নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন দিল্লী এপল’ চিকিৎসালয়ত চিকিৎসাধীন মন্ত্ৰীপত্নী অলি মহন

নিশাই এয়াৰ এম্বুলেন্সৰ জৰিয়তে ডিব্ৰুগড়ৰ পৰা প্ৰেৰণ, মগজুৰ জটিল অস্ত্ৰোপ্ৰচাৰ সম্পন্ন

বিশেষ বাৰ্তা, ১৬ মেঃ মন্ত্ৰী যোগেন মহনৰ সহধৰ্মিনী তথা সমাজসেৱিকা অলি মহন যোৱা কিছুদিন ধৰি উচ্চ ৰক্তচাপ ৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড়স্থিত এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ মাজতে কালি স্বাস্থ্য অধিক অৱনতি ঘটাত নিশাই এয়াৰ এম্বুলেন্সৰ জৰিয়তে নতুন দিল্লী এপল’ চিকিৎসালয়ত ভৰ্তি কৰা হয় ।

প্ৰচুৰ ৰক্তক্ষণ হোৱা মন্ত্ৰী পত্নী অলি মহনক আজি অভিজ্ঞ চিকিৎসকৰ দ্বাৰা মগজুৰ এক জটিল অস্ত্ৰোপ্ৰচাৰ কৰা হয় বুলি জানিব পৰা গৈছে। সম্প্ৰতি তেওঁ বিপদমুক্ত বুলি চিকিৎসকে অৱগত কৰিছে যদিও কিমান দিন চিকিৎসালয়ত ভৰ্তি হৈ থাকিব লাগিব সেয়া জানিব পৰা হোৱা নাই । উল্লেখ্য যে, যোৱা কিছুদিনৰে পৰা উচ্চ ৰক্তচাপ ৰোগত আক্ৰান্ত হৈ অলি মহন মৰাণৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল যদিও কালি হঠাৎ স্বাস্থ্য অৱনিত ঘটাত চিকিৎসকে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে।

ডিব্ৰুগড়ত চিকিৎসকে সুস্থ কৰিবলৈ আপ্ৰাণ চেষ্টা চলাই যদিও অধিক অৱনতি ঘটাত নিশাই এয়াৰ এম্বুলেন্সৰ জৰিয়তে মন্ত্ৰী পত্নী অলি মহনক নতুন দিল্লীলৈ নিয়া হয় আৰু নতুন দিল্লী এপল’ চিকিৎসালয়ত ভৰ্তি কৰা হয়। নতুন দিল্লীত মন্ত্ৰী যোগেন মহনৰ লগতে বহুকেইজন শুভাকাংশীয়ে চিকিৎসালয়ত বাহৰ পাতি আছে।

প্ৰেৰক দীপাংকৰ পাল

You might also like