নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভ্রাম্যমাণৰ প্রথম নায়িকা অনুপমা ভট্টাচার্যৰ বিয়োগ

নিয়মীয়া বাৰ্তা ৩১ জানুৱাৰীঃ অম্লান অৱদানেৰে অসমৰ অভিনয় জগতখনক মহীয়ান কৰা এক অসামান্য প্রতিভাৰ বর্ণাঢ়্য জীৱন পৰিক্রমা যৱনিকা পৰিল৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা সন্ধিয়া আহিল দুখৰ খবৰটো– কলাগুৰু–নটসূর্যৰ ‘চিৰাজ’ৰ ফাতেমা তথা ভ্রাম্যমাণ থিয়েটাৰৰ প্রথমগৰাকী নায়িকা অনুপমা ভট্টাচার্য গ’লগৈ৷ কাল ক’ৰোনাই কাঢ়ি নিলে মঞ্চ–চলচ্চিত্রৰ প্রাতঃস্মৰণীয় শিল্পীগৰাকীক৷ দীর্ঘদিন ধৰি শয্যাশায়ী হৈ থকা ৯৪টা বসন্ত গৰকা প্রসিদ্ধ শিল্পীগৰাকীৰ স্বাস্থ্যৰ অৱস্থাৰ শেহতীয়াকৈ অৱনতি ঘটিছিল৷ কালি নিশা আৰু অধিক অৱনতি ঘটাত সাংস্কৃতিক পৰিক্রমা বিভাগৰ মন্ত্রী বিমল বৰাৰ তৎপৰতাত তেওঁক ততালিকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আই চি ইউত ভর্তি কৰোৱা হয়৷ হাস্পতালতে বর্ষীয়ান শিল্পীগৰাকীৰ দেহত ক’ৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে৷ পৰৱর্তী সময়ত প্রয়োজনীয় চিকিৎসাৰ ব্যৱস্থা কৰা হয় যদিও আজি সন্ধিয়া ৫.৫৬ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷ প্রসিদ্ধ শিল্পীগৰাকীৰ বিয়োগত শোকস্তব্ধ হৈ পৰিছে ৰাজ্যৰ সাংস্কৃতিক জগত৷ উল্লেখ্য যে মঞ্চ–চলচ্চিত্র উভয় মাধ্যমতে চিৰস্মৰণীয় অভিনয় প্রতিভাৰ স্বাক্ষৰ ৰাখি থৈ যোৱা অনুপমা ভট্টাচার্য আছিল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ আজো নাতিনী৷

শিৱসাগৰৰ প্রসিদ্ধ বেজবৰুৱা পৰিয়ালত ১৯২৮ চনৰ ২৮ আগষ্টত তেওঁৰ জন্ম হৈছিল৷ পিতৃ গোপাল বেজবৰুৱা আৰু মাতৃ গুণদা বেজবৰুৱা৷ মাত্র ৭ বছৰ বয়সতে মহিলা চাঙত মাতৃৰ সৈতে বহি প্রজেক্টৰৰ সহায়ত দেখুওৱা অসমীয়া চলচ্চিত্র ‘জয়মতী’ চাই কণমানি অনুপমা ভট্টাচার্যৰ হূদয়ত অংকুৰিত হৈছিল অভিনয় কৰাৰ দুর্বাৰ বাসনা৷ কিন্তু তেতিয়াৰ সমাজ ব্যৱস্থাৰ ৰীতি–নীতিত সেই বাসনা কলিতে মৰহি যোৱাৰ উপক্রম হ’ল৷ সাংসাৰিক জীৱনৰ একো আওভাও নুবুজোঁতেই পুৰাতন ৰীতি মতে নলবাৰীৰ উদয়ন ভট্টাচার্যৰ লগত সম্পন্ন হয় তেওঁৰ বিবাহকার্য৷ পিছে বিয়াৰ কিছুদিন পাছত ভীষণ জ্বৰত আক্রান্ত হৈ ইহসংসাৰ ত্যাগ কৰে স্বামী উদয়ন ভট্টাচার্যই৷ কিশোৰী অনুপমা ভট্টাচার্য বিধৱা হ’ল৷ নিজে কিন্তু ইয়াৰ একো আওভাওৱেই ধৰিব পৰা নাছিল৷ এই সন্দর্ভত এক সাক্ষাৎকাৰত তেওঁ কৈছিল– ‘এদিন মায়ে হুৰাওৰাওকৈ কান্দিব ধৰিলে৷ ওচৰৰ তিৰোতাবোৰে আহি মোৰ গহনা–গাঁঠৰি খুলি দিলে, মচি দিলে কপালৰ ফোঁট৷ কোনোবাই ক’লে মই হেনো বিধৱা হ’লোঁ৷ মোৰ সৈতে বিয়া হোৱা মানুহজন বোলে জ্বৰ হৈ ঢুকাই থাকিল৷ মই সেইবোৰ কি জানো? কাপোৰ–গহনাবোৰ খুলি দিয়াতহে মোৰ গাটো পাতল লাগিছিল, খেলিবলৈ সুবিধা হৈছিল৷’

ইতিমধ্যে অনুপমা ভট্টাচার্য ১৯ বছৰীয়া হৈছিল৷ সেই সময়তে কলাগুৰু বিষ্ণুপ্রসাদ ৰাভা আৰু নটসূর্য ফণী শর্মাই নির্মাণ কৰিবলৈ ওলাইছিল কালজয়ী অসমীয়া চলচ্চিত্র ‘চিৰাজ’৷ নটসূর্য ফণী শর্মাই নিজেই ‘চিৰাজ’ত অভিনয়ৰ বাবে অনুপমা ভট্টাচার্যক বিচাৰি গোপাল বেজবৰুৱাৰ ঘৰ ওলালগৈ৷ জীয়ৰীৰ অভিনয়ৰ প্রতি থকা দুর্বাৰ বাসনাৰ কথা জানিয়েই পিতৃয়ে সামাজিক বাধাকো নেওচি অনুপমা ভট্টাচার্যক ‘চিৰাজ’ত অভিনয়ৰ অনুমতি দিলে৷ যাৰ কাৰণে তেওঁলোকৰ পৰিয়াল এঘৰীয়া হ’বলগীয়া হৈছিল৷ ১৯৪৮ চনৰ ১৬ জানুৱাৰীত মুক্তি পোৱা ‘চিৰাজ’ৰ অতি গুৰুত্বপূর্ণ ফাতেমা চৰিত্রটোত দুর্দান্ত অভিনয়েৰে জিলিকি উঠে অনুপমা ভট্টাচার্য৷ ‘চিৰাজ’ত তেওঁৰ কলাগুৰু বিষ্ণুপ্রসাদ ৰাভা, নটসূর্য ফণী শর্মা, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ দৰে প্রবাদপ্রতিম শিল্পীৰ সৈতে অভিনয় কৰাৰ সৌভাগ্য হৈছিল৷ অনুপমা ভট্টাচার্যই পৰৱর্তী সময়ত ‘বিপ্লৱী’, ‘নিমিলা অংক’, ‘সৰাপাত’, ‘নতুন পৃথিৱী’, ‘মানৱ আৰু দানৱ’, ‘তৰামাই’, ‘ৰাংঢ়ালী’, ‘মন আৰু মৰম’, ‘অকণ’কে ধৰি এক ডজনৰো অধিক ছবিত সাৱলীল অভিনয়েৰে দর্শকৰ মাজত জনপ্রিয়তা অর্জন কৰে৷ ‘চিৰাজ’ত অভিনয়ৰ সময়তে দ্বিতীয়বাৰ বিবাহ সম্পন্ন হয় অনুপমা ভট্টাচার্যৰ৷ ছবিখনৰ সহকাৰী সংগীত পৰিচালক শিৱ ভট্টাচার্যৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হৈছিল৷ দুয়োৰ যুগ্মজীৱনৰ সাক্ষী স্বৰূপে জন্ম হয় সুগায়িকা ৰুণুমী ঠাকুৰৰ৷ অদৃষ্টই অনুপমা ভট্টাচার্যৰ কপালত হয়তো লিখি ৰাখিছিল এটা দুখৰ জীৱন৷ ১৯৫৩ চনত দুৰাৰোগ্য ৰোগত আক্রান্ত হৈ শিৱ ভট্টাচার্যৰ বিয়োগ ঘটে৷ মাত্র ২৫ বছৰ বয়সতে অনুপমা ভট্টাচার্যই দ্বিতীয়বাৰৰ বাবে বৈধব্যৰ যাতনা ভুগিবলগীয়া হয়৷ বুকুত দুখৰ পাহাৰ ভাঙি পৰাৰ পাছতো সেই সন্তাপৰ পৃষ্ঠাবোৰ নীৰৱে সামৰি তেওঁ একমাত্র কন্যাৰ সৈতে দুজনীয়া পৰিয়ালটোৰ ভৰণ–পোষণৰ স্বার্থত অভিনয়তে নিমগ্ণ হৈ পৰে৷ অভিনয় কৰি যায় এখনৰ পাছত আনখন চলচ্চিত্র–নাটকত৷ ইয়াৰ মাজতে তেওঁ হেৰুৱাবলগীয়া হয় একমাত্র কন্যা জনপ্রিয় কণ্ঠশিল্পী ৰুণুমী ঠাকুৰক৷

উল্লেখ্য যে সদা লহকৰে ১৯৫৯ চনত জন্ম দিয়া ‘নটৰাজ অপেৰা’ক ন–ৰূপত সজাই ১৯৬৩ চনৰ ২ অক্টোবৰত অচ্যুত লহকৰে আত্মপ্রকাশ ঘটাইছিল প্রথমটো ভ্রাম্যমাণ নাট্যদল ‘নটৰাজ’ থিয়েটাৰৰ৷ প্রথম নাট্যবর্ষত নটৰাজ থিয়েটাৰৰ মঞ্চত অভিনয় কৰিছিল অনুপমা ভট্টাচার্যই৷ তেওঁ হ’ল ভ্রাম্যমাণ থিয়েটাৰৰ প্রথমগৰাকী নায়িকা৷ প্রথম নাট্যবর্ষৰ প্রথম নিশাতে নটসূর্য ফণী শর্মাৰ ‘ভোগজৰা’ত হূদয়স্পর্শী অভিনয়েৰে দর্শকৰ মাজত জনপ্রিয় হৈ পৰে অনুপমা ভট্টাচার্য৷ অনুপমা ভট্টাচার্য এটা সময়ত ‘অসমৰ মীনা কুমাৰী’ ৰূপে দর্শকৰ মাজত পৰিচিত হৈ পৰিছিল৷ তেওঁ অভিনয় কৰা ‘কাশ্মীৰ কুমাৰী’, ‘চিৰাজউদ্দৌলা’, ‘টিপু চুলতান’ আদি নাটক অসমৰ নাট্যজগতত মাইলষ্ট’ন স্বৰূপ৷ চলচ্চিত্র আৰু ভ্রাম্যমাণ থিয়েটাৰৰ উপৰি অনুপমা ভট্টাচার্যৰ আন এক খ্যাতি আছে৷ সেয়া হ’ল অনাতাঁৰ কেন্দ্রৰ প্রথম অসমীয়া নাটক ‘বিধৱা’ত তেওঁ প্রথমগৰাকী মহিলা শিল্পী হিচাপে অভিনয় কৰিছিল৷ অভিনয় জগতখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে জীৱনকালত তেওঁ লাভ কৰিছিল বিভিন্ন বঁটা–বাহন–সন্মান৷ অসম চৰকাৰৰ শিল্পী পেন্সন পোৱাৰ উপৰি তেওঁ কলাগুৰু বিষ্ণু ৰাভা বঁটা, আইদেউ সন্দিকৈ বঁটা, প্রমথেশ বৰুৱা বঁটা, ড০ ভবেন্দ্রনাথ শইকীয়া বঁটা, জীৱনৰাম মুংগী দেৱী বঁটা আদিৰ দ্বাৰা স্বীকৃতি পাবলৈ সক্ষম হৈছিল৷

ইফালে প্রসিদ্ধ শিল্পীগৰাকীৰ শেষকৃত্য দেওবাৰে নিশাৰ ভাগতে সম্পূর্ণ ক’ভিড প্রট’কল অনুসৰি উলুবাৰী শ্মশানত সম্পন্ন কৰা হয়৷ তেওঁৰ মুখাগ্ণি কৰে ভতিজাক হেমাংগ বেজবৰুৱাই৷ শেষকৃত্যৰ সময়ত উলুবাৰী শ্মশানত উপস্থিত আছিল নাতিনী আকাশী ভূঞা, নাতি জোঁৱাই তপন ভূঞা, সদৌ অসম ছাত্র সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্য, উপ–সভাপতি বিপুল ৰাভাকে ধৰি একাংশ গুণমুগ্ধ৷ প্রখ্যাত অভিনেত্রী অনুপমা ভট্টাচার্যৰ বিয়োগত বিভিন্নজনে শোক প্রকাশ কৰিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অনুপমা ভট্টাচার্যৰ বিয়োগত শোক প্রকাশ কৰি কয় যে বিশিষ্ট অভিনেত্রীগৰাকীৰ মৃত্যু ৰাজ্যখনৰ সাংস্কৃতিক জগতখনৰ বাবেই অপূৰণীয় ক্ষতি৷ তেওঁ অনুপমা ভট্টাচার্যৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷ অনুপমা ভট্টাচার্যৰ বিয়োগত শোক প্রকাশ কৰি সাংস্কৃতিক পৰিক্রমা বিভাগৰ মন্ত্রী বিমল বৰাই কয়– অনুপমা ভট্টাচার্য বাইদেউৰ আকস্মিক বিয়োগৰ বাতৰি পাই মর্মাহত হৈছোঁ৷ ভ্রাম্যমাণৰ জন্মলগ্ণৰে পৰা অভিনয়ৰ লগত জড়িত থকা অভিনেত্রীগৰাকীৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গক গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ৷ সদৌ অসম ছাত্র সন্থায়ো অনুপমা ভট্টাচার্যৰ বিয়োগত শোক প্রকাশ কৰিছে৷ অসমীয়া চলচ্চিত্র আৰু ভ্রাম্যমাণ থিয়েটাৰৰ পথদ্রষ্টা শিল্পীগৰাকীৰ মৃত্যুত শোক প্রকাশ কৰিছে ‘থিয়েটাৰৰ দাপোণ’ৰ সম্পাদক মনোৰঞ্জন কলিতাই৷ সেইদৰে অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ সভাপতি ধীৰেন শর্মা আৰু সচিবপ্রধান কমল কলিতায়ো অনুপমা ভট্টাচার্যৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰে৷

You might also like