🔹 দিল্লীত মুখ্যমন্ত্রী ড০ শর্মাৰ ঘোষণা
বিশেষ বার্তা, ৫ ডিচেম্বৰ : অৱশেষত অসম মন্ত্রীসভাৰ সম্প্রসাৰণৰ দিন চূড়ান্ত হ’ল৷ অহা ৭ ডিচেম্বৰত অসম মন্ত্রীসভাৰ বহুচর্চিত সম্প্রসাৰণপর্ব সম্পন্ন হ’ব৷ নতুন দিল্লীত এখন সংবাদ মেলত এই কথা ঘোষণা কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অহা ৭ ডিচেম্বৰৰ দিনৰ ১২ বজাত অসম মন্ত্রীসভাৰ এটা ক্ষুদ্র সম্প্রসাৰণ কৰা হ’ব৷ এই সম্প্রসাৰণত এজন, দুজন নে তিনিজন মন্ত্রী অন্তর্ভুক্ত হ’ব, সেয়া দলৰ কেন্দ্রীয় নেতৃত্বৰ লগত কথা পতাৰ পাছতহে গম পোৱা যাব৷ এই সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মন্ত্রীসভাত বৰাক উপত্যকাৰ পৰা প্রতিনিধি নিশ্চিতভাৱে অন্তর্ভুক্ত হ’ব৷ বর্তমান অসম মন্ত্রীসভাত কোন কোন মন্ত্রী আছে, হ’বলগীয়া মন্ত্রী কোন কোন আছে, মন্ত্রীসভাত কিমানটা মন্ত্রীপদ খালী আছে, সেই বিষয়ে বিস্তৃতভাৱে সকলো কথা দলৰ শীর্ষ নেতৃত্বক লিখিতভাৱে ইতিমধ্যে দাখিল কৰা হৈছে৷ প্রণিধানযোগ্য যে আজি তেওঁ মহাৰাষ্ট্রলৈ যাব৷ মহাৰাষ্ট্রত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু দলৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাক কিছু সময়ৰ বাবে লগ পাব৷ তাতেই তেওঁ মন্ত্রীসভাৰ সম্প্রসাৰণ সম্পর্কত অনুমোদন ল’ব৷ তেওঁলোকে কেইজন মন্ত্রীৰ অন্তর্ভুক্তিৰ অনুমোদন দিয়ে বা বর্তমানৰ মন্ত্রীসভাৰ কিবা পৰিৱর্তন কৰিব বিচাৰে নেকি, সেয়া আজিহে গম পোৱা যাব৷ আজি দলৰ শীর্ষ নেতৃত্বৰ পৰা মন্ত্রীসভাৰ সম্প্রসাৰণ সম্পর্কত অনুমোদন লাভ কৰিলেই এই বিষয়ে ৰাজভৱনক অৱগত কৰা হয়৷ উল্লেখ্য যে অহা ৭ ডিচেম্বৰত হ’বলগীয়া অসম মন্ত্রীসভাৰ সম্প্রসাৰণেই হ’ব বর্তমানৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ দ্বিতীয়টো সম্প্রসাৰণ৷ ইয়াৰ পূর্বে ২০২২ চনত মুখ্যমন্ত্রী ড০ শর্মাই নন্দিতা গার্লোছা আৰু জয়ন্ত মল্ল বৰুৱাক মন্ত্রীসভাত অন্তর্ভুক্ত কৰি প্রথমটো সম্প্রসাৰণ ঘটাইছিল৷ আনহাতে, ৰাজ্যিক বিজেপিৰ বর্তমানৰ সভাপতি ভৱেশ কলিতাই অনাগত দিনতো সভাপতিৰ দায়িত্বতে থকাৰ ইংগিত দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিজেপি দলত একোজন সভাপতিয়ে দুটাকৈ কার্যকাল কার্যনির্বাহ কৰি আহিছে৷ সেইসূত্রে ভৱেশ কলিতাও পুনৰ সভাপতি পদত বাহাল থকাৰেই সম্ভাৱনা আছে৷ অৱশ্যে সংগঠন সম্পর্কীয় এই বিষয়টোক লৈ অহা জানুৱাৰী মাহতহে সকলো স্পষ্ট হৈ পৰিব৷