নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এপ্রিল বা মে’ত অসমলৈ আহিব মোদী

নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ অসম–মেঘালয় সীমা বিবাদ নিষ্পত্তিৰ বাবে চুক্তি স্বাক্ষৰ কৰাৰ পূর্বে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীক সাক্ষাৎ কৰে৷ সংসদ ভৱনত থকা প্রধানমন্ত্রীৰ কার্যালয়ত মোদীক সাক্ষাৎ কৰি মুখ্যমন্ত্রী ড০ শর্মাই সীমা বিবাদ নিষ্পত্তিৰ দিশে আগবঢ়োৱা প্রথমটো খোজ সন্দর্ভত সবিশেষ ব্যক্ত কৰে৷

মুখ্যমন্ত্রী ড০ শর্মাই সাংবাদিকৰ আগত এই কথা জানিবলৈ দিয়ে৷ ‘দুই ৰাজ্যৰ মাজত থকা ৫০ বছৰীয়া সীমা বিবাদ নিষ্পত্তিৰ বাবে চুক্তি স্বাক্ষৰ কৰাৰ পূর্বে মই প্রধানমন্ত্রী মোদীক সাক্ষাৎ কৰিছোঁ আৰু এই ঐতিহাসিক চুক্তিৰ বিষয়বস্তু সন্দর্ভত তেওঁক বিস্তাৰিতভাৱে অৱগত কৰিছোঁ’– ড০ শর্মাই সাংবাদিকৰ আগত এনেদৰে কয়৷

মুখ্যমন্ত্রীজনে লগতে প্রধানমন্ত্রী নৰেন্দ্র মোদীক অসম ভ্রমণৰ বাবেও আমন্ত্রণ জনায়৷ মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰা মতে, অহা এপ্রিল বা মে’ মাহত প্রধানমন্ত্রীয়ে অসম ভ্রমণ কৰিব বুলি তেওঁক জনাইছে৷

You might also like