নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ ভূমিত পথ নির্মাণ মিজো দুষ্কৃতিকাৰীৰ

নিয়মীয়া বাৰ্তা, ১৩ জুলাইঃ অসম–মিজোৰামৰ ভৌগোলিক সীমা সুৰক্ষিত ৰখা আৰু অসমৰ এক ইঞ্চিও ভূমি দিয়া নহ’ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰাৰ সময়তে অসমৰ ভূমি বেদখল কৰি মিজোৰামে পথ নির্মাণকার্য অব্যাহত ৰাখিছে৷ অসম আৰক্ষীয়ে বাধা দিয়া সত্ত্বেও অসমৰ বৰাক উপত্যকাৰ ছয় কিলোমিটাৰ এলেকা বেদখল কৰি মিজোৰামৰ চৰকাৰে কেম্প স্থাপন কৰি পথ নির্মাণকার্য অব্যাহত ৰাখিছে৷ উক্ত ছয় কিলোমিটাৰ দৈর্ঘ্যৰ এলেকা মিজোৰামৰ বুলি দাবী উত্থাপন কৰি পথ নির্মাণকার্য চলাই আহিছে মিজো বাহিনীয়ে৷

তদুপৰি মিজো দুষ্কৃতিকাৰীয়ে অসমৰ ধলাখাল সিন্ধুয়া ফৰেষ্ট গাঁৱত চেগুন গছ কাটি তামোল গছ ৰোপণ কৰিছে৷ কোনো কাৰণতে উক্ত এলেকা এৰি নিদিয়ে বুলি মিজো আৰক্ষী আৰু দুষৃকতিকাৰীয়ে আনকি সকীয়াই দিছে৷ জানিব পৰা মতে, দখলমুক্ত কৰিবলৈ অসম আৰক্ষীৰ উপস্থিতিত কাছাৰৰ লোকনির্মাণ বিভাগে সীমান্ত এলেকাত এটা পথ নির্মাণ কৰিছে৷ দুদিন আগতে উক্ত পথ নির্মাণকার্য চলি থকাৰ সময়তে মিজো দুষ্কৃতিকাৰীয়ে বাধা প্রদান কৰে আৰু অসমৰ ভূমিত তিনিটা গ্রেনেড নিক্ষেপ কৰি শক্তি প্রদর্শন কৰে৷ এই ঘটনাৰ ফলত যোৱা কেইদিনমানৰ পৰা সীমান্ত এলেকাত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়৷ উল্লেখ্য, অসম সীমান্তৰ ভিতৰত মিজোৰ দখলত থকা অসমৰ ভূমিত মিজো দুষ্কৃতিকাৰীয়ে পথ নির্মাণকার্য কিমান দূৰলৈকে আগবঢ়াই নিব, সেয়া লক্ষণীয় হৈ পৰিছে৷

মিজোৰামৰ দখলত ১,৭৭৭ হেক্টৰ ভূমি

 চুবুৰীয়া ৰাজ্যৰে সীমা বিবাদক লৈ অসমৰ সংঘর্ষই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে পোহৰলৈ আহিছে উদ্বেগজনক তথ্য৷ ৰাজ্যৰ ১,৭৭৭.৫৮ হেক্টৰ ভূমি এতিয়াও বেদখল কৰি আছে মিজোৰামে৷ বিধায়ক ছুজাম উদ্দিন লস্কৰৰ এক প্রশ্ণৰ লিখিত উত্তৰত চৰকাৰে সদৰী কৰা অনুসৰি সম্প্রতি কৰিমগঞ্জৰ ৩৭৭.৫৮ হেক্টৰ, কাছাৰৰ ৪০০ হেক্টৰ আৰু হাইলাকান্দিৰ ১,০০০ হেক্টৰ ভূমি মিজোৰামে দখল কৰি আছে৷ অৱশ্যে এই বেদখল হৈ থকা ভূমি উদ্ধাৰৰ বাবে চৰকাৰে বিভিন্ন ব্যৱস্থা গ্রহণ কৰিছে বুলি উত্তৰত উল্লেখ কৰিছে৷

সেই অনুসৰি অসম–মিজো সীমামূৰীয়া অঞ্চলত অসম আৰক্ষীয়ে জিলা আৰু বন বিষয়াৰ সহযোগত নিয়মীয়াভাৱে টহল দিয়াৰ ব্যৱস্থা কৰিছে৷ তদুপৰি অসম–মিজো সীমান্তৰ হাইলাকান্দি–কৰিমগঞ্ জিলাত মুঠ ৯খন সীমা আৰক্ষী চকী (বি অ’ পি) স্থাপন কৰা হৈছে৷ ইয়াৰে ৬খন বি অ’ পি আছে ক্রমে হাইলাকান্দিৰ বৰুণচেৰা, গেণ্ডাচেৰা, ভাইচেৰা, গোল্লাচেৰা, গুটগুটি আৰু ঢ়োলাচেৰাত৷ সমান্তৰালভাৱে কৰিমগঞ্জৰ ৰংপুৰ আৰু বালিপাৰা, কাছাৰৰ ঢ়োলাকুছিত আন তিনিটা বি অ’ পি স্থাপন কৰা হৈছে৷

আনহাতে, মিজোৰামৰ আগ্রাসন প্রতিৰোধ কৰাৰ বাবে কৰিমগঞ্জত দুটা অস্থায়ী শিবিৰ স্থাপন কৰা হৈছে৷ কাছাৰ জিলাতো স্থাপন কৰা হৈছে বি আৰ পি এফৰ দুটা শিবিৰ৷ বিধানসভাৰ মজিয়াত দাখিল কৰা লিখিত উত্তৰ অনুসৰি দুয়োখন ৰাজ্যৰ সীমা বিবাদৰ সমাধানৰ বাবে অনুষ্ঠিত হৈছে কেইবাখনো বৈঠক৷ যোৱা ৯ জুলাইত দুয়োখন ৰাজ্যৰ মুখ্য সচিব পর্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে নতুন দিল্লীত৷ ইফালে, ২০১৬ চনৰ পৰা বর্তমানলৈ অসমৰ ভূমিত চুবুৰীয়া ৰাজ্যৰ লোকে বেদখল অথবা আগ্রাসন কৰাৰ মুঠ ২৯০টা ঘটনা সংঘটিত হৈছে৷

বিৰোধী দলপতি দেৱব্রত শইকীয়াৰ এক প্রশ্ণৰ উত্তৰত গৃহ বিভাগে এই তথ্য প্রদান কৰিছে৷ সেই অনুসৰি অৰুণাচল প্রদেশ, নাগালেণ্ড, মিজোৰাম আৰু মেঘালয়ৰ লোকে অসমৰ ভূমিত আগ্রাসনৰ চেষ্টা চলাইছিল৷ এইক্ষেত্রত সর্বাধিক ৯৯টা ঘটনা সংঘটিত কৰিছে নাগালেণ্ড৷ একেদৰে অৰুণাচল প্রদেশৰ ২৮টা, মিজোৰামৰ ৪২টা আৰু মেঘালয়ে ৪০টা আগ্রাসনৰ ঘটনা সংঘটিত কৰিছে৷ অৱশ্যে এই সময়ছোৱাত মাত্র তিনিজন বেদখলকাৰীকহে গ্রেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে৷ ২৯০টা আগ্রাসনৰ ঘটনা সংঘটিত হ’লেও ১২৭টা গোচৰহে ৰুজু কৰিছে আৰক্ষীয়ে৷ তদুপৰি আন্তঃৰাজ্যিক সীমা বিবাদক লৈ উচ্চতম ন্যায়ালয়ত দুটা গোচৰ বিচাৰাধীন হৈ আছে৷

দেৱব্রত শইকীয়াৰ প্রশ্ণৰ উত্তৰতে সদৰী কৰা অনুসৰি দিচৈ ভেলী সংৰক্ষিত বনাঞ্চল বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰিবলৈ যোৰহাট বন সংমণ্ডলৰ তৰফৰ পৰা বনাঞ্চলখনৰ ভিতৰত বন সুৰক্ষা শিবিৰ স্থাপন কৰা হৈছে৷ যোৱা ৬ জুলাইত মোককচাং জিলাৰ উপায়ুক্তৰ সৈতে যোৰহাট জিলাৰ উপায়ুক্তৰ ভিডিঅ’ কনফাৰেঞ্চ কৰা হৈছে৷

উক্ত অঞ্চলটোত বেদখল প্রতিহত কৰিবলৈ নিয়োজিত সকলো আৰক্ষীলৈ কঠোৰ নির্দেশ দিছে ৰাজ্য চৰকাৰে৷ সীমান্ত অঞ্চলৰ সাধাৰণ ৰাইজে যাতে আইন হাতত তুলি নলয় আৰু উভয় পক্ষৰ আলোচনাৰ জৰিয়তে সৌহার্দ্যপূর্ণ সম্পর্ক বজাই ৰাখে, তাৰ বাবে নাগালেণ্ডৰ মুখ্যমন্ত্রীলৈ পত্র প্রেৰণ কৰে ৰাজ্যৰ মুখ্যমন্ত্রীয়ে৷ অৱশ্যে নজিৰ মহকুমাত পূর্বে অনুমোদিত বি অ’ পি এতিয়াও স্থাপন কৰা হোৱা নাই বুলি উল্লেখ কৰা হৈছে লিখিত উত্তৰত৷

You might also like