✅ধুবুৰীত বিজেপিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় উদ্বোধন
✅বজালে লোকসভা নিৰ্বাচনৰ ৰণদুন্দুভি
নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ ধুবুৰী লোকসভা সমষ্টিত হয় বিজেপি জিকিব; বিজেপি যদি হাৰে ডঃ হিমন্ত বিশ্ব শৰ্মা জিকিব। তাৰমানে ইয়াতে যিয়ে জিকিব তেওঁ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মানুহ জিকিব ইয়াতে। বিজেপি জিকিলে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মানুহ। বিজেপি যদি নিজিকে; কোনো অইন দলৰ মানুহ জিকে, সেইগৰাকীও ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মানুহ। এই ভৱিষ্যদ্বাণী মই কৰিছোঁ। আজি ধুবুৰীত এই মন্তব্য কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। আজি ধুবুৰীৰ তেতুলতলাস্থ জিলা কাৰ্যালয়ত দলীয় এক সাংগঠনিক সভাৰ অন্তত স্থানীয় সংবাদ মাধ্যমৰ সন্মুখত এইদৰে কয় মন্ত্ৰী গৰাকীয়ে। আনহাতে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত কংগ্ৰেছক কটাক্ষ কৰি তেওঁ কয়- কংগ্ৰেছে চোন ইয়াত পোষ্টাৰ মাৰি আছে। ইয়াতে কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী, প্ৰাৰ্থীগৰাকীৰ বিৰূদ্ধে পোষ্টাৰিং আৰম্ভ হৈছে। লগতে তেওঁ আৰু কয়, আমাৰ হৈছে মিত্ৰজোঁটৰ প্ৰাৰ্থীক জিকাব লাগে বুলি পোষ্টাৰিং বা কাৰ্যালয় উন্মোচন। আৰু আজিৰ সময়ত দেখিছোঁ যে কংগ্ৰেছৰ যিগৰাকীৰ প্ৰাৰ্থীৰূপে নাম ওলাইছে সেই গৰাকীৰ বিৰূদ্ধে ইয়াত পোষ্টাৰিং আৰম্ভ হৈছে। সাংবাদিকৰ আন এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ ঐশ্বৰিক শক্তি থকা বুলি মন্তব্য কৰি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কয়, মই যিটো দেখিছোঁ- ভাষণ দিয়াৰ ক্ষেত্ৰতে হোক বা কাম কৰাৰ ক্ষেত্ৰতেই হোক। আনহাতে আছুৰ প্ৰাক্তন সাংগঠনিক সভাপতি তথা সম্প্ৰতি বিজেপিত যোগদান কৰা দীপাংকৰ নাথক ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰাৰ সম্ভাবনাক লৈ কৰা সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী দাসৰ তাৎপৰ্য্যপূৰ্ণ মন্তব্য, তেনেকুৱা কোনো কথা নাই। কোনো চৰ্তত তেওঁ যোগদান কৰা নাছিলে। ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা সৰ্বানন্দ সোণোৱাল কোনো চৰ্তত যোগদান কৰা নাছিলে। আজিৰ এই সংবাদ মেলখনত আগন্তুক প্ৰায় ৩০/৪০ দিনলৈ অনুষ্ঠিত হ’বলগীয়া বিভিন্ন সাংগঠনিক কাম-কাজৰ ওপৰতো আলোকপাত কৰে। উল্লেখ্য যে আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণদুন্দিভি বজাই আজি ধুবুৰী চহৰৰ ২নং ৱাৰ্ডত বিজেপিৰ ধুবুৰী লোকসভা সমষ্টিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় আনুষ্ঠানিকভাবে মুকলি কৰে ধুবুৰী আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ ক্লাষ্টাৰ ইনচার্জৰ দায়িত্বত থকা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। আজিৰ এই কাৰ্যসূচীত অবিচি মৰ্চাৰ ৰাজ্যিক সভাপতি অশ্বিনী ৰায় সৰকাৰ, বিজেপিৰ ধুবুৰী জিলাৰ সভাপতি প্ৰসেনজিৎ দত্ত, সাধাৰণ সম্পাদক দ্বয় নিৰ্ম্যাল্য পাল আৰু উত্তম কুমাৰ প্ৰসাদ, দলটোৰ জ্যেষ্ঠ নেতা বিমল কুমাৰ ওচৱাল, ডাঃ দেৱময় সান্যাল, দীপক কুমাৰ সাহা প্ৰমুখ্যে বিজেপিৰ ধুবুৰী জিলাৰ উপৰিও বিলাসীপাৰা, দক্ষিণ শালমাৰা-মানকাচৰ, গোৱালপাৰাৰ বহু দলীয় কাৰ্যকৰ্তা উপস্থিত আছিল।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী