নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৱল নেতৃত্ব, স্বচ্চ আৰু নিকা প্ৰশাসন যন্ত্ৰৰ প্ৰয়োগৰ ফলস্বৰূপে সম্পূৰ্ণ মেধাৰ ভিত্তিত অসম চৰকাৰে ১ লাখ নিযুক্তিৰ সীমা অতিক্ৰম কৰাৰ দিশে অগ্ৰশৰ হৈছে। তাৰেই ফলস্বৰূপে আজি দিশপুৰস্থিত পি.ডব্লিউ.ডি কনভেঞ্চন চেণ্টাৰত অনুষ্ঠিত এক অনুষ্ঠানত ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ সঞ্চালকালয়ৰ অধীনত ২৭৩গৰাকী সহকাৰী অধ্যাপকক শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ দ্বাৰা আনুষ্ঠানিক ভাৱে নিযুক্তিপত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে যে নিযুক্তিপ্ৰাপ্ত প্ৰতিগৰাকী প্ৰাৰ্থিক ভাৰতবৰ্ষৰ অমৃত কালৰ অমৃত সন্তান বুলি গণ্য কৰে। তেওঁ কয় যে আমাৰ বিভাগে প্ৰতিগৰাকী প্ৰাৰ্থীৰ ওপৰত বহুত আস্থা আৰু গধুৰ দায়িত্ব ন্যস্ত কৰিছে। নতুন শিক্ষানীতি বলবৎ হেৱাৰ লগে লগে আমাৰ প্ৰধানকৈ উচ্চ শিক্ষা বিভাগত এক নতুনত্বৰ ৰেঙনি আহি পৰিছে। এতিয়া শিক্ষা কেৱল চাকৰি বা প্ৰমাণ-পত্ৰ পোৱাৰ এক মাধ্যম নহয়। উচ্চ শিক্ষা বিভাগৰ দ্বাৰা প্ৰতিগৰাকী শিক্ষাৰ্থীক তেওঁলোকৰ জীৱনত নিয়োগযোগ্য কৰি তোলাৰ বাবে প্ৰতিগৰাকী অধ্যাপক/অধ্যাপিকাই প্ৰচেষ্টা গ্ৰহণ কৰিব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ আৰু কয় যে ইয়াৰ বাবে তেওঁলোক ডিপাৰ্টমেণ্টেলিজীমৰ গণ্ডিৰ পৰা বাহিৰত আহি বহুমুখী শিক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰিব লাগিব। তেওঁ আৰু কয় যে অসমৰ শিক্ষা বিভাগে লোৱা বিভিন্ন পদক্ষেপে আন আন ৰাজ্যৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। মন্ত্ৰীগৰাকীয়ে যোৰ দি কয় যে আমি পুৰস্কাৰ পাৱলৈ কাম কৰা নাই, বৰঞ্চ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ সৰ্বাঙ্গীন বিকাশেৰে শিক্ষা বিভাগটোক টনকিয়াল কৰি ভাৰতৰ ভিতৰত শ্ৰেষ্ঠ প্ৰথম পাঁচখন ৰাজ্যত অসমক অন্তৰ্ভূক্ত কৰিবলৈ দূৰদৰ্শী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি কাম কৰি আছো। ইয়াৰ অৰ্থ এয়ে যে বৰ্তমান সময়ত আনক অনুসৰন কৰাতকৈ আমি নেতৃত্ব দিয়াৰ দৰকাৰ। তেওঁ প্ৰতিগৰাকী নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থিক দায়িত্বসহকাৰে নিজৰ কৰ্তব্যত আত্মনিয়োগ কৰি সমাজ আৰু দেশৰ উন্নতিৰ হকে কাম কৰিবলৈ আহ্বান জনায়। আজিৰ এই অনুষ্ঠানত উচ্চ শিক্ষা বিভাগৰ আয়ুক্ত সচিব বনশ্ৰী নাথ, সচিব নাৰায়ণ কোৱৰ, উচ্চ শিক্ষা বিভাগৰ সঞ্চালিকা পমি বৰুৱা লগতে নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থিসমূহৰ অভিভাৱক সকল উপস্থিত থাকে।