নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘মিঞা মিঞাই তেওঁলোকৰ জাতি নাই’

শ্বেৰমানৰ প্রত্যাহ্বানৰ ভেল্যু নাইঃ ড০ শর্মা

নিয়মীয়া বাৰ্তা ২ নৱেম্বৰঃ মিঞা সংস্কৃতিৰ আগ্রাসনৰ বিৰুদ্ধে একত্রিত হৈ থকাৰ দেওবাৰে আহ্বান জনালে বিত্ত, শিক্ষা, স্বাস্থ্য, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বিশ্বনাথৰ সাঁকোমঠা বাগিচাৰ আদর্শ হাইস্কুলৰ আধাৰশিলা স্থাপন কার্যসূচীত অংশগ্রহণ কৰি মন্ত্রী ড০ শর্মাই মিঞা সংস্কৃতিৰ আগ্রাসী ভূমিকাক কঠোৰ সমালোচনা কৰি কয় যে আমাৰ মাজত কোনোবা আহোম, কোনো কোচ, কোনো কলিতা, কোনোবা চুতীয়া৷ কিন্তু তেওঁলোকৰ জাতি এটাই৷ মিঞা মিঞাই৷ আমাৰ ক্ষুদ্র জাতিৰ সুবিধা লৈ তেওঁলোকে সভ্যতা–সংস্কৃতি ধ্বংস কৰিব খুজিছে৷ কোনো স্থানত কিবা এটা দিলে আন ঠাইত নিদিয়ে বুলি বিভেদ সৃষ্টি কৰা এই চক্রান্তকাৰীৰ বিৰুদ্ধে আমি একগোট হ’ব লাগিব৷ আমাৰ বিভাজিত ৰাজনীতিৰ বাবে মিঞা স্কুল, কবিতা আৰু মিউজিয়াম স্থাপন কৰিবলৈ তৎপৰ হ’ব বুলিও তেওঁ শংকা প্রকাশ কৰে৷ সেয়ে মন্ত্রী ড০ শর্মাই আহ্বান জনাই কয়– ‘নির্বাচন কিম্বা আন ক্ষেত্রতেই হওক, আমি ৬৫ শতাংশ লোক একত্রিত হৈ থাকিব লাগিব৷ অন্যথা মিঞাৰ স্কুল, কবিতা আৰু মিউজিয়াম স্থাপনৰ বাবে সাজু থাকিব লাগিব৷’ ইফালে বাঘবৰৰ বিধায়ক শ্বেৰমান আলীক নির্বাচনৰ পূর্বে জে’লত ভৰাই হিৰ’ নকৰোঁ বুলিও মন্ত্রী ড০ শর্মাই স্পষ্ট কৰি দি কয় যে এতিয়া জে’লত সোমাই মিঞাৰ নেতা হ’ব বিচৰা শ্বেৰমান আলীয়ে কেইটামান বেছি ভোট পোৱাৰ বাবেই প্রত্যাহ্বান জনাইছে৷ ‘শ্বেৰমান–তেৰমানৰ প্রত্যাহ্বানৰ কি ভেল্যু আছে’ বুলি কটাক্ষ কৰি মন্ত্রী ড০ শর্মাই সাংবাদিকৰ আগত কয় যে ২০২১ৰ নির্বাচনৰ পাছত শ্বেৰমান আলীক এশ শতাংশ জে’ললৈ পঠিয়াম আৰু জে’লৰ পৰা ওলাব নোৱাৰাকৈ ভৰাম বুলিও তাৎপর্যপূর্ণ মন্তব্য কৰে৷

You might also like