নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোদীৰ গেৰাণ্টীক ৰাজ্য চৰকাৰে ৱাৰেণ্টী কৰি স্থায়িত্ব দিব : মুখ্যমন্ত্ৰী

১২ কিঃমিঃ পথ বিশাল বাইক ৰেলী কৰি নিৰ্বাচনী সভাত অংশগ্ৰহণ অতুল বৰাৰ

নিয়মীয়া বার্তা, ৭ এপ্ৰিল : অসমৰ লোকসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে বৃদ্ধি পাইছে নিৰ্বাচনী উত্তাপ। বিজয় সংকল্প যাত্ৰাৰে প্ৰতিদিনে একাধিক নিৰ্বাচনী সভা সম্বোধন কৰি মাৰথন প্ৰচাৰ অভিযান চলাই থকা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বোকাখাতত বিজেপি মিত্ৰজোঁটৰ কাজিৰঙা লোক সভাসমষ্টি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ প্ৰচাৰ চলায়। সৰ্বস্তৰৰ ৰাইজ দলে-বলে ওলাই আহি জনসমুদ্ৰলৈ পৰিণত হোৱা বোকাখাতৰ বিহৰা চাহবাগিচাত বিশাল নিৰ্বাচনী সভা সম্বোধন কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। অস্থায়ী হেলিপেডৰ মুখ্যমন্ত্ৰীক সভালৈ ফুলে পুষ্প, ঝুমুৰা, বিহু আদিৰে আদৰি আনে। এই নিৰ্বাচনী সমাবেশত মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৰাইজৰ মাজলৈ সোমাই গৈ ‘আকৌ এবাৰ মোডী চৰকাৰ’ শীৰ্ষক গীতটোৰ তালে তালে নাচি বাগি প্ৰচাৰ চলায়। ৰাইজৰ উৎসাহ-উদ্দীপনা দেখি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আৰু এখোজ আগুৱাই গৈ কয় সকলো শ্ৰেণীৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহ যোগ্যতাৰ ভিত্তিত প্ৰতিগৰাকী অসমীয়াই লাভ কৰিব বুলি ৰাইজক আশ্বাস দিয়ে। ইতিমধ্যে একলাখ নিবনুৱাই চৰকাৰী চাকৰি, দুখীয়া পৰিয়ালে অৰুণোদয়, ৰেচন কাৰ্ড, আয়ুষ্মান কাৰ্ড, উজ্জ্বলা ইত্যাদি আঁচনি লাভ কৰিছে। নিৰ্বাচনৰ পাছতেই বাকী থাকি যোৱা হিতাধিকাৰীসকলে সকলো চৰকাৰী আঁচনি লাভ কৰিব বুলিও আশ্বাস প্ৰদান কৰে। ইপিনে নিবনুৱাসকলক আন এক আশাৰ বার্তা দি ড০ শৰ্মাই কয় যে বিভিন্ন বিভাগত অসম চৰকাৰে ৫০ চাকৰি দিব। এই ৫০ হাজাৰ চাকৰি নিযুক্তি দি শেষ হল আকৌ ১ লাখ নিবনুৱাক চৰকাৰী চাকৰি দিব বুলিও প্ৰতিশ্ৰুতি দিয়া মুখ্যমন্ত্ৰী ড° শৰ্মাই। আনহাতে মহিলা সকলক অধিক উদ্যোগী স্বাৱলম্বী কৰি তুলিবলৈ প্ৰতিগৰাকী মহিলাক লাখপতি বাইদেউ বনাব বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে। অসম তথা দেশখনক আগুৱাই নিয়াৰ স্বাৰ্থত, প্রতিটো স্তৰৰ লোকৰ উন্নতিৰ স্বাৰ্থত মোডীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচন কৰিবলৈ সকলোকে আহ্বান জনায় মুখ্যমন্ত্ৰী ড° শৰ্মাই। মোদীয়ে ৰাইজক দিয়া গেৰাণ্টি অসম চৰকাৰে ৱাৰেন্টী কৰি ইয়াক স্থায়িত্বত দিব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। মোদীয়ে সকলো জাতি জনগোষ্ঠী, সকলো শ্ৰেণীৰ বিপদৰ বন্ধু, পথ প্ৰদৰ্শক বুলি কৈ কেৱল চাহবাগিচা লোকৰ কাৰণে চৰকাৰী চাকৰি তিনি শতাংশ সংৰক্ষণ কৰা বুলি কয় মুখ্যমন্ত্ৰী ড° শৰ্মাই। লগতে কামাখ্যা প্ৰসাদ তাছাক বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনায়। ইপিনে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ড° শৰ্মাও কয় যে কংগ্ৰেছৰ কথা বিশ্বাস কৰিব নালাগে। চান্দা পাবৰ কাৰণে টকা নাই বুলি কয়। মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰ উঠিলে সমালোচনা কৰা কংগ্ৰেছৰ নেতাই ৰাইজৰ পৰা চান্দা উঠাই হেলিকপ্টাৰ উঠি নির্বাচনী প্ৰচাৰ চলায়। কংগ্ৰেছৰ ওচৰত হাজাৰ হাজাৰ কোটি টকা আছে বুলিও কয় মুখ্যমন্ত্ৰী ড° শৰ্মাই। ইপিনে বিজেপি য়ে নিৰ্বাচনী বিধি উলংঘা নকৰাকৈ নীতিৰ আধাৰত স্বচ্ছ আৰু নিকা ভাৱে নিৰ্বাচন প্ৰচাৰ চলাইছে বুলিও সংবাদ মাধ্যমৰ আগত কয় মুখ্যমন্ত্ৰী ড° শৰ্মাই। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে কাজিৰঙাত নিশা যাপন কৰি অঞ্চলটোৰ প্ৰতি দিশ ওচৰৰ পৰা নিৰীক্ষণ কৰি গৈছে বুলি মন্তব্য কৰি ইয়াৰ আশে পাশে থকা প্ৰতিটো অঞ্চলৰ ৰাস্তা ঘাট আদি নিৰ্মাণ কৰি কৰিব বুলি কয় মুখ্যমন্ত্ৰী ড° শৰ্মাই। আজিৰ এই বিশাল নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ড° শৰ্মাক সংগ দিয়ে মন্ত্ৰী পীযুষ হাজৰিকা, প্ৰাক্তন মন্ত্ৰী তথা বিজেপিৰ বোকাখাতৰ প্ৰভাৰী বিস্মিতা গগৈকে ধৰি বিজেপি, অগপ,সন্মিলিত গনশক্তি, অসমৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মীয়ে।

বোকাখাতত অগপৰ সভাপতি অতুল বৰাৰ বিশাল বাইক ৰেলী

বোকাখাত বিধানসভা সমষ্টিৰ বিহৰা চাহবাগিছা খেল পথাৰত অনুষ্ঠিত বিজেপি মিত্ৰজোঁটৰ নির্বাচনী সভালৈ শ শ সমৰ্থকক লগত লৈ অতুল বৰাই বাইক ৰেলী কৰি আহে। এই বিশাল নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহনে কাজিৰঙা লোকসভা সমষ্টিত এনডিএ-ৰ জয়যাত্ৰা অধিক সুদৃঢ় কৰিলে বুলি মন্তব্য কৰে অগপৰ সভাপতি অতুল বৰাই। মিত্ৰজোঁটৰ নিৰ্বাচনী সভাসমূহত ৰাইজৰ অভূতপূৰ্ব শাৰী আৰু ৰাইজৰ উৎসাহ-উদ্দীপনাই অসমৰ ১৪খন লোকসভা সমষ্টিত মিত্ৰজোঁট অপৰাজেয় তাৰ প্ৰমাণ কৰিছে বুলিও মন্তব্য কৰে অগপৰ সভাপতি বৰাই।

প্ৰেৰক পৱন কামান

You might also like