নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম’ব লিঞ্চিং: ৩ বছৰে ধোঁৱাচাঙত ছুপ্রিম ক’ৰ্টৰ গাইডলাইন

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ উদ্বেগজনকভাৱে বৃদ্ধি পোৱা গণপ্রহাৰৰ ঘটনা প্রতিৰোধ কৰাৰ বাবে গা–এৰা মনোভাব প্রদর্শন কৰি আহিছে এখনৰ পাছত আন এখন ৰাজ্য চৰকাৰে৷ গণপ্রহাৰৰ ঘটনাত এজনৰ পাছত আন এজন নিৰীহ লোকে প্রাণ হেৰুৱাৰ হূদয়বিদাৰক ঘটনা সংঘটিত হৈ আহিছে যদিও নীৰৱ ভূমিকা পালন কৰি আহিছে চৰকাৰে৷ দৃষ্টান্তমূলক শাস্তি প্রদানেৰে এনে ঘটনা ৰোধ কৰিবলৈ এতিয়াও সক্ষম হোৱা নাই ৰাজ্য প্রশাসন৷ আনকি গণ প্রহাৰৰ দৰে নির্মম ঘটনা ৰোধ কৰিবলৈ উচ্চতম ন্যায়ালয়ে দিয়া নির্দেশনাও আজিপর্যন্ত পালন নকৰিলে ৰাজ্য চৰকাৰে৷

আইন প্রণয়নকে ধৰি গণপ্রহাৰৰ ঘটনা ৰোধৰ বাবে ছুপ্রিম ক’র্টে দিয়া ১৪ দফীয়া নির্দেশনা ধোঁৱাচাঙত তুলি থ’লে ৰাজ্য চৰকাৰে৷ এই সন্দর্ভত ন্যায়ালয়ৰ নির্দেশৰ ভিত্তিতে ২০১৮ চনৰ ২৩ জুলাইতে কেন্দ্রীয় গৃহ মন্ত্রালয়ে ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালকপ্রধানলৈ এই গাইড লাইন আখৰে আখৰে ৰূপায়ণ কৰিবলৈ নির্দেশনা দিছিল যদিও বাস্তৱত সেয়া কার্যকৰী নহ’ল৷ ৰাজ্য প্রশাসনৰ এনে গুৰুত্বহীনতাৰ বাবেই এটাৰ পাছত আন এটা গণপ্রহাৰৰ ঘটনাই জোকাৰি গৈছে সমগ্র ৰাজ্য৷

কার্বি আংলঙত দুই চফল ডেকা অভি–নীলৰ হত্যাকাণ্ডৰ পৰা আৰম্ভ কৰি ঝংকাৰ শইকীয়া, চিকিৎসক দেৱেন দত্ত, পাচলি ব্যৱসায়ী সনাতন দাস, যুৱক দেৱাশিসজ্যোতি গগৈ আৰু অনিমেষ ভূঞা৷ এজনৰ পাছত আন এজন নিৰীহই হেৰুৱাবলগীয়া হৈছে প্রাণ৷ আৰু কিমানজন লোকে গণপ্রহাৰত প্রাণ হেৰুৱালে ৰাজ্য চৰকাৰ এনে ঘটনা প্রতিৰোধৰ বাবে কঠোৰ হ’ব সেয়া আজি প্রতিজন নাগৰিকৰ মনতে উত্থাপিত হোৱা প্রশ্ণ৷ প্রতিবাৰেই এনে ঘটনা সংঘটিত হোৱাৰ পাছত নেতা–মন্ত্রীৰ পৰা আৰম্ভ কৰি বিষয়ালৈকে ঘটনাস্থলীত অথবা ভুক্তভোগী পৰিয়ালৰ ওচৰত উবুৰি খাই পৰে আৰু সাত্ব্ন্না দিবৰ বাবে ব্যৱস্থা গ্রহণৰ আশ্বাস দিয়ে৷ ক্ষতিপূৰণৰ প্রলোভন, ফাষ্ট ট্রেক আদালতৰ জৰিয়তে ক্ষিপ্র বিচাৰ প্রক্রিয়াৰে দোষীক শাস্তিৰ প্রতিশ্রুতিৰে ঘটনাৰ সময়ত উদ্ভৱ হোৱা উত্তপ্ত পৰিস্থিতি নিয়ন্ত্রণৰ কৌশল ৰচনা কৰি আহিছে এখনৰ পাছত আন এখন ৰাজ্য চৰকাৰে৷ কিন্তু স্থায়ীভাৱে এনে গণপ্রহাৰৰ ঘটনা প্রতিৰোধ কৰাৰ ক্ষেত্রত চৰকাৰে ল’ব পৰা নাই কোনোধৰণৰ কঠোৰ ব্যৱস্থা৷

২০১৮ বর্ষৰ ১৭ জুলাইত তেহচিন এছ পুনাৱালা বনাম কেন্দ্রীয় চৰকাৰৰ এটা গোচৰত ৰায়দান কৰি উচ্চতম ন্যায়ালয়ে গণপ্রহাৰৰ ঘটনাক বেআইনী বুলি ঘোষণা কৰাৰ লগতে উদ্বিগ্ণতা প্রকাশ কৰিছিল৷ মানৱ অধিকাৰ আৰু মানুহৰ জীৱন ৰক্ষা কৰাটো সাংবিধানিক কর্তব্য বুলি উল্লেখ কৰি এনে ঘটনা প্রতিৰোধ কৰিবলৈ কঠোৰ আইন প্রণয়নৰো পোষকতা কৰিছিল উচ্চতম ন্যায়ালয়ে৷ বিশেষকৈ সংসদ আৰু বিধানমণ্ডলসমূহক্ এনে ঘটনা প্রতিৰোধৰ বাবে কঠোৰ আইন প্রণয়নৰ পৰামর্শ প্রদান কৰিছিল উচ্চতম ন্যায়ালয়ে৷ তদুপৰি এইক্ষেত্রত প্রতিৰোধমূলক ব্যৱস্থা হিচাপে তাৎক্ষণিকভাৱে গ্রহণ কৰিবলগীয়া ব্যৱস্থা সন্দর্ভত গাইড লাইন দিছিল উচ্চতম ন্যায়ালয়ে৷ সেই অনুসৰি প্রতিখন জিলাতে ৰাজ্য চৰকাৰসমূহক এছ পি পর্যায়ৰ এজন আৰক্ষী বিষয়াক ন’ডেল বিষয়া হিচাপে দায়িত্ব দিবলৈ নির্দেশ দিছিল৷ এই ন’ডেল বিষয়াগৰাকীক উপ–আৰক্ষী অধীক্ষক পর্যায়ৰ এজন বিষয়াই সহযোগ কৰিব লাগে, যাতে গণপ্রহাৰ আৰু দলবদ্ধ হত্যাৰ দৰে ঘটনা ৰোধ কৰিব পৰা যায়৷ একেটা গাইড লাইনতে উচ্চতম ন্যায়ালয়ে এই ন’ডেল বিষয়াগৰাকীক টাস্ক ফ’চ গঠনৰ নির্দেশ দিয়ে৷ তদুপৰি গণহত্যা অথবা দলবদ্ধ আক্রমণৰ ঘটনা সঘনাই সংঘটিত হোৱা জিলা, মহকুমা অথবা গাঁও ৰাজ্য চৰকাৰসমূহে চিনাক্ত কৰিব লাগে৷ ছুপ্রিম ক’টৰ নির্দেশনাৰ তিনি সপ্তাহৰ ভিতৰতে এই কাম সম্পন্ন কৰিবলৈ নির্দেশ দিছিল উচ্চতম ন্যায়ালয়ে৷

তদুপৰি গৃহ বিভাগৰ সচিবে স্পর্শকাতৰ অঞ্চলসমূহৰ আৰক্ষী থানাসমূহৰ ভাৰপ্রাপ্ত বিষয়াক অতিৰিক্ত সাৱধানতা অৱলম্বন কৰিবলৈ নির্দেশ দিব লাগে সংশ্লিষ্ট ন’ডেল বিষয়াক৷ এই ন’ডেল বিষয়াগৰাকীয়ে সংশ্লিষ্ট বিষয়া, স্থানীয় চোৰাংচোৱা আদিৰ সৈতে নিয়মীয়াভাৱে আলোচনাত মিলিত হ’বলৈও পৰামর্শ দিছিল উচ্চতম ন্যায়ালয়ে৷ একেদৰে ডিজিপি আৰু গৃহ বিভাগৰ সচিবেও ন’ডেল বিষয়া আৰু চোৰাংচোৱাৰ মুৰব্বীসকলৰ সৈতে নিয়মীয়াভাৱে পর্যালোচনা বৈঠক অনুষ্ঠিত কৰিব লাগে৷ তদুপৰি ৰেডি’, টেলিভিছন অথবা অন্যান্য মাধ্যমৰ জৰিয়তে দলবদ্ধ আক্রমণৰ ঘটনা সন্দর্ভত বিভিন্ন ৰাজ্যত সজাগতাৰ সৃষ্টি কৰিব লাগে৷ এনেদৰে প্রায় ১৪টাকৈ নির্দেশনাৰ লগতে এইক্ষেত্রত অৱহেলা কৰা বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰো পোষকতা কৰিছিল উচ্চতম ন্যায়ালয়ে৷ ইয়াৰ পাছতে গৃহ মন্ত্রালয়ে ৰাজ্য চৰকাৰসমূহ ২০১৮ৰ ২৩ জুলাইত উচ্চতম ন্যায়ালয়ৰ নির্দেশনাৰ বিষয়ে সদৰী কৰাৰ লগতে এইক্ষেত্রত ব্যৱস্থা গ্রহণৰ নির্দেশ দিছিল৷ কিন্তু আজিপর্যন্ত এইক্ষেত্রত কোনো ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত নহ’ল৷

উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত কেৱল মণিপুৰতহে গণপ্রহাৰ প্রতিৰোধী আইন বলৱৎ কৰা হ’ল৷ ২০১৮ চনৰ ৮ জুনত কার্বি আংলঙত অভিজিৎ নাথ আৰু নীলোৎপল দাস নামৰ দুজন যুৱকক গণপ্রহাৰ কৰি হত্যা কৰাৰ পাছতে অধিবক্তা সীমা ভূঞাই গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰিছিল৷ ৩৮/২০১৮ নম্বৰৰ এই আবেদনখন নিষ্পত্তি কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে দলবদ্ধ আক্রমণ প্রতিৰোধৰ বাবে উচ্চতম ন্যায়ালয়ে প্রদান কৰা নির্দেশাৱলী সন্দর্ভত আলোকপাত কৰে৷ তদুপৰি এনে চাঞ্চল্যকৰ ঘটনাৰ পাছত চৰকাৰে ফাষ্ট ট্রেক আদালতৰ জৰিয়তে বিচাৰৰ পোষকতা কৰি আহিছে৷ কিন্তু সমগ্র দেশ জোকাৰি যোৱা অভি–নীল হত্যাকাণ্ডৰ ফাষ্ট ট্রেকৰ গোচৰ আজিপর্যন্ত নিষ্পত্তি নহ’ল৷ এতিয়াও সাক্ষ্য গ্রহণ প্রক্রিয়াতে আছে এই গোচৰৰ বিচাৰ প্রক্রিয়া৷ আনকি উচ্চতম ন্যায়ালয়েও দলবদ্ধ আক্রমণৰ ঘটনা ফাষ্ট ট্রেক ক’ট অথবা নির্দিষ্ট আদালতত সম্পন্ন কৰাৰ পোষকতা কৰিছিল৷

আনকি গোচৰ ৰুজু হোৱাৰ ছমাহৰ ভিতৰতে এনে গোচৰৰ নিষ্পত্তিৰো পৰামর্শ প্রদান কৰিছিল৷ কিন্তু বহু দলবদ্ধ আক্রমণৰ ঘটনাৰ তদন্ত প্রক্রিয়া এতিয়াও স্থবিৰ হৈ আছে৷ আনকি বহু গোচৰ এতিয়াও পোৱাগৈ নাই আদালতৰ মজিয়া৷ উল্লেখ্য যে অসমত কেইবাটাও গণপ্রহাৰৰ ঘটনাই পূর্বে চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ ২০১৩ চনৰ ২৫ জুনত ডিফুত মাত্র ২০ টকাৰ বাবেই ঝংকাৰ শইকীয়া নামৰ ছাত্রজনক নৃশংসভাৱে হত্যা কৰা হৈছিল৷ ২০১৯ চনৰ ৩১ আগষ্টত টীয়ক চাহ বাগিচাত ৭৩ বছৰীয়া চিকিৎসক দেৱেন দত্তকো এদল উন্মাদ লোকে কোবাই কোবাই হত্যা কৰিছিল৷ সেইদৰে যোৱা বর্ষৰ ২৫ মে’ত সনাতন ডেকা নামৰ এজন পাচলি ব্যৱসায়ীক এদল উন্মাদ লোকে গণপ্রহাৰ কৰি হত্যা কৰে৷ এইসমূহেই কেৱল গণপ্রহাৰৰ ঘটনাৰ উদাহৰণ নহয়৷ ডাইনী সন্দেহত অথবা গার্হস্থ্য হিংসাৰ বাবেও ৰাজ্যৰ প্রান্তে প্রান্তে সংঘটিত হৈ আহিছে দলবদ্ধ প্রহাৰৰ ঘটনা৷ এনে বহু ঘটনাত কেতিয়াবা ভুক্তভোগীয়ে প্রাণৰক্ষা কৰিবলৈ সক্ষম হৈছে যদিও চিৰদিনৰ বাবে হ’বলগীয়া হৈছে ঘুণীয়া৷ শেহতীয়াকৈ যোৰহাটৰ মাজমজিয়াত অনিমেষ ভূঞা নামৰ এজন যুৱকক এদল উন্মত্ত লোকে প্রহাৰ কৰা ঘটনাই সমগ্র ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ সেয়েহে আগন্তুক সময়ত ম’ব লিঞ্চিং ৰোধ কৰিবলৈ চৰকাৰে কঠোৰ আইন প্রণয়ন কৰাটো অত্যন্ত আৱশ্যকীয়৷ অৱশ্যে চৰকাৰে এইক্ষেত্রত কি ব্যৱস্থা গ্রহণ কৰে সেয়া হ’ব লক্ষণীয়৷

You might also like