নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয়!

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ শংকৰদেৱ কলাক্ষেত্ৰৰ ভিতৰত মিঞা সংগ্ৰহালয় স্থাপনৰ প্ৰস্তাৱ কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ। ইতিমধ্যে বিধানসভাৰ স্থায়ী সমিতিত এই প্ৰস্তাৱ গৃহীত কৰা হৈছে।

বিধায়কগৰাকীয়ে কয় যে অসমৰ চৰ-চাপৰিত থকা মিঞাসকলৰ কলা-সংস্কৃতিখিনি কলাক্ষেত্ৰতো নাই আৰু অসমৰ অন্য সংগ্ৰহালয়সমূহতো নাই গতিকে এই লোকসকলৰ সংস্কৃতি ৰক্ষাৰ বাবে এই সংগ্ৰহালয় কৰিব লাগে আৰু কলাক্ষেত্ৰত হ’ব লাগে।

এই সন্দৰ্ভত জাঙুৰ খাই উঠিছে কেইবাজনো বিধায়ক, বিজেপিৰ প্ৰতিক্ৰিয়া। পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে যদি মিঞা মিউজিয়াম লাগে চৰ অঞ্চলত পাতক এই মিউজিয়াম তেওঁলোকে যাতে শংকৰদেৱ কলাক্ষেত্ৰলৈ ঘূৰি নাচায়। ইয়াৰ দ্বাৰা কংগ্ৰেছ আৰু বিজেপিৰ চৰিত্ৰটো প্ৰকাশ পাইছে।

আনহাতে জয়ন্তমল্ল বৰুৱাই কয় যে মিঞা মিউজিয়াম লাগে বুলি কোৱাটো অসমীয়া জাতিৰ বাবে ভয়াৱহ ইংগিত।

You might also like