নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আছু, যুৱ–ছাত্রৰ দলে অসমৰ ৰাজনৈতিক দৃশ্যপট সলনি কৰিব

নিয়মীয়া বার্তা, ২২ আগষ্টঃ ‘সদৌ অসম ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ উদ্যোগত যদিহে ৰাজনৈতিক দল গঠন হ’লে অসমৰ নির্বাচনী ৰাজনৈতিক দৃশ্যপটৰ যথেষ্ট সলনি হ’ব টিহুত পাটাছাৰকুছি সমষ্টিৰ অগপ বিধায়ক পবিন্দ্র ডেকাই সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে৷ বিধায়ক ডেকাই কংগ্রেছ আৰু এ আই ইউ ডি এফৰ মিত্রতাই অগপক ক্ষতি কৰিব নেকি বুলি সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত কয় যে কংগ্রেছ আৰু এ আই ইউ ডি এফৰ নির্দিষ্ট এলেকা আছে৷ আনহাতে অগপ আৰু বিজেপিৰ মিত্রজোঁটৰ প্রার্থী যি সমষ্টিত জয়ী হৈছে নাইবা যি সমষ্টিত পৰৱর্তী সময়ত জয়ী হ’ব সেই সমষ্টিত কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাই কোনো ক্ষতি কৰিব নোৱাৰে৷ প্রসংগক্রমে তেওঁ অৱশ্যে নির্বাচনৰ আগমুহূর্তত ৰাজনৈতিক দলৰ তৎপৰতা স্বাভাৱিকতে বৃদ্ধি পায় বুলি উনুকিয়াই এতিয়াই অসমৰ নির্বাচন সন্দর্ভত বিশ্লেষণ কৰাৰ সময় নহয় বুলি কয়৷

বিধায়ক ডেকাই অগপৰ শীর্ষ নেতৃত্বই তেওঁক এলাগী কৰি অহা বুলি পুনৰ উনুকিয়াই অভিযোগ কৰে যে অগপৰ শেহতীয়াকৈ অনুষ্ঠিত হোৱা আমবাৰীৰ সভালৈও তেওঁক নিমন্ত্রণ কৰা হোৱা নাই৷ আগন্তুক বিধানসভা নির্বাচনত পাটাছাৰকুছি সমষ্টি অগপই মিত্রদল বিজেপিক এৰি দিলেও তেওঁ নির্বাচনত অৱতীর্ণ হোৱাটো নিশ্চিত বুলি পুনৰ দোহাৰি এই সন্দর্ভত ২০২১ চনৰ জানুৱাৰী মাহত নিজৰ ৰণকৌশল প্রকাশ কৰিব বুলি ব্যক্ত কৰে সাংবাদিকৰ প্রশ্ণৰ উত্তৰত৷

ইয়াৰ পূর্বে বিধায়ক ডেকাই টিহুৰ হালধিবাৰী চ’কত অসম চৰকাৰৰ ছিগনেচাৰ আঁচনিৰ অধীনত দহ কোটি টকা ব্যয়সাপেক্ষে পুনৰ নির্মাণ হ’ব লগা ৩১নং ৰাষ্ট্রীয় ঘাইপথ সংযোগী টিহু নগৰৰ মাজেৰে যোৱা টিহু–সর্থেবাৰী গড়কাপ্তানী পথৰ পুনৰ নির্মাণকার্যৰ শুভাৰম্ভ কৰে৷ এই উদ্দেশ্যে অনুষ্ঠিত এটা অনুষ্ঠানত বিধায়ক ডেকাই অসম চৰকাৰৰ গড়কাপ্তানী আৰু বিত্ত বিভাগক কৃতজ্ঞতা জনায়৷ অনুষ্ঠানত বিধায়কগৰাকীৰ উপৰি গডকাপ্ঢানী বিভাগৰ বিষয়া কনক কলিতা, নলবাৰী জিলা পৰিষদৰ উপ–সভানেত্রী মঞ্জুৰাণী চৌধুৰী, প্রাক্তন ছাত্র নেতা শংকৰ কুমাৰ দাস, টিহু নগৰ সমিতিৰ প্রাক্তন সভাপতি প্রফুল্ল কলিতা, স্থানীয় অগপ নেতা মাধৱ শর্মা আদি উপস্থিত থাকে।

You might also like