অনুন্নয়ন : ভোট বৰ্জনৰ হুংকাৰ ছৈখোৱাৰ মিঠাম খুঁটিপথাৰ গাঁওবাসীৰ
নিয়মীয়া বাৰ্তা, ৭ মাৰ্চ : বিজেপি চৰকাৰৰ অমৃত কালৰ সময়ত শদিয়া সমষ্টিৰ ছৈখোৱা পঞ্চায়তৰ অন্তৰ্গত মিঠাম খুঁটিপথাৰ গাঁওত উন্নয়নৰ এক বিপৰীত ছবি দেখা পোৱা গৈছে। ছৈখোৱা পঞ্চায়তৰ অন্তৰ্গত এই গাঁওখনৰ মূল পথটো অতি জৰাজীৰ্ণ। পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে গাঁওখনৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজে। বাৰিষাৰ সময়ত বোকাৰে পথটো ভৰি পৰে।গাঁওৰ সাধাৰণ ৰাইজ,ছাত্ৰ ছাত্ৰী যথেষ্ট অসুবিধাত পৰে। ৰোগী তথা বিশেষকৈ প্ৰসূতি সকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হয়।বাৰিষা কালত যান বাহন চলাচলতো সমস্যাৰ সৃষ্টি হয়। কেইদিনমান কিনকিনিয়া বৰষুণ দিয়াৰ ফলত এতিয়া খৰালিৰ সময়তো পথটো বোকাময় হৈ পৰিছে।মাজে মাজে পুখুৰী সদৃশ দ গাতৰ সৃষ্টি হৈছে। ৰাইজে জনোৱা অনুসৰি পথটোৰ নিৰ্মাণৰ বাবে বাৰম্বাৰ শদিয়া বিধান সভা সমষ্টিৰ বিধায়ক বলিন চেতিয়াক অৱগত কৰিছিল যদিও জনৈক কুৰ্মী উপাধিৰ এগৰাকী ঠিকাদাৰে প্ৰায় ডেৰ কিলোমিটাৰ পথ কেৱল শিলগুটি দুটামান পেলাই দায়িত্ব সামৰিলে। ইয়াৰ বাদে বিধায়ক গৰাকীয়ে আজিকোপতি কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি ৰাইজে উল্লেখ কৰিছে।অন্যহাতে গাঁও খনৰ মাজত আছে বান্দৰ খাল নামৰ এক খাল,যিটো খাল বছৰৰ সকলো সময়তে পানী ভৰপূৰ হৈ থাকে। এই খালটো পাৰ হৈ মিঠাম খুঁটিপথাৰ, উদয়পুৰ, বিচনিমুখকে ধৰি কেইবাখনো গাঁওৰ ৰাইজে যাতায়ত অব্যাহত ৰাখে।কিন্তু এই খালটোৰ ওপৰত ৰাইজে নিজে নিৰ্মাণ কৰি লোৱা এডাল সাকোঁৰ ওপৰেদি সকলোৱে অহা যোৱা কৰিব লগীয়া হয়। বহু সময়ত কণ কণ ছাত্ৰ ছাত্ৰী বা বয়োজ্যেষ্ঠ লোক সাঁকোৰ ওপৰৰ পৰা পানীত পৰি আঘাতপ্ৰাপ্ত হৈছে বুলিও ৰাইজে জনাইছে।এই ঠাইত এখন পকী দলংৰ প্ৰয়োজনীয়তা নিশ্চয়কৈ আছে আৰু এখন দলঙৰ বাবে গাঁওবাসীয়ে চৰকাৰক আহ্বান জনাইছে। মুঠৰ ওপৰত মিঠাম খুঁটি পথাৰ গাঁওখনত এশ এবুৰি সমস্যা আছে। আগন্তুক লোকসভা নিৰ্বাচন সমাগত সেয়েহে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত গাঁওখনৰ পথটোৰ লগতে দলং এখন চৰকাৰে নির্মাণ কৰি নিদিলে গাঁওবাসীয়ে ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰিছে।।ৰাইজৰ প্ৰাথমিক সমস্যা বোৰেই যদি সমাধান নহয় তেন্তে ৰাইজ ক্ষোভিত হোৱাটো স্বাভাৱিক।বছৰ বছৰ ধৰি পথটোৰ বাবে যমৰ যন্ত্ৰণা ভোগা মিঠাম খুঁটিপথাৰ গাঁও বাসীৰ এই সমস্যা কেতিয়াকৈ সমাধান হ’ব সেয়া এতিয়া এক প্ৰশ্নবোধক হৈ থিয় দিছে।।
প্ৰেৰক ঋতুপৰ্ণ সোণোৱাল