নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কণ্ঠস্বৰ যদি সত্য বুলিও প্রমাণ হয় কিডাল হ’ব

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ মাৰ্চঃ টেলিফোনযোগে ঠিকাদাৰ–ব্যৱসায়ীৰ পৰা হেভী এমাউণ্ট দাবী কৰি তীব্র বিতর্কৰ আৱর্তত সোমাই পৰা সৰভোগ সমষ্টিৰ চিপিআই (এম)ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে ইতিমধ্যে ভাইৰেল হোৱা সেই অডি’ টেপটোৰ কণ্ঠস্বৰ তেওঁৰ নহয় বুলি মন্তব্য কৰি আহিছে৷ নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ কালিৰে পৰা চালে–বেৰে কোবাই অহা বিধায়ক তালুকদাৰে বিষয়টোক লৈ হঠাৎ ওলোটা খৰ মাৰে৷ একপ্রকাৰ সকলোকে অ’পেন চেলেঞ্জ জনাই বিধায়ক তালুকদাৰে কয়– ‘অডিঅ’ টেপটোৰ কণ্ঠস্বৰ যদি তেওঁৰ বুলি সত্য প্রমাণো হয়, কিডাল হ’ব?

বিশ্বকাপৰ যোগ্যতা অর্জনৰ দিশে আর্জেণ্টিনা

ৰাজনৈতিক দলে পইচা তুলিব নোৱাৰে নেকি?’ তেওঁ নিজৰ ফোনেৰে কাৰো সৈতে বার্তালাপত মিলিত হোৱা নাই বুলি উল্লেখ কৰি কয়– মোৰ ফোনেৰে কোনো ফোন হোৱা নাই৷ কাইলৈ বিধানসভাৰ অধ্যক্ষক মোৰ ফোনটো জমা দিম৷ কল ৰেকর্ড পৰীক্ষা কৰি চাওক, মোৰ ফোনৰ পৰা তেনে লোকলৈ ফোন গৈছে নেকি? মই চেলেঞ্জ কৰি কৈছোঁ৷ তেওঁ আৰু কয়– অডিঅ’ টেপটোৰ কণ্ঠস্বৰ মোৰ বুলি প্রমাণ কৰক৷ চৰকাৰে ৫ মিনিট, ১০ মিনিটতে কণ্ঠস্বৰ মোৰ হয় নে নহয় প্রমাণ কৰিব পাৰিব বুলি কৈছে৷

তেওঁ বিচৰা মতে যিকোনো ৰাজ্যত ফ’ৰেনছিক পৰীক্ষা কৰিবলৈ আমি সাজু আছোঃ মুখ্যমন্ত্রী
বিধায়ক মনোৰঞ্জন তালুকদাৰৰ হেভী এমাউণ্ট বিচৰা ভাইৰেল অডিঅ’ সম্পর্কত সদনত বক্তব্য ৰাখিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আজি সংবাদ মাধ্যমৰ আগত এই কথা প্রকাশ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয়– বিষয়টোক লৈ মই বিধানসভাৰ বাহিৰত কোনো মন্তব্য কৰিব বিচৰা নাই৷ কাইলৈ বিধানসভাৰ মজিয়াত মই এই বিষয়ে ক’ম৷ ভাইৰেল হোৱা অডি’টোৰ ভাষ্য প্রকৃততে বিধায়ক তালুকদাৰৰ হয় নে নহয়, নে সেয়া ‘ডীপ ফেক্ট’, এআইৰ জৰিয়তে কৰা হৈছে সেয়া তদন্ত কৰিলেই ওলাই পৰিব৷ ১০–২০ মিনিটৰ ভিতৰতে সেয়া ডীপ ফেক্ট নে এআইৰ জৰিয়তে কৰা হৈছে স্পষ্ট হৈ পৰিব৷ আনহাতে, বিধায়ক তালুকদাৰে ভাইৰেল অডি’টোৰ কণ্ঠস্বৰ তেওঁৰ নহয় আৰু প্রয়োজনত তেওঁ ফৰেনছিকত ভইচ টেষ্টৰ সন্মুখীন হ’বলৈ সাজু আছে বুলি কৰা মন্তব্যৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ফৰেনছিক টেষ্টৰ বাবেও চৰকাৰ সাজু আছে৷ বিধায়ক তালুকদাৰে যি ৰাজ্যতেই ফৰেনছিক টেষ্ট কৰিব বিচাৰে, সেই ৰাজ্যতেই চৰকাৰে ফৰেনছিক টেষ্টৰ ব্যৱস্থা কৰিব৷

You might also like