নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ জনজাতিকৰণ আৰু স্বায়ত্বশাসনৰ দাবীত আজি শিৱসাগৰত অনুষ্ঠিত হয় এক বিশাল গণ সমাৱেশ। সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈয়ে সমাৱেশত চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ কয় যে, টাই আহোম জনগোষ্ঠীক চৰকাৰে নিঃশেষ কৰাৰ কূট-কৌশল ৰচনা কৰিছে৷ ৫৫ লাখ আহোম জনগোষ্ঠীয়ে সেয়া কেতিয়াও সহ্য নকৰে৷ আহোমৰ স্বাধিকাৰ আৰু স্বাভিমান অক্ষুণ্ণ থকাৰ লগতে জনগোষ্ঠীটোৰ অস্তিত্ব বিপন্ন নহ’বলৈ জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ দাবীৰে আজি শিৱসাগৰৰ পৰা ৰজাঘৰলৈ এটা বাৰ্তা প্ৰেৰণ কৰে আটাছুৰ সভাপতিগৰাকীয়ে৷ আটাছুৰ আহ্বানত আজি চ’তৰ ৰ’দকো আওকান কৰি অসমৰ বিভিন্ন প্ৰান্তৰৰ পৰা উপস্থিত হোৱা ১৫ সহস্ৰাধিক আহোম জনগোষ্ঠীয় ৰাইজে জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ দাবীত আজি শিৱসাগৰ কঁপাই তুলি আহোম জনগোষ্ঠীক লৈ ৰাজনীতি নকৰিবলৈও তীব্ৰ ক্ষোভেৰে সঁকিয়নি দিলে৷
প্ৰেৰক প্ৰশান্ত বৰগোহাঁই