নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদ্যালয়ৰ ভেশচন প্ৰতিযোগিতাত গ্ৰাহকৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী

বিশেষ বাৰ্তা, ২০ ডিচেম্বৰঃ বিদ্যালয় সপ্তাহ উপলক্ষ্যে অনুষ্ঠিত ভেশছন প্ৰতিযোগিতাত আজি গ্ৰাহকৰ ৰূপত দেখা গ’ল মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক। মৰিয়নিৰ দিহিঙীয়াপাৰ ৮নং পকা লাইন প্ৰাথমিক বিদ্যালয়ত এই দৃশ্য দেখা যায়। বিদ্যালয়খনৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহ উপলক্ষ্যে আজি অন্যান্য খেল ধেমালিৰ লগয়ে ছাত্ৰ ছাত্ৰীৰ মাজত ভেশচন প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। প্ৰতিযোগী ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ ভেশছন কৰি সেইমতে নিজকে সজাইছিল। তেনেতে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আহি বিদ্যালয়ৰ প্ৰাংগণত উপস্থিত হয় আৰু ভেশছন প্ৰতিযোগিতা উপভোগ কৰে। বিধায়ক কুৰ্মীয়ে ব্যৱসায়ী ৰূপী প্ৰতিযোগীৰ পৰা কেবাবিধো সামগ্ৰী ক্ৰয় আৰু তাৰ বিনিময়ত টকাও আদায় দিয়ে। তাৰ ফলত স্বাভাৱিকতে প্ৰতিযোগিতাখনো আকৰ্ষণীয় হৈ পৰে। প্ৰতিযোগিতাৰ মাজতে ছাত্ৰ ছাত্ৰীসকলে বিধায়ক ৰূপজ্যোতি কুৰ্মীক এইদৰে পাই আহ্লাদিত হৈ পৰে। বিধায়ক কুৰ্মীয়ে ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰি সামগ্ৰী ক্ৰয় কৰাৰ লগতে ছাত্ৰ ছাত্ৰীসকলক ভাল মানুহ হ’বলৈ পৰামৰ্শ আগবঢ়ায়। তাৰোপৰি, বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে নিজৰ স্কুলীয়া দিনৰ কথা মনত পৰি যোৱা বুলি উল্লেখ কৰি সৰুতে তেওঁ নিজেও এইদৰে স্কুলৰ ভেশছন প্ৰতিযোগিতাত অংশলোৱা বুলি মন্তব্য কৰে। বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ভূমিকাৰ বাবে বিধায়কজনৰ শলাগ লয়।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like