নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীৰ পথাৰত কাতি বিহুৰ বন্তি জ্বলালে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে

🔹 ধান চপোৱাৰ পিছতে উৰ্বৰ কৃষিভূমিত সৰিয়হ খেতি কৰিবলৈ আহ্বান কৃষকক

নিয়মীয়া বাৰ্তা,  ১৭ অক্টোবৰ : আজি অসমীয়া জাতিৰ বাপতিসাহোন কাতি বিহু৷ পথাৰৰ শইচমুঠিৰ পূৰ্ণতাপ্রাপ্তিৰ কামনাৰে সমগ্র অসমবাসীয়ে আজি পালন কৰিছে কাতি বিহু। কৃষিজীৱী অসমীয়াৰ বুকুৰ আপোন খেতিপথাৰ শস্য-শ্যামলা হোৱাৰ কামনাৰে বিহুটিক পাতিবলৈ আজি পৰম্পৰা অনুসৰি প্ৰতিঘৰ অসমীয়াৰ আগচোতালত পবিত্ৰ তুলসী গছৰ তলত আৰু খেতিপথাৰত কৃষকে চাকি-বন্তি জ্বলাই সেৱা আগবঢ়াই শস্য নদন-বদন হোৱাৰ কামনা কৰে৷ ৰাজ্যৰ কেবিনেট মন্ত্ৰী তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসেও কৃষিপথাৰ শস্য শ্যামলা হৈ কৃষকৰ মংগল কামনা আৰু শইচৰ শ্ৰীবৃদ্ধি কামনাৰে বজালী জিলাৰ ৰায়পুৰৰ পথাৰত বন্তি জ্বলায়। পথাৰত চাকি জ্বলাই মন্ত্ৰী দাসে কয়- “যিহেতু অসমৰ অৰ্থনীতিৰ মেৰুদণ্ড হৈছে কৃষি আৰু কৃষক, সেয়েহে প্ৰতিগৰাকী কৃষিজীৱী অসমীয়াৰ লগতে ময়ো আজি বজালীৰ ৰায়পুৰৰ গঞা ৰাইজৰ সহায়-সহযোগত কৃষিপথাৰত চাকি-বন্তি জ্বলাই কৃষক আৰু কৃষিৰ কুশল মংগল কামনা কৰি বজালীৰ লগতে সমগ্ৰ অসমবাসীৰ বাবে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ৷” তেওঁ কয় যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেবিনেটে ইতিমধ্যে সৰিয়হ খেতিৰ বাবে ২০২৫ চনৰ পৰা প্ৰতি কুইন্টলত ৫৬৫০ টকাৰ পৰা ৩০০ টকা বৃদ্ধি কৰি ৫৯৫০ টকাত কৃষকসকলৰ পৰা ভাৰত চৰকাৰে সৰিয়হ ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ সেয়েহে ধান চপোৱাৰ পিছত যিহেতু আমাৰ উৰ্বৰ কৃষিভূমি খালী হৈ ৰয়, এনে প্ৰেক্ষাপটত সেইখিনি সময়ত একেডৰা মাটিত অসমৰ কৃষকসকলক সৰিয়হ খেতি কৰিবলৈ আজি কাতি বিহুৰ ক্ষণত মন্ত্ৰী দাসে আহ্বান জনায়৷

প্ৰেৰক কল্যাণ কলিতা

You might also like