হৈছে অসমৰ জাতীয় জীৱনৰ এটা গুৰুত্বপূৰ্ণ সংগঠন৷ এই সংগঠনটোৱে ভালক ভাল আৰু বেয়াক বেয়া বুলি কব পাৰে৷ আছু কোনো আন্দোলন কৰা সংগঠন নহয়৷ আছু তেনে সংগঠন নহয় যে অজিত ভূঞাৰ স্বাৰ্থত আন্দোলন কৰিব বা অজিত ভূঞাক সদায় সমৰ্থন কৰি যাব৷ আজি আছুই আমাৰ ভাল কামটোক ভাল বুলি কৈছে বাবে ভূঞাই বেয়া পাইছে৷ আমাৰ খচৰাখন আছুই সমৰ্থন জনাইছে কাৰণে আছু এতিয়া অপৰাধী হ’ল সেইটো হব নালাগে।” এই মন্তব্য মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ৷ আজি পাঠশালাত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত সম্প্ৰতি সংবাদ মাধ্যমত সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত আছুই কৰা মন্তব্য চৰ্চিত হৈ থকা বিষয়ত তথা আজি ভূঞা সম্পৰ্কত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, “মই এতিয়া কাৰোবাক ভালপাও বুলি কলেও অপৰাধ।” আনহাতে কৃষিকাৰ্যৰে স্বাৱলম্বী হোৱা সন্দৰ্ভতো মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বজালীৰ এম এ পঢ়া বহু লৰাই খেতি কৰে৷ কিন্তু অইন ঠাইত শিক্ষিত যুৱকে কমকৈ খেতি কৰে। খেতি কৰাৰ স্বভাৱ কমি গৈছে মানে আমি দুৰ্বল হৈ গৈ আছো বুলি মন্তব্য কৰি ৰাজ্যৰ যোগান মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে কৃষি কাৰ্য কৰিবলে সুবিধা প্ৰদান কৰিছে এই সুবিধাসমূহ আমাৰ খিলঞ্জীয়া কৃষকসকলে লব লাগে৷ তেওঁ কয়, “আমাৰ লোকসকলৰ নামটোহে খিলঞ্জীয়া বা ভূমিপুত্ৰ কিন্তু আমি লাহে লাহে অৰ্থনৈতিক ভাবে দুৰ্বল হৈ গৈ আছো। বহুতে আমাক সমালোচনা কৰি কয় যে হিতাধিকাৰীৰ সৃষ্টি কৰি আমি মানুহক এলেহুৱা কৰিছো৷ কিন্তু এয়া সত্য নহয়৷ কিয়নো সংখ্যালঘুসকলোতো হিতাধিকাৰী, তেওঁলোক কিয় এলেহুৱা হোৱা নাই? নে তেওলোক হিতাধিকাৰী নহয়?” অসমৰ যুবকক আন আন খেতিৰ লগতে প্ৰচুৰ পৰিমাণে সৰিয়হ খেতি কৰি লাভান্বিত হবলৈ আহ্বান জনাই যোগান বিভাগৰ মন্ত্ৰীগৰাকীয়ে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত স্থান লাভ সন্দৰ্ভতো মন্তব্য কৰি কয়, ” মোৰ সমষ্টিৰ লৰাই কিয় NEET নাপাব, কিয় IAS নাপাব, কিয় IPS কিয় নাপাব! মই নিজাকৈ সৰ্বভাৰতীয় পৰীক্ষাত বহিব পৰাকৈ কোচিং চেন্টাৰ কৰিম। আৰু মোৰ সমষ্টিৰ পৰা কমেও দহজনকৈ শিক্ষাৰ্থীয়ে এনেবোৰ পৰীক্ষাত স্থান পাব লাগিব।” আনহাতে বিভিন্ন সময়ত কোনকোনোৱে অসমীয়া ভাষাটো সংখ্যালঘুই জীয়াই ৰাখিছে বুলি কোৱা কথাটো এটা গোকাট মিছা কথা বুলি মন্তব্য কৰি মন্ত্ৰী দাসে কয় যে ধৰ্মীয় সংখ্যালঘুৰ এটা ভাল গুণ আছে যে তেওলোকে য’তেই যায় তাৰেই ভাষাক আদৰি লব পাৰে। আমিহে য’লৈকে গলেও অসমীয়া হৈ থাকো৷ উল্লেখ্য যে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তথা বজালী জিলা প্ৰশাসন আৰু বজালী প্ৰগতি সংঘৰ সহযোগত পাঠশালাৰ আজাদ ভৱন প্ৰাঙ্গণত পাটাছাৰকুছি সমষ্টি ভিত্তিত আয়োজন কৰা এক গ্ৰীষ্মকালীন কৰ্মশালাত অংশগ্ৰহণ কৰাৰ পুৰ্বে সাংবাদিকেৰে হোৱা সাক্ষাৎকাৰত মন্ত্ৰী দাসে উক্ত মন্তব্য কৰে৷ আনহাতে কৰ্মশালাখনত উপস্থিত থাকি তেওঁ কয় যে “দেৱদাসী নৃত্য” এক অতি প্ৰাচীন নৃত্য কলা ৷ পদ্মপুৰাণ আৰু ভৱিষ্য পুৰাণত উল্লেখ পোৱা মতে মন্দিৰত দেৱতাৰ সন্তুষ্টিৰ বাবে এক শ্ৰেণীৰ নৰ্তকী ছোৱালী নিয়োগ কৰা হৈছিল যাক দেৱদাসী নামেৰে জনা গৈছিল ৷ অসমত এই দেৱদাসী নৃত্যৰ প্ৰচলন কেতিয়াৰ পৰা হৈছে তাক সঠিক ভাৱে জনা নাযায় কিন্তু দেৰগাঁৱৰ নেঘেৰিটিং, বিশ্বনাথৰ শিৱ মন্দিৰ আৰু বজালীৰ নিকটৱৰ্তী ডুবি পৰিহৰেশ্বৰ দেৱালয় দেৱদাসী নৃত্যৰ বাবে বিখ্যাত ৷ উল্লেখ্য যে, কালৰ সোঁতত পৰি প্ৰায় লুপ্ত হৈ যোৱা এই প্ৰথা ১৯৫৪ চনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নেতৃত্বত আজন্ম শিল্পী পাঠশালাৰ ৰত্ন তালুকদাৰে অসমৰ দুগৰাকী শেষৰ দেৱদাসী ৰয়া দাস আৰু কৈশল্যা দাসৰ সান্নিধ্যৰে দেৱদাসী নৃত্যৰ (অসমত “নটী”) পৰম্পৰা জীয়াই ৰখাৰ প্ৰথম প্ৰচেষ্টা হাতত লৈছিল৷ এই দেৱদাসী নৃত্যক জীয়াই ৰখাৰ উদ্দেশ্যৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তথা বজালী জিলা প্ৰশাসন আৰু বজালী প্ৰগতি সংঘৰ সহযোগত পাঠশালাৰ আজাদ ভৱন প্ৰাঙ্গণত পাটাছাৰকুছি সমষ্টি ভিত্তিত আয়োজন কৰা গ্ৰীষ্মকালীন কৰ্মশালাৰ জৰিয়তে “দেৱদাসী নৃত্য” ৰ প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷ যোৱা ১৫ জুলাইৰ পৰা ২৪ জুলাই পৰ্যন্ত অনুষ্ঠিতব্য এই কৰ্মশালাস্থলীত উপস্থিত হৈ স্থানীয় বিধায়ক তথা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে অসমৰ এই বিলুপ্তপ্ৰায় প্ৰথাক পুনৰ উজ্জীৱিত কৰাৰ প্ৰয়াসক উষ্ম আদৰণি জনাই প্ৰশিক্ষাৰ্থীসকলক উৎসাহিত কৰে৷
প্ৰেৰক কল্যাণ কলিতা