মনোনয়নত ভুৱা শিক্ষাগত অর্হতা দাখিল কৰিমুদ্দিনৰ : খাৰিজ হ’ব পাৰে বিধায়ক পদ
বিশেষ বাৰ্তা, ২৭ এপ্রিলঃ ২০২১ চনৰ বিধানসভা নির্বাচনত দাখিল কৰা মনোনয়নত ভুৱা শিক্ষাগত অর্হতা সন্নিৱিষ্ট কৰাৰ অভিযোগ উঠা সোণাই সমষ্টিৰ এআইইউডিএফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই উচ্চতম ন্যায়ালয়ৰ মজিয়াত মুখ থেকেচা খালে৷ বিজেপিৰ প্রাক্তন বিধায়ক আমিনুল হক লস্কৰে কৰিমুদ্দিন বৰভূঞাৰ বিৰুদ্ধে ২০২১ চনতে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল এখন আবেদন৷ উক্ত আবেদনৰ শুনানি চলি থকাৰ মাজতে কৰিমুদ্দিন বৰভূঞাই উক্ত আবেদনৰ কোনো ভিত্তি নাই বুলি উল্লেখ কৰাৰ লগতে আবেদনখন গ্রহণযোগ্য নহয় বুলি ন্যায়ালয়ত আন এখন আবেদন দাখিল কৰিছে৷ কৰিমুদ্দিন বৰভূঞাৰ উক্ত আবেদনখন ন্যায়ালয়ে খাৰিজ কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে চলি থকা ইলেকচন পিটিচনৰ শুনানি দ্রুতগতিত আগুৱাই নিয়াৰ বাবে নির্দেশ দিয়ে৷ মন কৰিবলগীয়া যে ২০২১ চনৰ বিধানসভা নির্বাচনৰ সময়ত কৰিমুদ্দিন বৰভূঞাই মনোনয়ন পত্রৰ শপতনামাত শিক্ষাগত অর্হতাৰ কথা উল্লেখ কৰি তেওঁ ২০১৯ চনত মীৰাটৰ চৌধুৰী চৰণ সিং বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী লাভ কৰা বুলি স্পষ্ট কৰিছিল৷ আনহাতে, তেওঁ ১৯৮৭ চনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীর্ণ হোৱা বুলি উল্লেখ কৰিছিল৷ কিন্তু তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে সোণাইৰ প্রাক্তন বিধায়ক আমিনুল হক লস্কৰে কৰিমুদ্দিন বৰভূঞাৰ শিক্ষাগত অর্হতা ভুৱা বুলি ধৰা পেলাইছিল৷ আমিনুল হক লস্কৰৰ আবেদনৰ ভিত্তিত অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে স্পষ্ট কৰিছে যে ১৯৮৭ চনত কৰিমুদ্দিন বৰভূঞাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীর্ণ হৈছিল যদিও তেওঁ উত্তীর্ণ হোৱা নাছিল৷ এই তথ্যৰ আধাৰতে আমিনুল হক লস্কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ইলেকচন পিটিচন দাখিল কৰি কৰিমুদ্দিন বৰভূঞাৰ বিধায়ক পদ খাৰিজৰ বাবে আবেদন জনাইছিল৷ কিন্তু কৰিমুদ্দিনে উক্ত আবেদনৰ কোনো গ্রহণযোগ্যতা নাই বুলি উল্লেখ কৰি সমগ্র বিষয়টো খাৰিজ কৰাৰ বাবে উচ্চ ন্যায়ালয়ত আবেদন জনায়৷ কৰিমুদ্দিন বৰভূঞাৰ এই আবেদনক উচ্চ ন্যায়ালয়ে নাকচ কৰাৰ পিছত তেওঁৰ বিৰুদ্ধে এতিয়াৰে পৰা নিয়মীয়াকৈ ইলেকচন পিটিচনৰ শুনানি গ্রহণ কৰা হ’ব৷ কৰিমুদ্দিন বৰভূঞাই দাখিল কৰা তথ্য ভুৱা বুলি প্রমাণিত হ’লে খাৰিজ হ’ব পাৰে তেওঁৰ বিধায়ক পদ৷