নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগীৰোডৰ পূজামণ্ডপত অভিনেত্ৰী আইমী বৰুৱা; বিতৰণ কৰিলে ৩০ হাজাৰ মাস্ক

নিয়মীয়া বাৰ্তা, ২৫ অক্টোবৰঃ কোভিডসৃষ্ট পৰিৱেশ আৰু প্ৰতিকুল বতৰৰ মাজতে দেশবাসীয়ে উদযাপন কৰিছে দুৰ্গতিনাশিনী দশভূজা দেৱী দুৰ্গাৰ পূজা ৷ ক’ৰোণা পৰিস্থিতিৰ বাবে ম্লাণ পৰা পূজাৰ পৰিৱেশ অধিক সেমেকা কৰিলে বৰষুণে। বৃহস্পতিবাৰৰ পৰা অসমৰ প্ৰান্তে প্ৰান্তে নেৰানেপেৰা বৰষুণৰ ফলত ম্লান পৰিল সকলো। ক’ৰোণা পৰিস্থিতিৰ বাবে এইবাৰ পূজা মণ্ডপসমূহত নাই ভক্তৰ ভিৰ, আড়ম্বপূর্ণ জাক জমকতাবিহীন ভাৱে চৰকাৰী নীতি নিয়ম পালন কৰি অষ্টমীৰ দিনা একাংশ ভক্তপ্ৰান ৰাইজ ঠাইয়ে ঠাইয়ে ওলাই অহা পৰিলক্ষিত হয়।

ইপিনে শনিবাৰৰ দিনটোত জাগীৰোডৰ বিভিন্ন পূজা মণ্ডপত দেখা গ’ল জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাক। প্ৰতিবাৰৰ দৰে এইবাৰো অভিনেত্ৰী গৰাকীয়ে জাগীৰোড সমষ্টিৰ বিভিন্ন পূজা মণ্ডপ পৰিদৰ্শন কৰি দেৱীৰ আশীষ লোৱা পৰিলক্ষিত হয়। লগতে মন্ত্ৰী পীযুষ হাজৰিকা আৰু অভিনেত্ৰীগৰাকীৰ পৰিয়ালৰ তৰফৰ পৰা এইবেলি ৩০ হাজাৰ মাস্ক বিতৰণ কৰে জাগীৰোড সমষ্টিৰ বিভিন্ন পূজা মণ্ডপত। পূজাৰ সময়ত সকলোৱে যাতে কোভিড প্ৰট’কল মানি চলে তাৰ বাবেও আহ্বান জনায় অভিনেত্ৰী আইমী বৰুৱাই।

You might also like