তেজপুৰ বিশ্ববিদ্যালয়ৰ Screening Centre ত অভাৱ অভিযোগ সমূহৰ বিষয়ে বুজ ল’লে পদ্ম হাজৰিকাই
নিয়মীয়া বাৰ্ত, ২৮ মে’: বুধবাৰে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ Regional Health Screening Centre ত স্বাৱ টেষ্ট তথা স্বাস্থ্য পৰীক্ষা লগত জড়িত কিছু বিষয় লৈ এক আলোচনাত মিলিত হয় চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা । এই আলোচনা সভাত স্থানীয় সাংসদ পল্লৱ লোচন দাস ডাঙৰীয়াৰ, জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক আৰু প্ৰশাসনৰ আন আন বিষয়ববীয়া তথা Screening Centre টো কৰ্মী সকল উপস্থিত থাকে।
উল্লেখ্য যে, যোৱা কিছুদিনত দেখা দিয়া সমস্যা সমূহৰ স্থায়ী সমাধানৰ লগতে স্বাৱ টেষ্ট তথা স্বাস্থ্য পৰীক্ষা সংক্ৰান্তীয় বিষয়ত Screening Centre টোত দেখা দিয়া অভাৱ অভিযোগ সমূহৰ বিষয়ে বিস্তৃত ভাৱে আলোচনা কৰি এই সমস্যাৰ সমাধান লগতে centre টোত সকলো কাম নিয়াৰিকৈ সমাপন হোৱাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা হয় ।
এই আলোচনাত বিধায়ক পদ্মই কয়- “স্বাস্থ্য পৰীক্ষা, বিশেষকৈ স্বাৱ টেষ্টৰ লগত জড়িত সকল অদৃশ্য শত্ৰুৰ বিৰুদ্ধে এই যুঁজ খনৰ গুৰি বঠা ধৰা সকলৰ ভিতৰত অন্যতম। তেওঁলোকৰ দ্বাৰা হোৱা পৰীক্ষাৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিয়েই চিকিৎসক সকলে চিকিৎসা তথা আৰক্ষী প্ৰশাসনে আন আন যাৱতীয় পদক্ষেপ গ্ৰহণ কৰাৰ ক্ষেত্ৰত আগবাঢ়ে । আমি বিচাৰোঁ মানৱ সমাজৰ এই সংকট কালত স্বাস্থ্য কৰ্মী সকলৰ নিজ নিজ দায়িত্ব পালনৰ ক্ষেত্ৰত অধিক দায়বদ্ধতা তথা আন্তৰিকতা । এনে সময়ত দায়িত্বত অৱহেলা কৰা সকলৰ বিৰুদ্ধে নিশ্চিত ভাৱে ব্যৱস্থা গ্ৰহণ কৰা হব, সেয়েহে আপোনালোকে আপোনালোকৰ দায়িত্ব নিষ্ঠাৰে পালন কৰক আৰু কোনো সমস্যাৰ সন্মুখীন হলে কৰ্তৃপক্ষক অৱগত কৰক ।”