নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোদী ৩.০ মন্ত্রীসভাত সর্বানন্দ সোণোৱাল-পৱিত্র মার্ঘেৰিটা

🔹 বিজেপিত কেতিয়া কার্যকর্তা এজন উচ্চ স্তৰলৈ গুচি যায় গম নাপায় : ভৱেশ কলিতা

বিশেষ বাৰ্তা, ৯ জুন : প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন এনডিএ চৰকাৰত অসমৰ পৰা দুজনকৈ প্রতিনিধিয়ে স্থান লাভ কৰে৷ ডিব্রুগড় লোকসভাৰ সাংসদ তথা অসমৰ প্রাক্তন মুখ্যমন্ত্রী, প্রাক্তন কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি পুনৰ কেন্দ্রীয় মন্ত্রী ৰূপে শপতগ্রহণ কৰে৷ সেইদৰে ৰাজ্যসভাৰ সদস্য তথা অসমৰ মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব পৱিত্র মার্ঘেৰিটায়ো আজি মোদী মন্ত্রীসভাত ৰাজ্যিক মন্ত্রী হিচাপে স্থান লাভ কৰে৷ উল্লেখ্য যে নিজৰ কর্মদক্ষতা, দায়িত্ববোধ আৰু নিষ্ঠাৰ বাবে ৰাজনৈতিক পথাৰত ভৰি দিয়াৰ ১০ বছৰৰ ভিতৰতে পৱিত্র মার্ঘেৰিটাই আজি কেন্দ্রীয় মন্ত্রীৰ পদ অলংকৃত কৰিবলৈ সক্ষম হয়৷ ২০১৪ চনত বিজেপিত যোগদান কৰি ৰাজনৈতিক জীৱনৰ পাতনি মেলে৷ সেই বছৰতে তেওঁ বিজেপিৰ ৰাজ্যিক মুখপাত্রৰ দায়িত্ব লাভ কৰে৷ ২০১৬ চনত অসমত সর্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি মিত্রজোঁটৰ চৰকাৰ হোৱাৰ পিছত মার্ঘেৰিটাই জ্যোতি চিত্রবনৰ অধ্যক্ষৰ দায়িত্ব লাভ কৰে৷ ২০২২ চনৰ মার্চ মাহত তেওঁ ৰাজ্যসভালৈ নির্বাচিত হয়৷ সেই বছৰৰে জুলাই মাহত মার্ঘেৰিটাই অসমৰ মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিবৰ দায়িত্ব লাভ কৰে৷ প্রতিটো দায়িত্ব নিষ্ঠাসহকাৰে পালন কৰি অহা মার্ঘেৰিটাই বিগত দিনসমূহত দলৰ প্রতি আগবঢ়োৱা অৱদানৰ বাবে আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে তেওঁক কেন্দ্রীয় মন্ত্রীসভাত স্থান দিয়ে৷ মন কৰিবলগীয়া যে ১৯৭৪ চনৰ ১৩ অক্টোবৰত মার্ঘেৰিটাত জন্মগ্রহণ কৰা পৱিত্র মার্ঘেৰিটাই মার্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা আৰু যোৰহাটৰ জে বি কলেজৰ পৰা কলেজীয়া শিক্ষা গ্রহণ কৰে৷ গুৱাহাটীস্থিত অসম টেক্সটাইল ইনষ্টিটিউটৰ ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে তেওঁ ছাত্র ৰাজনীতিত সোমাই পৰে৷ অসমৰ এগৰাকী আগশাৰীৰ সাংস্কৃতিক কর্মী হিচাপে পৰিচিত মার্ঘেৰিটা অসমৰ নৱপ্রজন্মৰ হার্টথ্রব জুবিন গার্গৰ অতিকৈ ঘনিষ্ঠ বন্ধু৷ এন কে প্রডাকচনৰ প্রযোজনাত ‘মায়া’ তেওঁ চলচ্চিত্ৰ পৰিচালনা কৰাৰ লগতে অভিনয়ো কৰিছিল৷ ‘তুমি মোৰ মাথোঁ মোৰ’ জনপ্রিয় চলচ্চিত্রখনৰো পৰিচালনাৰ দায়িত্বত আছিল৷ তদুপৰি ৭টাকৈ খণ্ডৰ ‘জোনবাই’ ভিচিডিখনৰে বিশেষ জনপ্রিয়তা অৰ্জন কৰা মার্ঘেৰিটাই ‘অপ্সৰা’, ‘উর্বশী’ আদি ভিচিডিত জড়িত আছিল৷ ‘মন যায়’ চলচ্চিত্রখনত তেওঁ অভিনয়ো কৰে৷ ইয়াৰ উপৰি জনপ্রিয় সাংস্কৃতিক আলোচনী ‘মায়া’ৰো মার্ঘেৰিটা আছিল প্রতিষ্ঠাপক সম্পাদক৷ সাংস্কৃতিক আলোচনী ‘সাৰেগামা’ও তেওঁ সম্পাদনা কৰিছিল৷ পত্নী জনপ্রিয় অভিনেত্রী গায়ত্রী মহন্তসহ তিনি সন্তানৰ পিতৃ পৱিত্র মার্ঘেৰিটা৷ ইপিনে, অসমৰ পৰা দুগৰাকীকৈ প্রতিনিধিয়ে মোদী মন্ত্রীসভাত স্থান পোৱাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা৷ অসমত দলৰ কোনেও নভবা সত্ত্বেও পৱিত্র মার্ঘেৰিটাই মন্ত্রীসভাত স্থান লাভ কৰা প্রসংগত সভাপতি কলিতাই কয় যে এয়াই ভাৰতীয় জনতা পার্টী৷ দলৰ কার্যকর্তা কেতিয়া উচ্চস্তৰলৈ গুচি যায়, সেয়া কোনেও গম নাপায়৷ কার্যকর্তাই যে মন্ত্রী হ’ব পাৰে, সেয়া আজি ওলাই পৰিছে৷ এয়াই ভাৰতীয় জনতা পার্টী৷

You might also like