বিধায়ক ৰাজদীপ গোৱালাক কংগ্রেছৰ পৰা ৬ বছৰলৈ বহিষ্কাৰ
প্রাক্তন বিধায়িকা ৰুমী নাথকো দলৰ পৰা আঁতৰালে
নিয়মীয়া বাৰ্তা ১০ অক্টোবৰঃ দলবিৰোধী কার্যকলাপত লিপ্ত থকাৰ অভিযোগত বৰাক উপত্যকাৰ লক্ষীপুৰ সমষ্টিৰ বিধায়ক ৰাজদীপ গোৱালা আৰু বৰখলা সমষ্টিৰ প্রাক্তন বিধায়িকা ডাঃ ৰুমী নাথক ৬ বছৰৰ বাবে বহিষ্কাৰ কৰিছে কংগ্রেছে৷ সর্বভাৰতীয় কংগ্রেছ কমিটীৰ (এ আই চি চি) সাধাৰণ সম্পাদক কে চি বেণুগোপালে সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এক বিবৃতিত উল্লেখ কৰা অনুসৰি দলবিৰোধী কার্যকলাপত লিপ্ত বিধায়ক ৰাজদীপ গোৱালাক ৬ বছৰৰ কাৰণে বহিষ্কাৰৰ প্রস্তাৱত অনুমোদন জনাইছে কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীয়ে৷ প্রদেশ কংগ্রেছৰ এক শীর্ষ সূত্রই দাবী কৰা মতে, বিধায়ক ৰাজদীপ গোৱালাই বিগত কিছু মাহ ধৰি দলীয় কাম–কাজত সম্পূর্ণৰূপে নিষ্ক্রিয় হৈ থকাৰ বিপৰীতে বিজেপিৰে সম্পর্ক ৰক্ষা কৰি আহিছে৷ এনেধৰণৰ দলবিৰোধী কার্যকলাপত লিপ্ত থকাৰ কথা উল্লেখ কৰি বিধায়কজনৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্রহণ কৰিবলৈ প্রদেশ কংগ্রেছৰ তৰফৰ পৰা এ আই চি চিলৈ প্রস্তাৱ প্রেৰণ কৰা হৈছিল৷ প্রদেশ কংগ্রেছৰ এই প্রস্তাৱত কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীয়ে অনুমোদন জনায়৷
ইফালে, একে অভিযোগত প্রদেশ কংগ্রেছে অনুশাসনমূলক ব্যৱস্থা গ্রহণ কৰিছে বৰখলা সমষ্টিৰ প্রাক্তন বিধায়িকা ৰুমী নাথৰ বিৰুদ্ধে৷ প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক (সাংগঠনিক) ৰঞ্জন বৰা স্বাক্ষৰিত এই সম্পর্কীয় নির্দেশনাত উল্লেখ কৰা অনুসৰি কাছাৰ জিলা কংগ্রেছৰ সভাপতিৰ লগতে ছালচাপাৰা আৰু বৰখলা ব্লক কংগ্রেছৰ সভাপতি, বৰখলা সমষ্টিৰ বহু কংগ্রেছ কর্মীয়ে ডাঃ ৰুমী নাথ দলবিৰোধী কার্যকলাপত লিপ্ত থকাৰ অভিযোগ দাখিল কৰিছিল৷ তাৰ ভিত্তিত প্রদেশ কংগ্রেছে যোৱা ২১ আগষ্টত ডাঃ ৰুমী নাথলৈ কাৰণ দর্শোৱাৰ জাননী প্রেৰণ কৰে৷ যোৱা ২৮ আগষ্টত ডাঃ ৰুমী নাথে কাৰণ দর্শোৱাৰ জাননীৰ উত্তৰ দিয়ে যদিও সেয়া সন্তোষজনক নোহোৱাত তেওঁক দলৰ প্রাথমিক সদস্য পদৰ পৰা ৬ বছৰৰ বাবে বহিষ্কাৰত অনুমোদন দিয়ে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই৷