নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তান-ক এশিকনি দিবলৈ মোদীক শক্তিশালী কৰক – হিমন্ত বিশ্ব শর্মা

চামতাত বিজয় সংকল্প সমাৱেশত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

নিয়মীয়া বার্তা, ৩০ এপ্ৰিল : পাকিস্তান-ক এশিকনি দিবলৈ মোদীৰ হাত শক্তিশালী কৰক – হিমন্ত বিশ্ব শর্মা। নলবাৰী জিলা বিজেপিৰ উদ্যোগত আজি পশ্চিম নলবাৰীৰ চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়  খেল পথাৰত  সমাগত পঞ্চায়ত নির্বাচনৰ বিজেপিৰ বিজয় সংকল্প সমাবেশ অনুষ্ঠিত হয়।

মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰি কয় যে অসমত তৰুণ গগৈ চৰকাৰে পোন্ধৰ বছৰ শাসন চলাইছিল। তৰুণ গগৈ চৰকাৰে আমাক লুঙি,ধুতি,সুতা,আঠুৱা কম্বল এই পঞ্চামৃত দিছিল আৰু এইখিনি দিওঁতেই দালালে টকা লৈছিল। কংগ্ৰেছে মহিলা সকলক সভালৈ মাতি পাঁচ হাজাৰ মহিলাৰ মাজত দুশ বাণ্ডিল সূতা দলিয়াই দিছিল আৰু মহিলা সকলক ঠগিছিল।

এইদৰে কংগ্ৰেছক সমালোচনা কৰাৰ লগতে অৰুণোদয় পাব লাগিলে বিজেপিক ভোট দিব লাগিব বুলিও মন্তব্য কৰে।লুঙি ধূতি কংগ্ৰেছৰ পাৰ্টিৰ নাম বুলি কোৱাৰ লগতে আগন্তুক  দিনত নলবাৰীৰ বৰক্ষেত্ৰী,নলবাৰী আৰু টিহু সমষ্টিত পুনৰ চাৰি হাজাৰ মহিলাক অৰুণোদয় দিয়া হব বুলিও মন্তব্য প্ৰকাশ কৰে।

আনহাতে ভাষন প্ৰসংগত তেওঁ আৰু কয় এতিয়াৰ পৰা বিনামূলীয়া নামভৰ্তিৰ বাবে একো প্ৰমাণপত্ৰ নালাগে ৰেচন কাৰ্ড দেখুৱালেই হৱ বুলি কোৱাৰ লগতে এক অক্টোবৰৰ পৰা ৰেচন কাৰ্ডত দাইল,চেনী,নিমখ দিয়া হৱ বুলি প্ৰতিশ্ৰুতি দিয়ে।

ইফালে চিলিণ্ডাৰৰ দাম এহাজাৰৰ পৰিবর্তে  মাত্র ছয়শ পঞ্চাশ টকাত দিয়া হব উজ্বলা গেছ থকা সকলে ২৫০ টকাত গেচ চিলিণ্ডাৰ পাৱ বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰে। জুন মাহত নলবাৰীৰ মহিলাসকলে দহ হাজাৰকৈ টকা পাৱ আৰু অহাবাৰ বিজেপিৰ চৰকাৰ আহিলেই  মহিলা সকলক  মোবাইল ফোন দিম বুলিও তেওঁ আশ্বাস প্ৰদান কৰে।

কংগ্ৰেছৰ দিনত অঙ্গনৱাড়ী পদতো দুই লাখ টকাৰ ঘোছ দিব লাগিছিল  আজি চাকৰিৰ নামত টকা লৱ নোৱাৰা হল। একেদৰে মই প্ৰথম বাৰ মুখ্যমন্ত্ৰী হৈছো, শিকোঁতে বুজোঁতে সময় লাগিল তথাপি প্ৰতিটো মুহূৰ্তত ৰাইজৰ বাবে কাম কৰিছোঁ বুলিও মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।  এইবাৰ যি কৰিছোঁ সেয়া নৃত্যনাটিকা আগন্তুক দিনত আচল থিয়েটাৰ দেখুওৱা হৱ বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কলে আমি অসমীয়া ভাষাক ধ্ৰূপদী ভাষাৰ স্বীকৃতি দিয়ালোঁ, বিহুক মহাসভালৈ  নিয়া হল,ঝুমুইৰ বিশ্ব সভালৈ গল,ব্ৰহ্মপুত্ৰত দলঙ হল।

মোৰ চাৰি বছৰীয়া কাৰ্যকাল  কংগ্ৰেছৰ পোন্ধৰ বছৰীয়া কাৰ্যকালৰ লগত তুলনাই নহয়।ইপিনে অহা এক অক্টোবৰৰ পৰা অঙ্গনৱাড়ী, আশা, জীৱিকা সখী, টিউটৰ, মধ্যাহ্ন ভোজন ৰান্ধনীৰ দৰমহা বাঢ়িব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ইপিনে সংবাদ মাধ্যমৰ আগত কংগ্ৰেছক তুলাধূনা দি কয় যে কংগ্ৰেছ নিলৰ্জ। কংগ্ৰেছে অসম বাসীৰ ওচৰত ক্ষমা খুজিব লাগে। মোৰ ওপৰত গোচৰ তৰাৰ আগতে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন পঢ়ক। ৰাকেশ পালৰ মাকৰ সাক্ষ্যৰে প্ৰতিবেদনত উল্লেখ কৰা হৈছে ৰাকেশ পালৰ কু-কীৰ্তি বুলিও  মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।

ৰাকেশ পালক মোৰ পুত্ৰৰ বিয়াত সোণ উপহাৰ লৈ এপি এচ চিত নিযুক্তি দিয়া নাছিলো বুলি তীৰ্যক মন্তব্য কৰি বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন পঢ়িবলৈ কংগ্ৰেছক আহ্বান জনায়। ইফালে মূখ্যমন্ৰী গৰাকীয়ে কয় পাকিস্তানক এশিকনি দিবলৈ হলে নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালি কৰিব লাগিব৷

আজিৰ বিজয় সংকল্প সমাৱেশত নলবাৰী জিলা বিজেপিৰ সভাপতি জয়ন্ত কুমাৰ বুজৰবৰুৱা,,সাধাৰণ সম্পাদক পুলক কুমাৰ শৰ্মা, উপ সভাপতি পবিত্ৰ কুমাৰ ডেকাকে ধৰি জিলাখনৰ বহু নেতা কৰ্মী উপস্থিত থাকে। নিৰ্বাচনী প্ৰচাৰ সভাত জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,জয়ন্ত মল্ল বৰুৱা, জিএমডিএৰ অধ্যক্ষ নাৰায়ন ডেকা ,অসম চলছিত্র নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ,সাংসদ ফণীভূষণ চৌধুৰীয়েও নিৰ্বাচনী প্ৰচাৰ চলায়।

প্রেৰক তপন কুমাৰ শর্মা

You might also like