নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বার্মিজ চুপাৰিঃ সাম্রাজ্য উদ্ধাৰৰ প্রস্তুতি; ছিণ্ডিকেট বাহিনীৰে বিধায়ক–আৰক্ষী বিষয়াৰ বৈঠক

নিয়মীয়া বাৰ্তা, ৬ জুনঃ ছিণ্ডিকেট–ক’লা ব্যৱসায়ক কেন্দ্র কৰি শাসকীয় দলৰ মাজত আৰম্ভ হোৱা সংঘাতে নিতৌ নতুন পাক ল’বলৈ আৰম্ভ কৰিছে৷ কেতিয়াবা যদি নিজ দলৰে নেতাৰ বিৰুদ্ধে বিধায়ক সৰৱ হৈ পৰিছে, পিছ মুহূর্ততে একেগৰাকী বিধায়কক দেখা গৈছে ছিণ্ডিকেটৰ কাণ্ডাৰীৰ সৈতে তাকো দিন দুপৰত গুৱাহাটী মহানগৰীৰ মাজমজিয়াত৷ এই দুর্লভ দৃশ্য বৃহস্পতিবাৰৰ৷

মহানগৰীৰ গাতে লাগি থকা ৰাষ্ট্রীয় ঘাইপথৰ সৰুসজাইৰ গেম ভিলেজ আৰু বশিষ্ঠ চাৰিআলিৰ মাজৰ স্থান৷ আবেলি সময়ৰ কথা৷ এখন বিলাসী এক্স ইউ ভি বাহন ৰাষ্ট্রীয় ঘাইপথৰ কাষত এবাৰ ৰৈছে, এবাৰ কিছুদূৰ আগবাঢ়ি গৈছে৷ গাডীখনৰ পঞ্জীয়ন হাৰিয়ানাৰ৷ এইচ আৰ–২৬ চি এল–৩xx নম্বৰৰ এইখন বিলাসী বাহনৰ ভিতৰত আছে ৰাজ্যৰ এজন কুখ্যাত চুপাৰি মাফিয়া৷ উজনি অসমৰ এইগৰাকী মাফিয়া কিছুদিনৰ আগলৈকে আছিল অত্যন্ত প্রবল প্রতাপী৷ দিছপুৰতো তেওঁৰ অখণ্ড প্রতাপ চলিছিল৷ আৰক্ষী–প্রশাসন জেপৰ মুঠিতে আছিল৷ যাৰ বাবে ম্যানমাৰৰ পৰা ট্ৰাকে ট্ৰাকে বার্মিজ চুপাৰি অবাধে কার্বি আংলঙৰ খটখটীৰ মাজেৰে প্রতিদিনে প্রৱেশ কৰিছিল অসমত৷ মাফিয়াৰ নিজৰ বাসভৱনৰ ভিতৰতে এই অবৈধ চুপাৰি নতুনকৈ পেকিং কৰি প্রেৰণ কৰা হৈছিল দেশৰ বিভিন্ন স্থানলৈ৷ এইজন মাফিয়াৰ কার্যকলাপৰ বাবেই অন্ধকাৰ জগতত অসম পৰিচিত হৈ পৰিছিল অবৈধ বার্মিজ চুপাৰিৰ হাব হিচাপে৷ কিন্তু শেহতীয়াকৈ চুপাৰি ছিণ্ডিকেট বাহিনীৰ মাজৰ সংঘাতৰ পৰিণতিত উজনিৰ কুখ্যাত চুপাৰি ব্যৱসায়ীৰ সাম্রাজ্যত ব্যাপক খহনীয়া সৃষ্টি হয়৷ বহু পুৰণি সতীর্থই বিশ্বাসঘাতকতা কৰে, ঘনিষ্ঠ ৰাজনৈতিক নেতাসকলে সংগ এৰিবলৈ ধৰে৷ আনকি অবৈধ চুপাৰিৰ সাম্রাজ্যত কেন্দ্রীয় চৰকাৰৰ অনুসন্ধানকাৰী সংস্থাৰো তালাচী চলে৷ এনে পৰিস্থিতিত তেওঁৰ চুপাৰি স্মাগলিঙৰ কাৰবাৰ বন্ধ হৈ পৰে৷ কিন্তু কিছুদিনৰ বিৰতিত আকৌ আগৰ দৰেই স্মাগলিং আৰম্ভ কৰিবলৈ মন মেলিছে এইগৰাকী মাফিয়াই৷ সেই উদ্দেশ্যে নতুনকৈ নেটৱর্ক স্থাপনৰ বাবে তেওঁ শেহতীয়াকৈ পদার্পণ কৰে গুৱাহাটীত৷

বৃহস্পতিবাৰে আবেলিৰ ভাগত তেওঁক ৩৭নং ৰাষ্ট্রীয় ঘাইপথত দেখা যায় মহিন্দ্রা কোম্পানীৰ বিলাসী এক্স ইউ ভি–৫০০ বাহনখনত৷ কিন্তু চুপাৰি মাফিয়াজন গাডীৰ ভিতৰত অকলে নাছিল৷ তেওঁৰ লগত আছিল অসম আৰক্ষীৰ এজন উচ্চপদস্থ বিষয়া৷ এইগৰাকী আৰক্ষী বিষয়াৰ লগত চুপাৰি মাফিয়াৰ বহু আগৰে পৰা সনা–পিটিকাৰ খবৰ ভু ৰখা মহলত সর্বজনবিদিত৷ কিন্তু এইবাৰ তেওঁলোকে সন্ধান কৰিছে নতুন ৰাজনৈতিক পৃষ্ঠপোষকতাৰ৷ কাৰণ পুৰণি ঘনিষ্ঠ ৰাজনৈতিক নেতাসকলে ইতিমধ্যে নির্মম বিশ্বাসঘাতকতা কৰিছে৷ পূর্বৰ কথা–বতৰা মতেই ৰাষ্ট্রীয় ঘাইপথৰ নির্দিষ্ট স্থানত এক্স ইউ ভি বাহনখন ৰৈ থাকিল৷ কিছু সময়ৰ পিছত একে স্থানত উপস্থিত হ’ল আন এখন বগা ৰঙৰ ছেডান গাডী৷ গাডীৰ পৰা নামি আহিল এজন বিধায়ক৷ নিজৰ বাহনৰ পৰা নামি বিধায়কো এক্স ইউ ভিৰ ভিতৰত সোমাল৷ দীঘলীয়া সময় পথৰ ওপৰত গাডীৰ ভিতৰত আলোচনা চলাৰ পিছত সেই স্থানৰ পৰা গাডী দুখন আঁতৰি যায়৷ কিন্তু মহানগৰীত এইদৰে দিনৰ পোহৰত মাফিয়া, নেতা আৰু আৰক্ষী বিষয়াৰ বৈঠকৰ খবৰে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

জানিব পৰা মতে, উজনিৰ চুপাৰি মাফিয়াজনে নিজৰ ব্যৱসায় পুনৰ উদ্ধাৰৰ বাবে জোৰদাৰ প্রস্তুতি চলাই আছে৷ বিভিন্ন কাৰণত কার্বি আংলঙৰ মাজেৰে নুমলীগড হৈ চুপাৰিভর্তি ড্রাক সৰবৰাহ কৰাটো সম্ভৱ হৈ উঠা নাই৷ সেইবাবেই ছিণ্ডিকেট বাহিনীয়ে এইবাৰ সুকীয়া পথৰ সন্ধান কৰিব বিচাৰিছে৷ খটখটীৰ পৰা বোকাজান হৈ মাঞ্জাৰ মাজেৰে ডবকালৈ অহা এই পথছোৱা চুপাৰি চালানৰ বাবে নতুনকৈ বাছি লৈছে ছিণ্ডিকেট বাহিনীয়ে৷ যাৰ বাবে তেওঁলোকক প্রয়োজন হৈছে মধ্য অসমৰ প্রভাৱশালী বিধায়কজনৰ ৷

ইতিমধ্যে ছিণ্ডিকেটৰাজৰ বিৰুদ্ধে মুকলি হুংকাৰ দি চর্চিত হৈ পৰা বিধায়কজনৰ হাতলৈ অতিৰিক্ত কিছু ক্ষমতাও আহি পৰিছে৷ সেই ক্ষমতাৰ জৰিয়তেই নিজৰ হেৰুওৱা সাম্রাজ্য পুনৰ উদ্ধাৰৰ বাবে মন মেলিছে উজনিৰ চুপাৰি মাফিয়াজনে৷ এই সম্পর্কীয় পৰিকল্পনা প্রস্তুতৰ বাবেই বৃহস্পতিবাৰৰ বৈঠকখনৰ আয়োজন কৰা হ’ল৷ হোটেল বা অন্যান্য স্থানত বহাৰ বাবে পৰিৱেশ অনুকূল নোহোৱাৰ বাবেই ঘাইপথৰ মাজতেই আলোচনাত মিলিত হয়৷ এই বিশেষ বৈঠকৰ ফলাফল কি হয়, তাৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব৷

You might also like