ডিব্ৰুগড়ত নিৰুদ্দেশ ছাত্ৰী!মেট্ৰিকৰ ৰিজাল্টৰ দিনৰে পৰা সন্ধান নাই সীমাৰ!
বিশেষ বাৰ্তা, ১৪জুনঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা পাছৰে পৰা ডিব্ৰুগড়ৰ এগৰাকী ছাত্ৰী নিৰুদিষ্ট হৈ থকা ঘটনাই ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি কৰিছে!জানিব পৰা মতে ডিব্ৰুগড়ৰ গ্ৰেহেম বজাৰ ছোৱালী উচ্চতৰ মাধ্যামিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱৰ্তীণ হোৱা সীমা খাটুন ওৰফে মাইনা খাটুনে যোৱা ৭জুনত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছৰে পৰা যোৱা এসপ্তাহে নিৰুদ্দেশ হৈ থকা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ডিব্ৰুগড়ত।ডিব্ৰুগড় নালিয়াপুলৰ ৰহমান আলিৰ কন্যা তথা মাতৃহীনা সীমা খাটুনক ইতিমধ্যে আত্মীয় আৰু সমনীয়াই বিছাৰি চলাথ কৰিছে যদিও বৰ্তমানলৈকে কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই ছাত্ৰী সীমাৰ।আনহাতে ডিব্ৰুগড়ৰ গাভৰু পথাৰ আৰক্ষীক গোচৰ দিয়াৰ পাছতো আৰক্ষীয়ে ছাত্ৰী গৰাকীৰ কোনো শুং-সূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই বৰ্তমানলৈ।যোৱা ৭ জুনত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাত অনুতীৰ্ণ হৈছিল ছাত্ৰী গৰাকী।ইয়াৰ পাছৰ পৰাই পিতৃৰ সৈতে অকলশৰে থকা সীমা খাটুন সন্ধানহীন হৈ পৰে।আনহাতে অকলশৰীয়া পিতৃ ৰহমান আলিয়ে একমাত্ৰ কন্যাক বিছাৰি হাবাথুৰি খাইছে যদিও কোনো সন্ধান উলিয়াবলৈ সক্ষম নোহোৱাত শোকত ভাগি পৰিছে।পিতৃগৰাকীয়ে সাংবাদিকৰ আগত কয় যে মই কামত ব্যস্ত হৈ থকাৰ সময়তে বিয়লি তিনি বজাত ছোৱালীজনী ঘৰলৈ নহাৰ খবৰ পাও।লগে লগে ঘৰলৈ আহি বিছাৰ-খোচৰ কৰোঁ।ৰিজাল্টৰ পাছতে এজনী সমনীয়াৰ সৈতে ব্ৰহ্মপুত্ৰৰ দিশে গৈছিল।লগৰীয়াই তাইক বুজাইছিল।কিন্তু অলপ পানী খাই অহাৰ চলৰে তাই হঠাৎ নিৰুদ্দেশ হৈ পৰে বুলি জানিবলৈ দিয়ে পিতৃয়ে।জানিব পৰামতে সীমাই লগত নিজৰ মোবাইল ফোন লৈ নোযোৱাত আৰক্ষীয়েও কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই যদিও তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।কোনো লোকে ছাত্ৰী গৰাকীৰ সন্ধান লাভ কৰিলে স্থানীয় আৰক্ষীক জনাবলৈ কাতৰ অনুৰোধ কৰিছে শোকবিহ্বল পিতৃয়ে।ঘটনাটোৱে স্বাভাৱিকতেই চহৰখনত এক চাঞ্চল্যৰ স্বৃষ্টি কৰিছে।
প্ৰেৰক বিভাস দুৱৰা