নিয়মীয়া বাৰ্তা, ১৪ জুলাই : কানামাক্ৰা নৈৰ বাঢ়নী পানীয়ে বিজনী মহকুমাৰ সুভাইঝাৰ অঞ্চলৰ কেইবাখনো গাঁও প্লাৱিত কৰাৰ পিছত আশ্ৰয় শিবিৰত অৱস্থান লোৱা বন্যাৰ্তৰ অভাৱ-অভিযোগ আৰু বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে সুভাইঝাৰৰ ৩৬০ নং শ্যামথাইবাৰী প্ৰাথমিক বিদ্যাযলয় আৰু শ্যামথাইবাৰী পথৰ ওপৰত থকা অস্থায়ী বান শিবিৰ পৰিদৰ্শন কৰে মন্ত্ৰী ইউ জি ব্ৰহ্মই। আশ্ৰয় শিবিৰসমূহত পৰ্যাপ্ত খাদ্য সামগ্ৰী যোগান ধৰা হৈছে বুলি উল্লেখ কৰি এইবেলি ভূটানৰ পানীয়ে জিলাখনৰ ভিতৰত বিজনী মহকুমাত বিশেষ ক্ষতি কৰাৰ কথা উল্লেখ কৰে। নামি অহা পানীখিনি ভূটানৰ, গতিকে ভূটান চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত আলোচনাৰ প্ৰয়োজন আছে। ভূটানৰ পৰা নামি অহা নদীসমূহ খৰস্ৰোতা, বান্ধ থাকিলেও কৰবাত নহয় কৰবাত সমস্যাৰ সৃষ্টি কৰে। চিৰাঙত বহুতো বান্ধৰ আঁচনি লোৱা হৈছে। বান্ধ নিৰ্মাণৰ ক্ষেত্ৰত অসম চৰকাৰ প্ৰতিজ্ঞাবদ্ধ বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে মন্ত্ৰী ইউ জি ব্ৰহ্মই। মন্ত্ৰী ব্ৰহ্মই কুৰিশ্বু বান্ধ সম্পৰ্কতো মন্তব্য কৰে। কুৰিশ্বু বান্ধ বহু পুৰণি, সাম্প্ৰতিক সময়ত জলবায়ুৰ সৈতে খাপ খুৱাব পৰা অৱস্থাত আছে নে নাই, দুয়োখন চৰকাৰৰ মাজত পৰ্যালোচনাৰ প্ৰয়োজন আছে।
প্ৰেৰক বৰ্ণালী তালুকদাৰ