নিয়মীয়া বাৰ্তা, ১২ মে’ : গুৱাহাটীৰ পাণবজাৰস্থিত মহেন্দ্র মোহন চৌধুৰী চিকিৎসালয় (এম এম চি এইচ)ত কোৱাৰেণ্টাইনত থকা এজন লোকে দেওবাৰে মৃত্যুক সাবটি লয় ৷ নিশা ৮ বজাত মৃত্যু হোৱা লোকজন দৰং জিলাৰ দলগাঁৱৰ অনুৰাম শইকীয়া (৫৮) ৷ জানিব পৰা মতে, অনুৰাম শইকীয়া দুৰাৰোগ্য কর্কট ৰোগত আক্রান্ত হৈ আছিল ৷ কর্কট ৰোগৰ চিকিৎসাৰ বাবে তেওঁ মুম্বাইৰ টাটা মেম’ৰিয়েল হাস্পতাললৈ গৈছিল ৷ মুম্বাইত থকাৰ সময়তে মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধকল্পে বলৱৎ কৰা লকডাউনৰ বাবে অনুৰাম শইকীয়াই তাত ৪০ দিন ধৰি আবদ্ধ হৈ থাকিব লগা হৈছিল ৷ অৱশ্যে তাৰ মাজতে অনুৰাম শইকীয়াই যোৱা ৫ মে’ত মুম্বাইৰ পৰা এখন এম্বুলেঞ্চ ভাৰা কৰি দলগাঁৱলৈ ঘূৰি আহিছিল ৷ দলগাঁৱৰ নিজ গৃহত উপস্থিত হোৱা অনুৰাম শইকীয়াৰ দেহত ক’ৰোনা ভাইৰাছত সংক্রমিত হোৱাৰ লক্ষণ ফুটি উঠা নাছিল ৷ কিন্তু অনুৰাম শইকীয়াৰ ট্রেভেল হিষ্ট্রী বা ভ্রমণ বৃত্তান্ত থকা হেতুকে স্বাস্থ্য বিভাগে যোৱা ৮ মে’ত তেওঁক এম এম চি এইচলৈ প্রেৰণ কৰি কোৱাৰেণ্টাইনত ৰাখে ৷ অনুৰাম শইকীয়াৰ লগতে তেওঁৰ পুত্রকো হাস্পতালখনত কোৱাৰেণ্টাইন কৰা হৈছিল ৷ কিন্তু কোৱাৰেণ্টাইনত থকা অৱস্থাতে কর্কট ৰোগীজনে দেওবাৰে নিশা মৃত্যুমুখত পৰে ৷ এম এম চি এইচ কর্তৃপক্ষই সংবাদ মাধ্যমক জনোৱা মতে, মৃত শইকীয়াৰ কর্কট ৰোগ অন্তিম পর্যায়ত আছিল ৷ ফলত ৰোগীজনৰ মৃত্যু ঘটে ৷ এম এম চি এইচৰ জ্যেষ্ঠ চিকিৎসক কে ডেকাই কয়– ‘আচলতে অনুৰাম শইকীয়াৰ স্বাস্থ্য অত্যন্ত জটিল অৱস্থাত আছিল ৷ তেওঁ আহাৰ খাব পৰা অৱস্থাত নাছিল ৷ হাস্পতালৰ পৰা সাধ্য অনুসৰি চিকিৎসা প্রদান কৰা হৈছিল ৷ কিন্তু ইয়াৰ মাজতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷’ আনহাতে, অনুৰাম শইকীয়াৰ দেহত ক’ৰোনা ভাইৰাছৰ লক্ষণ নাছিল যদিও ভ্রমণ বৃত্তান্ত থকা হেতুকে মৃতদেহ পৰিয়ালৰ লোকক গতাই দিয়া হোৱা নাই ৷ ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ আশংকা কৰি লোকজনৰ নমুনা জি এম চি এইচলৈ প্রেৰণ কৰা হৈছে ৷ নমুনাৰ ৰিপ’ট নিগেটিভ আহিলেহেমৃতদেহ পৰিয়ালৰ লোকক গতাই দিয়া হ’ব ৷