নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ম’বাইলৰ ফ্লাছেৰে চিকিৎসা

🎯 ঘন্টা-ঘন্টা ধৰি ব্যাহত বিদ্যুত সেৱা

🎯 চিৰিঞ্জ-কপাহৰ বাদে একোৱেই নাই

নিয়মীয়া বাৰ্তা, ১০ জুলাই : শিৱসাগৰ জিলাখনৰ প্ৰায় কেইবালাখ সাধাৰণ ৰাইজৰ জীৱন আৰু স্বাস্থ্যৰ নিৰাপত্তাত নিয়োজিত তিনিশ খন বিছনাযুক্ত জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়খনত এতিয়া নিশা হ’লেই মবাইলৰ ফ্লাছৰ পোহৰত চিকিৎসা কৰিবলগীয়া হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ সাধাৰণ ৰাইজৰ সুবিধাৰ্থে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা চিকিৎসালয়ৰ আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে কোটি কোটি টকা ব্যয় কৰি থকাৰ সময়তেই শিৱসাগৰৰ তিনিশ খন বিছনাযুক্ত অসামৰিক চিকিৎসালয় খনত মবাইলৰ ফ্লাছৰ পোহৰত সংকটাপন্ন ৰোগীক জৰুৰী কক্ষত চিকিৎসা প্ৰদান কৰাৰ ঘটনাক লৈয়েই সৃষ্টি হৈছে এই চাঞ্চল্যৰ৷ ইতিমধ্যে কালি নিশা ক্ষোভিত ৰোগীৰ আত্মীয়ই চিকিৎসালয়খনত বিদ্যুতৰ অভাৱত মবাইলৰ পোহৰত চিকিৎসা চলাই থকাৰ দৰে ভয়ংকৰ ঘটনা সামাজিক মাধ্যমত ভাইৰেল কৰি দিয়াৰ পিছতেই সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠিছে৷ ২৪ ঘন্টাই নিৰন্তৰ ৰোগী থকা চিকিৎসালয়খনত সঘনে ব্যাহত হয় বিদ্যুত সেৱা ৷ পৰিচাৰ্য্যাৰ অভাৱত যেতিয়াই-তেতিয়াই বিকল হৈ পৰে জেনেৰেটৰ সেৱা৷ কিন্তু জৰুৰী কক্ষ সংলগ্ন চিকিৎসালয়খনত নাই বিকল্প পোহৰৰ ব্যৱস্থা ৷ অভিযোগ অনুসৰি কালি সন্ধিয়াই সংঘটিত হয় অনুৰূপ ঘটনা ৷ এ পি ডি চি এলৰ বিদ্যুত সেৱা ব্যাহত হোৱাৰ পিছত চিকিৎসালয় কৰ্তৃপক্ষই জেনেৰেটৰৰ সহায়ত জৰুৰী কক্ষত বিদ্যুত সেৱা যোগান ধৰিব নোৱাৰিলে৷ কাৰণ জেনেৰেটৰ বেয়া ৷ কিন্তু এফালে জৰুৰী কক্ষত যন্ত্ৰনাকাতৰ ৰোগীয়ে চটফটাইছে আনফালে বিকল্প প্ৰক্ৰিয়াৰে বিদ্যুত সেৱা যোগান ধৰাত ব্যৰ্থ কৰ্তৃপক্ষ৷ অৱশেষত মবাইলৰ ফ্লাছৰ পোহৰত জৰুৰী কক্ষত কেইবাগৰাকীও সংকটাপন্ন ৰোগীক প্ৰাথমিক চিকিৎসা প্ৰদাণ কৰি নিৰীক্ষণ কক্ষলৈ প্ৰেৰণ কৰাৰ পিছতো নাই বিদ্যুত ৷ ৰোগীৰ আত্মীয়ই মবাইলৰ পোহৰত ঘন্টা ঘন্টা ধৰি ৰোগীৰ পৰিচাৰ্য্যাত নামিবলগীয়া হৈছে ৷ বিশেষকৈ নিশাৰ ভাগত সৃষ্টি হোৱা এই পৰিস্থিতিয়ে শিশু-জৰুৰী কক্ষৰ ৰোগী আৰু প্ৰসূতি কক্ষৰ ৰোগীৰ বাবে অন্যতম ভাবুকিস্বৰূপ ৷ অন্যহাতেদি চিকিৎসালয়খনত শেহতীয়াকৈ বিনামূলীয়া কপাহ আৰু চিৰিঞ্জৰ বাদে একোৱেই পাবলৈ নাই৷ সাধাৰণ গেছৰ ঔষধো বাহিৰৰ ফাৰ্মাচীৰ পৰা ক্ৰয় কৰিব লগীয়া হৈছে ৷ মাহ মাহ ধৰি নাই কুকুৰে কামোৰা বেজী ৷ মুঠৰ ওপৰত বছৰ বছৰ ধৰি চাফ-চিকুন নকৰা বিছনা কেইখন,কপাহ, চিৰিঞ্জৰ বাদে আন একোৱেই উপলদ্ধ নোহোৱা এখন চিকিৎসালয়লৈ ৰূপান্তৰিত হৈছে তিনিশখন বিছনাযুক্ত শিৱসাগৰ অসামৰিক চিকিৎসালয়খন ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like