নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকা ক’ৰোনা পজিটিভ

নিয়মীয়া বাৰ্তা, ২ জুলাইঃ বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা ক’ৰোনা পজিটিভ পোৱাৰ লগে লগে সমষ্টিটোত আতংকময় পৰিৱেশৰ সৃষ্টি হয় ।

ৰাজ্যত লকডাউন আৰম্ভ হোৱাৰে পৰা বিধায়কজনে নিজ সমষ্টিত দিনে নিশাই সাহায্য বিতৰণৰ কামত নিজকে নিয়োজিত ৰাখিছিল । ইপিনে যোৱা ২৬ জুনৰ দিনা ব্ৰহ্মপুত্ৰ পাৰত মাথাউৰিটো পৰিদৰ্শন কৰাৰ লগতে জলসম্পদ বিভাগৰ বিষয় ববীয়াৰে আলোচনাত মিলিত হৈছিল । পাছত সেই দিনাই গুৱাহাটীলৈ ঘুৰি অহাৰ পাছতে বিধায়কজন ভীষণ জ্বৰত আক্ৰান্ত হয় ।

আনহাতে মঙলবাৰে তেওঁৰ স্বাৱ পৰীক্ষা কৰা হয় আৰু বুধবাৰে বিধায়কজনৰ ফলাফল পজিটিভ আহে ।

You might also like