নিয়মীয়া বাৰ্তা, ২৮ এপ্ৰিলঃ ৰাজ্যত শেহতীয়াভাৱে অচিন ৰোগত প্ৰায় ২,২২৬ টা গাহৰিৰ মৃত্যুৰ পাচতেই সেই নিৰ্দিষ্ট জিলা কেইখনত বন্ধ কৰা হৈছিল গাহৰিৰ কিনা-বেচা । মঙলবাৰে ৰাজ্যৰ কৃষি তথা পশুপালন মন্ত্ৰী অতুল বৰাই এই সন্দৰ্ভত সংবাদমাধ্যমক সম্বোধন কৰি সকলোবোৰ গাহৰিৰ নমুনা পৰীক্ষাৰ বাবে ভূপাললৈ পঠোৱা বুলি উল্লেখ কৰে ।
মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এক নিৰ্দিষ্ট উষ্ণতাত প্ৰস্তুত কৰি খোৱা এই মাংসৰ পৰা মানুহৰ শৰীৰলৈ ৰোগ নিবিয়পে বুলি উল্লেখ কৰে । সিজাই (BOIL)লৈ এই মাংস পৰিৱেশন কৰিলে ইয়াৰ পৰা কোনো অপকাৰ নহয় বুলিও মন্ত্ৰীগৰাকীয়ে কয় ।
উল্লেখ্য যে, গাহৰিৰ শৰীৰত প্ৰৱেশ কৰা এই অচিন ৰোগৰ মূল কাৰণ চীন বুলিও কয় অতুল বৰাই । চীনত প্ৰথমতে গাহৰিৰ শৰীৰত এই ৰোগ হয় আৰু তাৰ পিছত অৰুণাচলত ই প্ৰৱেশ কৰে । অৰুণাচলত মৃত গাহৰিবোৰ নদীত উটুৱাই দিয়াৰ পাচতেই জোনাইত প্ৰথমতে ধৰা পৰে গাহৰিৰ শৰীৰত এই ৰোগ । অসমৰ ছখন জিলাত ইতিমধ্যে ২,২২৬ টাকৈ গাহৰিৰ মৃত্যু হয় এই ৰোগত ।