ম’বাইলৰ Ear Phone-ই কাল হ’ল জোনাইৰ ৰনীলৰ
নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰী : জোনাইৰ তেলেমত আজি পুৱাই সংঘটিত হ’ল এক শোকাৱহ দুৰ্ঘটনা। মোবাইলৰ Ear Phone-এ প্ৰাণ ল’লে এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰৰ। জানিব পৰা মতে জোনাইৰ মুৰ্কংচেলেক ৰেলৱে ষ্টেচনৰ পৰা পুৱাই নামনিমুৱা তীব্ৰ বেগত অহা ৰেলৰ খুন্দাত ছিন্ন ভিন্ন হয় ছাত্ৰজন। স্থানীয় ৰাইজে সদৰী কৰা মতে ছাত্ৰগৰাকীয়ে মোবাইলৰ Ear Phone ব্যৱহাৰ কৰি ৰেল চিৰিৰ ওপৰত বহি মোবাইল ফোন ব্যৱহাৰ কৰি থকাৰ সময়তে নামনিমুৱা তীব্ৰ বেগী ৰেলৰ খুন্দাত ছিন্ন ভিন্ন হৈ থিতাতে মৃত্যু হয় ছাত্ৰজনৰ। মৃত ছাত্ৰজন জোনাইৰ তেলেম জামজিং গাঁৱৰ ১৬ বছৰীয়া ৰনীল দলে বুলি জানিব পৰা গৈছে। ঘটনাৰ পিছতে ৰেলৱে আৰক্ষী আৰু স্থানীয় ৰাইজে উপস্থিত হৈ ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
প্ৰেৰক কৰবী দলে