বিধানসভাৰ অধ্যক্ষৰ প্রার্থিত্বক লৈ মন্তব্য সদনত ভুল স্বীকাৰ বিধায়ক ৰূপজ্যোতিৰ
নিয়মীয়া বাৰ্তা ৩১ ডিচেম্বৰঃ মৰিয়নি সমষ্টিৰ কংগ্রেছ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে বিধানসভাৰ অধ্যক্ষ হিতেন্দ্র নাথ গোস্বামীক সমালোচনা কৰিবলৈ গৈ অহা বিধানসভা নির্বাচনত অধ্যক্ষৰ টিকটৰ টনাটনি হৈছে, সেয়ে তেওঁ বিজেপিক তেল মাৰিবলৈ লৈছে জাতীয় অবাঞ্ছিত, অপ্রসাংগিক মন্তব্য কৰি শ’লঠেকত পৰে৷ স্মর্তব্য যে কালি বিধায়ক কুর্মীয়ে সদনৰ কার্যসূচী সুচাৰুৰূপে চলাই নিয়াৰ ক্ষেত্রত বাৰম্বাৰ বাধাৰ সৃষ্টি কৰি অহাত বিধানসভাৰ অধ্যক্ষই তেওঁক মার্শ্বাল লগাই সদনৰ পৰা বাহিৰ কৰি দিয়ে৷ ইয়াৰ পিছতেই বিধায়ক কুর্মীয়ে সংবাদ মাধ্যমৰ আগত অধ্যক্ষগৰাকীক ব্যক্তিগতভাৱে মান হানিকৰ মন্তব্য কৰে৷ আজি সদনৰ প্রশ্ণোত্তৰকাল শেষ হোৱাৰ পিছতেই বিজেপি বিধায়ক পদ্ম হাজৰিকাই পইণ্ট অৱ অর্ডাৰৰ জৰিয়তে বিষয়টো সদনৰ দৃষ্টিগোচৰ কৰি ৰূপজ্যোতি কুর্মীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ জাননী দিয়াৰ পোষকতা কৰে৷ সংসদীয় পৰিক্রমা বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে ৰূপজ্যোতি কর্মীক তেনে অশোভনীয় মন্তব্যৰ বাবে ক্ষমা খোজা উচিত বুলি মন্তব্য কৰি কয় যে অন্যথা তেওঁৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ জাননী দিব লাগে৷ পাটোৱাৰীয়ে লগতে অধ্যক্ষৰ কিটৰ টনাটনি হ’ব নে নহ’ব, সেয়া ৰঞ্জিত দাস, জেপি নাড্ডাইহে জানিব, ৰূপজ্যোতি কুর্মীয়ে সেই কথা কোৱাৰ অধিকাৰ ক’ত পালে বুলিও প্রশ্ণ কৰে৷ অধ্যক্ষ গোস্বামীয়ে ৰূপজ্যোতি কুর্মীক তেওঁ নিজৰ ভাতৃৰ দৰে ভাবে বুলি উল্লেখ কৰি কয় যে কেতিয়াবা ৰূপজ্যোতি সীমাৰ বাহিৰলৈ যায়৷ তেওঁ অধ্যক্ষ হিচাপে নিজৰ দায়িত্ব পালন কৰি আহিছে৷ অধ্যক্ষৰ দায়িত্ব হৈছে বিৰোধীক সমদৃষ্টিৰে চোৱাৰ লগতে চৰকাৰক সুস্থিৰ কৰি ৰখা৷ কালিৰ বক্তব্যৰ প্রসংগত ৰূপজ্যোতি কর্মীক নিজকে নিজে সুধি সিদ্ধান্ত লোৱাৰ আহ্বান জনায়৷ পিছত বিধায়ক কুর্মীয়ে আৱেগিক হৈ খঙতে তেনেদৰে কৈছিল বুলি নিজৰ ভুল স্বীকাৰ কৰাত বিষয়টোৰ অৱসান ঘটে৷