বিশেষ বাৰ্তা, ৩ জুলাইঃ নিজকে মন্ত্ৰী পীযুষ হাজৰিকা, বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীৰ অতি ঘনিষ্ঠ বুলি প্ৰচাৰ চলাই ৰাজ্য চৰকাৰৰ অধীনস্থ বিভিন্ন বিভাগত চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ নামত একাংশ নিবনুৱা যুৱকৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰা এজন প্ৰৱঞ্চক নগাঁও আৰক্ষীৰ জালত পৰিছে। কালি নিশা অতি কৌশলৰে যোৰাবাটৰ পৰা নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই প্ৰৱঞ্চক জনৰ নাম মিন্টু হাজৰিকা (৩২)। তেওঁৰ ঘৰ জিলাখনৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত পোটনিত। অভিযোগ অনুসৰি, মিন্টু হাজৰিকা নামৰ প্ৰৱঞ্চকজনে নিজকে অসম সচিবালয়ৰ কৰ্মচাৰী আৰু মন্ত্ৰী পীযুষ হাজৰিকা, বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ উপৰিও আন একাংশ মন্ত্ৰী-বিধায়কৰে অতি ঘণিষ্ঠ আৰু তেওঁৰ চাকৰি দিয়াৰ সামৰ্থ আছে বুলি জিলা খনৰ একাংশ নিবনুৱাৰ মাজত প্ৰচাৰ চলাই প্ৰৱঞ্চনাৰ জাল খন পেলায়। তেওঁৰ এই প্ৰৱঞ্চনাৰ জালত অতি সহজেই পৰে বঢ়মপুৰ সমষ্টিৰ ইজনৰ পাছত সিজনকৈ শিক্ষিত নিবনুৱা যুৱক। এওঁলোকৰ ভিতৰত আছিল ননৈ চকৰি গাঁৱৰ হিমাংশু দত্ত,ননৈৰ দীপক দাস, ননৈৰ বশিষ্ঠ কোঁৱৰ আৰু ননৈ কঁচুপিটৰ আব্দুল মান্নান। প্ৰৱঞ্চক মিন্টুৱে দীপক দাসক চৰকাৰী চাকৰি দিয়াৰ নামত তেওঁৰ পৰা দুই লাখ টকা, হিমাংশু দত্তৰ ভ্ৰাতৃক চাকৰি দিয়াৰ নামত ৭০হেজাৰ টকা আৰু বশিষ্ঠ কোঁৱৰৰো পৰা ৭০হেজাৰ টকা লৈছিল ।আনকি তেওঁ লোকৰ পৰা শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰৰ লগতে আন প্ৰয়োজনীয় প্ৰমাণ পত্ৰ(মূল প্ৰমাণপত্ৰ) সমূহো হস্তগত কৰিছিল। শেহতীয়াকৈ তেওঁ হিমাংশু দত্তৰ ভায়েকৰ পৰা পুনৰ ২০হেজাৰ টকা বিচাৰি পৰহি ফোন কৰে। ইতিমধ্যেই যিহেতু মিন্টুৰ প্ৰৱঞ্চনাৰ বিষয়ে যুৱক জনৰ অভিভাৱক জ্ঞাত হৈ পৰিছিল সেয়েহে এইবাৰ প্ৰৱঞ্চক জনক আৰক্ষীৰ সহযোগত জালত পেলোৱাৰ পৰিকল্পনা কৰে। প্ৰৱঞ্চক জনক দহ হেজাৰ টকাহে দিব পাৰিম বুলি হিমাংশু দত্তই প্ৰকাশ কৰাত কালি তেওঁক সেই টকা লৈ যোৰাবাটলৈ মাতি পঠায়। ইপিনে,এই সমস্ত ঘটনাৰ বিষয়ে দত্তই নগাঁও আৰক্ষীক অৱগত কৰে।পাছত কালি নিশা নগাঁও আৰক্ষীৰ পৰিকল্পনা অনুসৰিয়েই তেওঁ আৰক্ষীৰ সৈতে যোৰাবাটলৈ যায়।পাছত তেওঁৰ পৰাআ সেই ধন মিন্টু হাজৰিকাই নিবলৈ আহোতেই পূৰ্বৰে পৰা খাপ পিতি থকা আৰক্ষীয়ে প্ৰৱঞ্চক জনক হাতে লোতে গ্ৰেপ্তাৰ কৰে। সম্প্ৰতি প্ৰৱঞ্চক মিন্টুক নগাঁও আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। আন এক অভিযোগ অনুসৰি,এই জন প্ৰৱঞ্চক মিন্টু হাজৰিকাই কিছুদিন পূৰ্বে ননৈৰ কচুপিটৰ আব্দুল মান্নান নামৰ আন এজন যুৱকক চতুৰ্থ বৰ্গৰ পদত নিযুক্তিৰ নামত ধন লৈ ভুৱা নিযুক্তিপত্ৰ প্ৰদান কৰিছিল।এই সন্দৰ্ভত ভুক্তভোগীয়ে নগাঁও আৰক্ষীক ইতিমধ্যে অভিযোগ দাখিল কৰিছে।
প্ৰেৰক কনক হাজৰিকা