নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ : ম’বাইল চোৰ আটক

নিয়মীয়া বাৰ্তা, ১১ মে’ : সোণাৰিত সঘনাই বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ। আৰক্ষীৰ কঠোৰ স্থিতিত সময়ে সময়ে বিভিন্ন চুৰি কাণ্ডত জড়িত চোৰ কৰায়ত্ত হৈ আহিছে যদিও অন্ত পৰা নাই চোৰৰ উপদ্ৰৱ। চৰাইদেউ জিলাৰ ভজো টীয়ক গাঁৱত এইবাৰ এটা ম’বাইল ফোন চুৰি কৰি ধৰা পৰিল এটা চোৰ । নিশা ম‘বাইল ফোন চুৰি কৰি পলায়ন কৰা কৃষ্ণ গোৱালা নামৰ যুৱকজনক আটক কৰি সোণাৰি আৰক্ষীক গতালে স্থানীয় লোকে । জানিব পৰা মতে, যুৱকজনে বহু দিনৰে পৰা অঞ্চলটোত গৰু চোৰৰ সৈতে লগ লাগি বিভিন্ন স্থানত সন্ত্ৰাস চলাই আহিছিল।

কিন্তু যোৱানিশা খয়ৰাবস্তিৰ যুৱক অমিৰ আলীৰ ম‘বাইল ফোন চুৰি হোৱাত আটক কৰে কৃষ্ণ গোৱালা নামৰ চোৰটোক। স্থানীয় লোকে আটক কৰা চোৰটোৱে ম‘বাইল ফোন চুৰি কৰাৰ কথা স্বীকাৰ কৰে । ইফালে, ভজো অঞ্চলত প্ৰতিদিনে গৰু চোৰৰ সন্ত্ৰাসত ৰাইজ অতিষ্ঠ হৈ থকা অৱস্থাতে চন্দন ৰায়ৰ ঘৰৰ দুটা গৰু চুৰি হোৱাৰ ঘটনা পোহৰলৈ আহিছে। সম্প্ৰতি সোণাৰি আৰক্ষীৰ কাষ চাপিছে ম’বাইল আৰু গৰুৰ গৰাকী।

প্ৰেৰক আব্দুল জাব্বাৰ

You might also like