নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রধানমন্ত্রীৰ ভ্রমণক লৈ উছাহ–ব্যাপক নিৰাপত্তাঃ মোদীৰ নিৰাপত্তাৰ বাবে ২৫০০ অতিৰিক্ত আৰক্ষী–অর্ধসামৰিক জোৱান মোতায়েন

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ প্রধানমন্ত্রী মোদীয়ে ডিব্রুগড় ভ্রমণৰ সময়ত ব্যৱহাৰ কৰিবলগীয়া অত্যাধুনিক ৬খন বুলেটপ্রুফ বিলাসী বাহন ডিব্রুগড়ত আহি উপস্থিত হৈছে৷ জানিব পৰা মতে, ভাৰতীয় বায়ুসেনাৰ এক বিশেষ বিমানত অহা এই বিলাসী গাড়ীসমূহ অতি কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ৰখা হৈছে৷ প্রধানমন্ত্রী মোদীয়ে সততে ব্যৱহাৰ কৰা ক’লা ৰঙৰ অত্যাধুনিক বুলেটপ্রুফ গাড়ী লেণ্ড ৰ’ভাৰ, এখন জে’মাৰ (যিকোনো ইলেক্ট্রনিক সংকেত নিষ্ক্রিয় কৰিব পৰা বাহন)সহ মুঠ ৬খন ক’লা ৰঙৰ বিলাসী টয়’টা গাড়ী ইতিমধ্যেহ ডিব্রুগড়ত আহি উপস্থিত হৈছে৷

উক্ত গাড়ীকেইখন দিনে–নিশাই নিশ্ছিদ্র নিৰাপত্তা বেষ্টনীৰ মাজত ৰখা হৈছে৷ অহা ২৮ এপ্রিলৰ দিনা প্রধানমন্ত্রীয়ে কার্বি আংলঙৰ পৰা পোনে পোনে ডিব্রুগড়ৰ মোহনবাৰী বিমানবন্দৰত নহ’লে অসম মেডিকেল কলেজৰ সমীপৱর্তী হিলৈধাৰী গাঁৱৰ অস্থায়ী হেলিপেডত বিয়লি প্রায় ২ বজাত অৱতৰণ কৰাৰ কথা, যদিও বর্তমানলৈ চৰকাৰীভাৱ জনোৱা হোৱা নাই৷ ইয়াৰ পৰাই প্রধানমন্ত্রী মোদীয়ে উক্ত বুলেটপ্রুফ বিলাসী বাহন লেণ্ড ৰ’ভাৰত বহি এছ পি জিৰ কঠোৰ নিৰাপত্তাৰ মাজেৰে ডিব্রুগড়ৰ কর্কট কেন্দ্রলৈ ৰাওনা হ’ব৷

উল্লেখ্য যে টাটা ট্ৰাষ্ট আৰু অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ মাজত হোৱা এক চুক্তি অনুসৰি অসমত নির্মাণ সম্পূর্ণ হৈ উঠা ৭খন কর্কট কেন্দ্রৰ শুভ উদ্বোধন কৰাৰ লগতে আন ৭খন কর্কট কেন্দ্রৰ আধাৰশিলা ভার্চুৱেলী উদ্বোধন কৰিব প্রধানমন্ত্রী মোদীয়ে৷

জানিব পৰা মতে, প্রধানমন্ত্রী মোদীৰ লগতে টাটা ট্ৰাষ্টৰ প্রাক্তন অধ্যক্ষ ৰতন টাটাও বিশেষভাৱে জনসভাত উপস্থিত থাকিব৷ উল্লেখ্য যে টাটা ট্ৰাষ্ট আৰু অসম চৰকাৰৰ যৌথ প্রচেষ্টাত, অসম কেঞ্চাৰ কেয়াৰ ফাডণ্ডেচনৰ উদ্যোগত অসম মেডিকেল কলেজ চৌহদত নির্মিত লেভেল–২ কেঞ্চাৰ হাস্পতালখনত দুৰাৰোগ্য কেঞ্চাৰ ৰোগীৰ বাবে কেম’থেৰাপী, ৰেডিঅ’ থেৰাপী, বিভিন্ন পৰীক্ষা–নিৰীক্ষা, অস্ত্রোপচাৰৰ লগতে উত্তৰ–পূব ভাৰতৰ কেহটামান চেণ্টাৰতহে উপলব্ধ থকা অত্যাধুনিক পেট চিটি স্কেন আদিৰ দৰে সুবিধা থাকিব ৰোগীৰ বাবে৷ অসম চিকিৎসা মহাবিদ্যালয়ৰ চৌহদতে নির্মাণ কৰা কেঞ্চাৰ হাস্পতালখনৰ উদ্বোধন ৰাজ্যৰ চিকিৎসা জগতলৈ এক অভূতপূর্ব বার্তা ৰূপে বিবেচিত হৈছে৷ যিহেতু উজনি অসম তথা ৰাজ্যৰ পৰা কর্কট ৰোগীৰ উন্নত চিকিৎসা বাবে প্রায়ে ৰাজ্যৰ বাহিৰলৈ যাব লগা হয়৷ দুখীয়া দৰিদ্র লোকৰ বাবে যি কেতিয়াও সম্ভৱ নহয়, যাৰ ফলত ডিব্রুগড়ৰ এহ চিকিৎসা প্রতিষ্ঠানে এক আশাৰ বতৰা কঢ়িয়াই আনিছে৷

আনহাতে প্রধানমন্ত্রীয়ে ডিব্রুগড়ৰ পৰা ডিব্রুগড়, যোৰহাট, তেজপুৰ, লখিমপুৰ, বৰপেটা, দৰং, কোকৰাঝাৰ কেঞ্চাৰ মেডিকেলৰ শুভ উদ্বোধন কৰাৰ লগতে অতিৰিক্তভাৱে ৰাজ্যৰ তিনিচুকীয়া, শিৱসাগৰ, গোলাঘাট, গোৱালপাৰা, নলবাৰী আদিকে ধৰি ৭খন কর্কট প্রতিষ্ঠানৰো আধাৰশিলা স্থাপন কৰিব৷ প্রধানমন্ত্রী মোদীৰ প্রত্যাশিত ভ্রমণৰ বাবে ৰাজ্য চৰকাৰ, ডিব্রুগড় জিলা প্রশাসন, স্বাস্থ্য বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, আৰক্ষী বিভাগ, গড়কাপ্ঢানী বিভাগ, বিদ্যুৎ বিভাগ, পৰিবহণ বিভাগকে প্রমুখ্য কৰি প্রায়বোৰ বিভাগ দিনে–নিশাই প্রস্তুতি সম্পূর্ণ কৰাত ব্যস্ত হৈ পৰিছে৷

আনহাতে প্রধানমন্ত্রী মোদীৰ ভ্রমণৰ সময়ত ডিব্রুগড়ত যান–বাহন নিয়ন্ত্রণ কৰাকে আদি কৰি আহন–শৃংখলাৰ দিশটো যথেষ্ট কটকটীয়া কৰাৰ বাবে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অসম আৰক্ষী, কেন্দ্রীয় সংৰক্ষিত আৰক্ষী, অসম পুলিচ বেটেলিয়ন, ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ বর্তমানলৈ প্রায় ২ হেজাৰ ৫০০ লোকক ডিব্রুগড়ত মোতায়েন কৰা হৈছে৷ ইফালে যোৱা ২৪ ঘণ্টাত ডিব্রুগড় আৰু ইয়াৰ পার্শ্বৱর্তী অঞ্চলত বৰষুণ নোহোৱাৰ বাবে সকলো পক্ষহ কিছু হ’লেও সকাহ পোৱা পৰিলক্ষিত হৈছে৷

ইফালে মোদী ভ্রমণৰ পৰিপ্রেক্ষিতত ডিব্রুগড়ৰ খনিকৰ চাৰিআলিৰ পৰা ফুলবাগান তিনিআলিলৈ, মানকটা পথৰ দাঁতিত থকা সকলো অস্থায়ী দোকান, পদপথৰ দোকান আজিৰে পৰা প্রধানমন্ত্রী মোদীৰ ভ্রমণৰ দিনালৈ আঁতৰাই পেলোৱা হৈছে৷ তেনেদৰে ফুলবাগান তিনিআলিৰ পৰা মেডিকেল কলেজৰ সন্মুখলৈ পদপথৰ দাঁতিত কোনো লোককে ব্যৱসায় কৰিবলৈ দিয়া হোৱা নাই৷ মুঠৰ ওপৰত ডিব্রুগড়ৰ দশোদিশে এতিয়া কঠোৰ নিৰাপত্তা ব্যৱস্থা৷

You might also like