নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঠিকাদাৰী প্ৰতিষ্ঠান-বিভাগীয় বিষয়াক ধমক বিধায়ক তেৰছ গোৱালাৰ

🔹 দুলীয়াজানত পথৰ মাজত পুখুৰীসদৃশ গাঁত

নিয়মীয়া বাৰ্তা, ৯ জুন : অসম চৰকাৰে অসম মালা আঁচনিৰ জৰিয়তে মৰাণ-ডিগবৈকে ধৰি পাঁচটা বিধানসভা সমষ্টিৰ পথ সংযোগ কৰিবৰ বাবে ইতিমধ্যে আঁচনি গ্ৰহণ কৰি পুঁজি আগবঢ়াইছে। সেই অনুসৰি নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত আশাবাম তিনিআলিৰ পৰা দুলীয়াজান সমষ্টিৰ ভাদৈ-কঁঠালগুৰি পথছোৱা প্ৰায় আঢ়ৈ কোটি ব্যয়সাপেক্ষে নিৰ্মাণৰ বাবে গুৱাহাটীৰ এক ঠিকাদাৰী প্ৰতিষ্ঠানক নিবিদাযোগে অৰ্পণ কৰা হৈছিল। কিন্তু প্ৰায় এবছৰ পূৰ্বে ৱৰ্কঅডাৰ দিয়াৰ পাছতো আজি পৰ্যন্ত পথছোৱাৰ কামৰ অগ্ৰগতি নোহোৱাত দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালাই সমগ্ৰ বিষয়টো নিজেই বুজ ল’বলৈ উক্ত পথছোৱাত উপস্থিত হৈ বিভাগীয় বিষয়াৰ বিষয়টো দৃষ্টিগোচৰ কৰে। উক্ত পথছোৱাৰ মাজে মাজে পুখুৰীসদৃশ গাঁত সৃষ্টি হোৱাৰ ফলত পথছোৱা মৰণফান্দ হৈ পৰিছে সৰ্বসাধাৰণৰ বাবে ।  ইতিমধ্যে কেইবাটাও দুৰ্ঘটনাও সংঘটিত হৈছে এই পথতে। বিধায়কগৰাকীয়ে উক্ত পথেদি নিতৌ অহা-যোৱা কৰা ছাত্ৰ-ছাত্ৰী তথা স্হানীয় ৰাইজৰ সা-সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অতি সোনকালে পথছোৱা নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ বিভাগীয় বিষয়াৰ লগতে ঠিকাদাৰক ধমক দিয়ে। পথ মেৰামতিৰ কাম খৰতকীয়া কৰাৰ লগতে নিৰ্মাণ কাৰ্যত উন্নত মানৰ সামগ্ৰী ব্যৱহাৰ কৰিবলৈও দাবী জনায় বিধায়কগৰাকীয়ে । এইক্ষেত্ৰত ঠিকাদাৰী প্ৰতিষ্ঠানটোক এসপ্তাহৰ সময়সীমা বান্ধি দিয়ে বিধায়কগৰাকীয়ে। নিৰ্দিষ্ট সময়ৰ ভিতৰত ঠিকাদাৰী প্ৰতিষ্ঠানে পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ নকৰিলে পৰৱৰ্তী সময়ত নিজেই ব্যৱস্থা গ্ৰহণ কৰিব বুলিও সকীয়নি দিয়ে বিধায়কগৰাকীয়ে।

প্ৰেৰক কৃষ্ণা গগৈ

You might also like