নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূর্বোত্তৰৰ সংস্কৃতিৰ ব্রেণ্ড এম্বেছাডৰ হৈ পৰিছে মোদী নিজেই

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৫ ফেব্ৰুৱাৰীঃ ‘আদিবাসী সমাজৰ ঐতিহ্য উদ্যাপন কৰিবলৈ আমি জনজাতীয় গৌৰৱ দিৱস পালন কৰিবলৈ আৰম্ভ কৰিছিলোঁ৷ দেশৰ জনজাতীয় সমাজৰ বীৰ–বীৰাংগনাৰ অৱদানক অমৰ কৰিবলৈ আদিবাসী সংগ্রহালয় নির্মাণৰ কাম আৰম্ভ কৰা হৈছে৷’– এই মন্তব্য প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ সৰুসজাই ক্রীড়া প্রকল্পত ৰাজ্য চৰকাৰৰ উদ্যোগত আয়োজন কৰা বর্ণাঢ়্য ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানত অংশগ্রহণ কৰি দিয়া ভাষণত প্রধানমন্ত্রীগৰাকীয়্ কয় যে এটা সময়ত অসম আৰু উত্তৰ–পূর্বাঞ্চলৰ বিকাশক উপেক্ষা কৰা হৈছিল আৰু ইয়াৰ সংস্কৃতিক গুৰুত্ব দিয়া হোৱা নাছিল৷ কিন্তু এতিয়া উত্তৰ–পূর্বাঞ্চলৰ সংস্কৃতিৰ ব্রেণ্ড এম্বেছাডৰ স্বয়ং মোদী হৈ পৰিছে৷ তেওঁ কয়– অসমৰ কাজিৰঙাত নিশা কটোৱা, বিশ্ববাসীক ইয়াৰ জৈৱ–বৈচিত্র্যৰ বিষয়ে অৱগত কৰোৱা প্রথমগৰাকী প্রধানমন্ত্রী মই৷ কিছুদিন পূর্বে আমি অসমীয়া ভাষাক ধ্রুপদী ভাষাৰ মর্যাদা প্রদান কৰিছোঁ৷ অসমবাসীয়ে নিজৰ এই ভাষাৰ সন্মানৰ বাবে দশকজুৰি অপেক্ষা কৰি আছিল৷ সেইদৰে চৰাইদেউ মৈদামক ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যক্ষেত্রৰ অন্তর্ভুক্ত কৰা হৈছে৷ এইক্ষেত্রতো বিজেপি চৰকাৰৰ প্রচেষ্টাৰ এক বৃহৎ ভূমিকা আছে৷ সমান্তৰালভাৱে প্রধানমন্ত্রী মোদীয়ে বীৰ লাচিত বৰফুকনৰ অৱদানক স্মৰণ কৰে৷ তেওঁ কয় যে অসমৰ গৌৰৱ বীৰ লাচিত বৰফুকনে মোগলৰ লগত যুদ্ধ কৰি অসমৰ সংস্কৃতি আৰু পৰিচয় ৰক্ষা কৰিছিল৷ আমি তেওঁৰ ৪০০ বছৰীয়া জন্মজয়ন্তী বৃহৎ পৰিসৰত উদ্যাপন কৰিছিলোঁ৷ গণৰাজ্য দিৱসত লাচিত বৰফুকনৰ প্রতীকপট অন্তর্ভুক্ত কৰা হৈছিল আৰু দেশবাসীয়ে স্মৰণ কৰিছে৷ অসমতো তেওঁৰ ১২৫ ফুট উচ্চতাৰ ব্রঞ্জৰ প্রতিমূর্তি নির্মাণ কৰা হৈছে৷ সেইদৰে আদিবাসী সমাজৰ ঐতিহ্য উদ্যাপন কৰিবৰ বাবে জনজাতীয় গৌৰৱ দিৱস পালন কৰিবলৈ আৰম্ভ কৰা হৈছে৷ বিজেপি চৰকাৰে অসমৰ বিকাশৰ লগতে ইয়াৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ সেৱা কৰি আহিছে বুলি উল্লেখ কৰি প্রধানমন্ত্রীগৰাকীয়্ কয়– চাহ বাগিচাৰ শ্রমিকসকলৰ আয় বৃদ্ধিৰ বাবে অসম চাহ নিগমে বোনাছ ঘোষণা কৰিছে৷ বিশেষকৈ চাহ বাগিচাত কাম কৰা আমাৰ ভগ্ণী তথা কন্যা, যিসকল গর্ভৱতী হোৱাৰ সময়ত উপার্জনৰ সংকটৰ সৃষ্টি হয়, এনেধৰণৰ ডেৰ লাখ মহিলাক গর্ভাৱস্থাত ১৫ হাজাৰ টকাৰ সাহায্য প্রদান কৰা হৈছে, যাতে তেওঁলোকে খৰচৰ বাবে চিন্তা কৰিবলগীয়া নহয়৷ এই পৰিয়ালসমূহৰ সু–স্বাস্থ্যৰ বাবে অসম চৰকাৰে চাহ বাগিচাত ৩৫০তকৈও অধিক আয়ুস্মান আৰোগ্য মন্দিৰ নির্মাণ কৰিছে৷ চাহ বাগিচাৰ শিশুসকলৰ বাবে ১০০খনতকৈও অধিক মডেল চাহ বাগিচা স্কুল খোলা হৈছে৷ আৰু প্রায় ১০০খন স্কুল নির্মাণ কৰা হ’ব৷ চাহ জনগোষ্ঠীৰ যুৱকসকলৰ বাবে অ’বিচি শ্রেণীত ৩ শতাংশ সংৰক্ষণৰ ব্যৱস্থাও আমিয়েই কৰিছোঁ৷ অসম চৰকাৰেও এই যুৱকসকলৰ স্ব–নিয়োজনৰ বাবে ২৫ হাজাৰ টকাৰ সাহায্য প্রদান কৰি আহিছে৷ চাহ উদ্যোগ আৰু ইয়াৰ শ্রমিকসকলৰ এই বিকাশে আগন্তুক সময়ত সমগ্র অসমৰ বিকাশক গতি দিব৷ আমাৰ উত্তৰ–পূর্বাঞ্চলে বিকাশৰ নতুন উচ্চতা স্পর্শ কৰিব৷ চাহ জনগোষ্ঠীৰ ভাষা আৰু অসমীয়াৰে ভাষণ আৰম্ভণি কৰি প্রধানমন্ত্রীগৰাকীয়্ ষ্টেডিয়ামত সৃষ্টি হোৱা উছৱমুখৰ পৰিৱেশত মন্ত্রমুগ্ধ হৈ পৰিছে বুলি উল্লেখ কৰে৷ তেওঁ কয় যে এই ব্যাপক প্রস্তুতিয়ে চাহ বাগিচাৰ সুগন্ধি আৰু সুন্দৰতা কঢ়িয়াই আনিছে৷ আপোনালোকে জানে যে চাহৰ সুগন্ধ আৰু চাহৰ ৰঙক এজন চাহৱালাতকৈ কোনে বুজি পাব৷ সেয়েহে ঝুমুৰ আৰু চাহ বাগিচাৰ সংস্কৃতিৰ সৈতে আপোনালোকৰ যিদৰে বিশেষ সম্পর্ক আছে সেইদৰে তেওঁৰো সম্পর্ক আছে৷ ইমান বৃহৎ পৰিসৰত শিল্পীৰ অংশগ্রহণেৰে ঝুমুৰ নৃত্য পৰিৱেশন কৰাৰ লগে লগে ই নিজে নিজেই এক অভিলেখ বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে ২০২৩ চনত বিহু নৃত্য উপভোগ কৰাৰ স্মৃতি ৰোমন্থন কৰে৷ তেওঁ কয়– ইয়াৰ পূর্বে ২০২৩ বর্ষত মই যেতিয়া অসমলৈ আহিছিলোঁ তেতিয়া ১১ হাজাৰতকৈও অধিক শিল্পীয়ে একেলগে বিহুনৃত্য প্রদর্শন কৰি অভিলেখ সৃষ্টি কৰিছিল৷ সেই দৃশ্য মই কেতিয়াও পাহৰিব নোৱাৰোঁ৷ যিসকলে টিভিত এই অনুষ্ঠান প্রত্যক্ষ কৰিছিল তেওঁলোকেও মোক বাৰে বাৰে সেই অনুষ্ঠানৰ বিষয়ে সোঁৱৰাই দিয়ে৷ আজি পুনৰ এবাৰ তেনে এক দৃশ্যৰ অপেক্ষা কৰি আছোঁ৷ মই এই সাংস্কৃতিক আয়োজনৰ বাবে অসম চৰকাৰ আৰু তেজস্বী মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাক অভিনন্দন জ্ঞাপন কৰিছোঁ৷ চাহ জনগোষ্ঠীৰ ভাষাতে পুনৰ ভাষণ প্রদান কৰি তেওঁ এইবুলিও কয় যে এয়া অসমৰ চাহ জনগোষ্ঠী আৰু আদিবাসী লোকসকলৰ সৈতে অসমবাসীৰ বাবে এক গৌৰৱৰ দিন৷ এনেধৰণৰ বিশাল আয়োজনৰ সৈতে অসমৰ গৌৰৱ জড়িত হৈ থকাৰ লগতে ভাৰতৰ মহান বৈচিত্র্যও পৰিলক্ষিত হৈছে৷ মোক অৱগত কৰা হৈছে যে ৬০খনতকৈও অধিক দেশৰ ৰাষ্ট্রদূতেও অসমৰ বিষয়ে জানিবলৈ ইয়াত উপস্থিত হৈছে৷ তেওঁ চাহ জনগোষ্ঠীৰ ভাষাতে এই প্রদর্শনৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে৷ ভাষণৰ অন্তত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে চাহ জনগোষ্ঠীৰ অতি আদৰৰ ধামচা বজাই অনুষ্ঠান উদ্বোধন কৰে৷ উল্লেখ্য যে অনুষ্ঠানত কেন্দ্রীয় বৈদেশিক পৰিক্রমা মন্ত্রী ড০ এছ জয়শংকৰৰ নেতৃত্বত ৬১খন দেশৰ ৰাষ্ট্রদূতেও ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠান উপভোগ কৰে৷

You might also like