নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ মন্ত্ৰী বিমল বৰাৰ মাতৃ ঘনকান্তি বৰা বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ আজি ৭৭ বছৰ বয়সত টিংখাঙৰ ৰাজগড় সমীপৰ কেছেৰুগুৰীস্থিত নিজ বাসভৱনত বৈকুণ্ঠগামী হয়। এগৰাকী সৰবৰহী, পৰহিতৈষী, ধৰ্মপ্ৰাণ মাতৃৰ বিয়োগত সমগ্ৰ টিংখাঙতে গভীৰ শোকৰ ছাঁ পৰিছে। দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱা মহিলাগৰাকীৰ স্বাস্থ্য কিছু উন্নত হৈছিল যদিও পুনৰ যোৱা এমাহমানৰ পূৰ্বৰ পৰা শাৰীৰিক অসুস্থতাত শয্যাশায়ী হৈ আছিল। মন্ত্ৰী বিমল বড়াৰ মাতৃৰ বিয়োগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জনোৱাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্ৰীবৰ্গৰ উপৰি বিধায়কসকল, ভাৰতীয় জনতা পাৰ্টীৰ টিংখাং মণ্ডল সমিতি, ডিব্ৰুগড় জিলা সমিতি, বিজেপি ৰাজ্যিক সমিতি, মণ্ডল সমিতি, যুৱ মৰ্চা, মহিলা মৰ্চা আদিয়ে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰিছে। আনহাতে সৰবৰাহী মহিলাগৰাকীৰ মৃত্যুত প্ৰাক্তন মন্ত্ৰী এতোৱা মুণ্ডা, প্ৰাক্তন বিধায়ক অনুপ ফুকন, অসম পেট্ৰকেমিকেলচৰ অধ্যক্ষ বিকুল ডেকা, টিংখাং সমষ্টি সাংবাদিক সন্থা, ৰাজগড় উন্নয়ন মঞ্চ, স্বেচ্ছাসেৱী সংগঠন উত্তৰণ, ৰাজগড় মছজিদ কমিতি, যুৰীয়া আইথান পৰিচালনা সমিতি, দলীয় কৰ্মী, পঞ্চায়তৰ লগতে স্থানীয় বিভিন্ন জাতীয় দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠান আদিয়ে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে বিদেহী আত্মাৰ সদগতিৰ কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। মৃত্যুৰ সময়ত তেওঁ দুই পুত্ৰ, বোৱাৰী, জী-জোঁৱাই, নাতি-নাতিনীসহ বহু আত্মীয়ক ইহসংসাৰত এৰি যায়। আনহাতে বৰপুত্ৰ মন্ত্ৰী বিমল বড়া বিশেষ কৰ্মসূত্ৰে দিল্লীত থাকিব লগা হোৱাত মাতৃৰ বিয়োগৰ খবৰ লাভ কৰি ততাতৈয়াকৈ ঘৰৰ অভিমুখে ৰাওনা হৈছে। তেওঁ আহি পোৱাৰ পাছত পুৱতিনিশা নিজ বাসগৃহৰ চৌহদত শেষকৃত্য সম্পন্ন কৰা হব বুলি জানিব পৰা গৈছে।
প্ৰেৰক কৃষ্ণ গগৈ