নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লী আৰক্ষীৰ জোৱানৰে নৈশ আহাৰ মোদীৰ

বিশেষ বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত দুদিনীয়া জি-২০ সন্মিলনৰ আশাতীত সফলতাত অত্যন্ত সুখী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তেওঁ এতিয়া শীৰ্ষ সন্মিলনৰ সময়ত কৰ্তব্য পালন কৰা দিল্লী আৰক্ষীৰ জোৱানসকলৰ সৈতে নৈশ আহাৰ গ্ৰহণ কৰিব। সূত্ৰ অনুসৰি দিল্লীৰ আৰক্ষী আয়ুক্ত সঞ্জয় অৰোৰাই প্ৰতিখন জিলাৰ পৰা জি-২০ৰ কৰ্তব্যৰ সময়ত উৎকৃষ্ট কাম কৰা সেইসকল আৰক্ষীৰ নাম বিচাৰিছে। সূত্ৰই জনোৱা মতে, ১৬ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব এই নৈশ আহাৰ। ইয়াৰ ভিতৰত ৪৫০গৰাকী দিল্লী আৰক্ষীৰ কৰ্মচাৰীয়ে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে খাদ্য খোৱাৰ সুযোগ পাব। এই নৈশ আহাৰ আইটিপিঅ’ত আয়োজন কৰা হ’ব বুলি কোৱা হৈছে। আচলতে জি-২০ সন্মিলনৰ আয়োজনৰ বাবে দিল্লীৰ প্ৰতিটো কোণত কটকটীয়া নিৰাপত্তা ব্যৱস্থা আছিল। যিকোনো দিশৰ পৰা দিল্লীত প্ৰৱেশ কৰা বাহনসমূহৰ ধাৰাবাহিক পৰীক্ষা চলি আছিল। পথ, পানী আৰু আকাশৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত দিল্লী আৰক্ষীয়ে নিজৰ দায়িত্ব ভালদৰে পালন কৰিলে। আনহাতে দিল্লীৰ আকাশত উৰি থকা প্ৰতিটো সৰু-ডাঙৰ বস্তুৰ ওপৰত আৰক্ষীয়ে তীক্ষ্ণ দৃষ্টি ৰাখিছিল। ইয়াৰ এদিন পূৰ্বে মঙলবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে জি-২০ৰ সময়ছোৱাত অবিৰতভাৱে কাম কৰা পিএমঅ’ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ কৰ্মচাৰীসকলকো সাক্ষাৎ কৰে। দিল্লীৰ সুষমা স্বৰাজ ভৱনত অৱস্থিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ কৰ্মচাৰীসকলক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ শলাগ লয়। ইয়াৰ লগতে অনুষ্ঠানটোৰ সৈতে জড়িত তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়েও বুজ লয়। দৰাচলতে আগষ্ট মাহৰ আৰম্ভণিতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ১১৪গৰাকী গুৰুত্বপূৰ্ণ বিষয়াক শীৰ্ষ সন্মিলনৰ প্ৰস্তুতিৰ বাবে নিয়োগ কৰা হৈছিল। এই অনুষ্ঠানৰ সফলতাৰ বাবে আন বিভাগৰ ১৪০জন যুৱ বিষয়াকো নিয়োগ কৰা হয়। সকলোৰে কঠোৰ পৰিশ্ৰমৰ শলাগ লয় প্ৰধানমন্ত্ৰীগৰাকীয়ে।

You might also like