নিয়মীয়া বাৰ্তা ৩ নৱেম্বৰঃ কাছাৰ জিলা সংলগ্ন অসম–মিজোৰামৰ সীমা বিবাদে গুৰুতৰ ৰূপ ধাৰণ কৰিছে৷ আগ্রাসী মিজোৰামৰ বিৰুদ্ধে আজি ষষ্ঠ দিনাও ৩০৬নং ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কার্যসূচী অব্যাহত থকাৰ সময়তে পোহৰলৈ আহিছে মিজো দুর্বৃত্তই অসমৰ এজন যুৱকক অপহৰণ কৰি নি নৃশংসভাৱে হত্যা কৰাৰ ঘটনা৷ জানিব পৰা মতে, সীমান্তৱর্তী লায়লাপুৰ এলেকাৰ ফ্রেঞ্চ নগৰৰ বাসিন্দা ইনতাজুল লস্কৰ নামৰ ৪০ বছৰীয়া যুৱকজনে আন দিনাৰ দৰে যোৱা দেওবাৰেও দিনৰ প্রায় ১১.৩০ বজাত খৰি আৰু বাঁহ কাটিবলৈ পাগলাছড়াৰ জংঘললৈ গৈছিল৷ কিন্তু বিয়লিপর্যন্ত লোকজন ঘূৰি নহাত সীমান্তৱর্তী অঞ্চলটোত আতংক সৃষ্টি হয়৷ কিয়নো ইয়াৰ পূর্বে আন তিনিজন লোককো মিজো বাহিনীয়ে আটক কৰি লৈ গৈছিল৷ মৃত ইনতাজুল লস্কৰৰ ভাতৃয়ে সংবাদ মাধ্যমৰ আগত ঘটনা সন্দর্ভত কয়– জংঘললৈ অকল মোৰ ভায়েই যোৱা নাছিল৷ তেওঁৰ লগত আমাৰ গাঁৱৰ আন কেইজনমানো গৈছিল৷ হঠাৎ মিজো দুর্বৃত্তই তেওঁলোকৰ ফালে আগবাঢ়ি অহাত লগৰকেইজনে দৌৰি পলাই সাৰিবলৈ সক্ষম হয় যদিও মোৰ ভাইক অপহৰণ কৰি লৈ যায়৷ সীমান্ত সংলগ্ণ এলেকা হোৱা বাবেই আমাৰ পৰিয়ালৰ সৈতে একাংশ মিজো লোকৰ সু–সম্পর্ক আছে৷ তেওঁলোকৰ সৈতে যোগাযোগ কৰি জানিব পাৰোঁ যে হোৱাটছএপৰ মাধ্যমেৰে এখন ফটো বিভিন্নজনে শ্বেয়াৰ কৰি আছে৷ আমিও সেই ফটোখন সংগ্রহ কৰোঁ৷ ফটোখন চাই নিশ্চিত হওঁ যে সেয়া মোৰ ভাই ইনতাজুল লস্কৰৰ৷ তেওঁক ইতিমধ্যে বর্বৰোচিতভাৱে হত্যা কৰা হৈছিল৷
ইফালে সোমবাৰে স্মাগলিঙৰ অভিযোগত ইনতাজুল লস্কৰক আটক কৰা হৈছিল আৰু আৰক্ষীৰ জিম্মাত থকাৰ সময়তে তেওঁৰ মৃত্যু হোৱা বুলি মিজোৰামৰ কলাশিৱ জিলাৰ আৰক্ষী অধীক্ষকে দক্ষিণ মণ্ডলৰ আৰক্ষী উপ–মহাপৰিদর্শক (ডি আই জি) দিলীপ দে’ক জানিবলৈ দিয়ে৷ এই সন্দর্ভত ডি আই জি দে’ই কয়– অসমৰ এজন লোক কলাশিৱ জিলাত নিহত হোৱা বুলি মোক কলাশিৱৰ আৰক্ষী অধীক্ষকে জনাইছে৷ এয়া অতি দুখজনক ঘটনা৷ এই কার্যৰ দ্বাৰা মানৱ অধিকাৰ উলংঘা কৰা হৈছে৷ কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক বি এল মিনাই ইতিমধ্যে কলাশিৱৰ আৰক্ষী অধীক্ষকলৈ এখন পত্র প্রেৰণ কৰি মৃতদেহটো শ্রদ্ধা সহকাৰে ঘূৰাই দিবলৈ আহ্বান জনাইছে৷ যদি কোনোধৰণৰ অভিযোগ থাকে, সেই বিষয়ত দুয়োপক্ষই মিলি তদন্ত কৰিব৷ কোনো ব্যক্তি দোষী হ’লেও এইদৰে হত্যা কৰাটো কোনোপধ্যেই গ্রহণযোগ্য হ’ব নোৱাৰে৷ সীমান্তত বিৰাজ কৰা সংঘাতৰ মাজতে যিবোৰ অপৰাধমূলক ঘটনা সংঘটিত হৈছে, সকলোবোৰেই মিজোৰামৰ পক্ষৰ পৰা সূচনা হৈছে বুলি তেওঁ গুৰুত্বপূর্ণ মন্তব্য কৰে৷ ডি আই জি দে’ই পুনৰ কয়– আমি কেন্দ্রীয় চৰকাৰৰ কথা মানি প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিলেও মিজোৰামে তেওঁলোকৰ কথা ৰখা নাই৷ আমি আশা কৰিছোঁ এইবাৰ কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা কঠোৰ বার্তা প্রেৰণ কৰা হ’ব৷ বিষয়টো সন্দর্ভত কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক মিনাই কয়– এজন ব্যক্তি নিখোজ হোৱা সন্দর্ভত ধলাই আৰক্ষী থানাত দেওবাৰে এখন এজাহাৰ দাখিল হোৱাৰ পাছত গোচৰ পঞ্জীয়ন হৈছিল৷ পাছত মিজোৰামত অসমৰ এজন ব্যক্তি আটক হোৱা বুলি জানিব পৰা গৈছিল৷ আলোচনাৰ মাধ্যমেৰে আমি তেওঁক ঘূৰাই অনাৰ চেষ্টা কৰিছিলোঁ৷ কিন্তু তাৰ পৰিৱর্তে তেওঁৰ মৃতদেহহে আনিব লাগিব৷ মই ইতিমধ্যে কলাশিৱ জিলাৰ আৰক্ষী অধীক্ষকলৈ এখন পত্র প্রেৰণ কৰিছোঁ৷ উল্লেখ্য যে সীমান্তত অসমৰ দিশে ইতিমধ্যে প্রায় তিনি কিলোমিটাৰ এলেকা বেদখল কৰিছে মিজো দুষৃকতিকাৰীয়ে৷ অকল সেয়াই নহয়, মিজো দুর্বৃত্তই সীমান্ত এলেকাত হাতে হাতে অস্ত্র লৈ যুদ্ধসদৃশ পৰিস্থিতিৰো সৃষ্টি কৰিছে৷
কেন্দ্রীয় গৃহমন্ত্রীলৈ জৰুৰী পত্র মুখ্যমন্ত্রীৰ
মিজো দুষৃকতিকাৰীৰ দ্বাৰা অপহূত হৈ মৃত্যুবৰণ কৰা ইনতাজুল লস্কৰৰ বিয়োগত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াবর্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷ মৃতকৰ নিকটাত্মীয়লৈ ৫ লাখ টকাৰ এককালীন সাহায্য আগবঢ়োৱাৰ বাবে মুখ্যমন্ত্রী সোণোৱালে কাছাৰ জিলা উপায়ুক্ত নির্দেশ দিয়ে৷ তদুপৰি অসম–মিজোৰাম সীমান্তত বর্তমানে সংঘটিত হৈ থকা পৰিস্থিতিৰ সবিশেষ জনাই মুখ্যমন্ত্রী সোণোৱালে আজি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহলৈ এখন জৰুৰী পত্র প্রেৰণ কৰিছে৷ মুখ্যমন্ত্রী সোণোৱালে লগতে কাছাৰ জিলাৰ উপায়ুক্তৰ সৈতেও টেলিফোনযোগে বার্তালাপ কৰি শেহতীয়া পৰিস্থিতিৰ বুজ লয়৷ ৰাজ্য চৰকাৰৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালকপ্রধানক ঘটনাস্থলীলৈ শীঘ্রে ৰাওনা হৈ পৰিস্থিতি পর্যবেক্ষণ কৰাৰ বাবেও মুখ্যমন্ত্রী সোণোৱালে আজি নির্দেশ দিয়ে৷