নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহেন্দ্ৰ মোহন চিকিৎসালয়ত ক’ভিড-১৯ৰ পৰীক্ষাগাৰ মুকলি

নিয়মীয়া বাৰ্তা ১ জুলাইঃ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মহেন্দ্ৰ মোহন চিকিৎসালয়ত নৱ নিৰ্মিত ক’ভিড-১৯ৰ পৰীক্ষাগাৰ মুকলি কৰে। এই পৰীক্ষাগাৰটো অসমৰ ১৩ সংখ্যক ক’ভিড-১৯ ৰ পৰীক্ষাগাৰ। মন্ত্ৰী গৰাকীয়ে কয় যে আৰু অসমত আৰু ৬ টা ক’ভিড-১৯ পৰীক্ষাগাৰ মুকলি কৰা হ’ব।
উল্লেখ্য যে মঙলবাৰে পলাশবাৰী মিৰ্জাস্থিত পতঞ্জলি যোগপীঠত ২৫০খন বিচনাযুক্ত ক’ভিড চিকিৎসালয়খন মুকলি কৰা হৈছিল।

You might also like