নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিংসাত্মক মণিপুৰৰ পৰিৱৰ্তে নিৰ্বাচনমুখী ৰাজ্য ভ্ৰমণ মোদীৰ : খাৰ্গে

বিশেষ বাৰ্তা, ১ আগষ্টঃ মণিপুৰৰ বিষয়ত বিৰোধীয়ে অহৰহ মাত মাতি আছে মোদী চৰকাৰৰ বিৰুদ্ধে। ইফালে বিৰোধী মিত্ৰজোঁট INDIAৰ যৌথ সংবাদ মেল অনুষ্ঠিত হৈছে। য’ত চৰকাৰৰ বিৰুদ্ধে বহু ধৰণৰ অভিযোগ উত্থাপন কৰা হৈছিল। এই সময়ত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই কয় যে চৰকাৰে ৰাজ্যসভাত বিৰোধীক কথা ক’বলৈ নিদিয়ে, তেওঁ কয় যে আমি বিচাৰো যে প্ৰধানমন্ত্ৰীয়ে সদনলৈ আহি মণিপুৰৰ উত্তৰ দিয়ক, কিন্তু তেওঁ নিৰ্বাচনী ৰাজ্যলৈ গৈ আছে। মণিপুৰ সন্দৰ্ভত একো কথা ক’বলৈ তেওঁৰ সময় নাই। বিৰোধীৰ এই সংবাদ মেলত বি আৰ এছেও অংশ লৈছিল। এই সংবাদ মেলত মণিপুৰ বিষয়ত সংসদত চলি থকা অচলাৱস্থাৰ সন্দৰ্ভত খাৰ্গেই কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে বাহিৰত মন্তব্য কৰে, আপুনি সদনত কথা কওক, আমি উত্তৰ দিম। মণিপুৰ সন্দৰ্ভত চুটি বক্তব্য দিবলৈ তেওঁৰ সময় নাই। ২৬৭ নং নিয়মৰ অধীনত মণিপুৰক লৈ আলোচনাৰ দাবী উত্থাপন কৰাৰ বিপৰীতে চৰকাৰে ১৭৬নং নিয়মৰ দৰে আলোচনাৰ কথা কৈছে৷ দুয়োৰে মাজত যথেষ্ট পাৰ্থক্য আছে। খাৰ্গেই আৰু কয় যে এফালে ইমান ডাঙৰ ঘটনা সংঘটিত হৈছিল, মহিলাৰ উলংগ পেৰেডৰ আয়োজন কৰা হৈছিল। ইয়াৰ পিছতো চৰকাৰৰ মনোভাৱ এনেধৰণৰ। আলোচনাৰ বাবে সাজু বিৰোধী, সেইবাবেই ২৬৭নং ধাৰাত আলোচনাৰ বাবে জাননী দিছে ৬৫জন লোকে। ২০১২ চনৰ ১৭ আগষ্টত প্ৰশ্নঘৰ স্থগিত ৰখা হয় আৰু আলোচনাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মনমোহন সিঙে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰব্ৰজনকাৰীৰ ওপৰত আক্ৰমণ সন্দৰ্ভত বিজেপিৰ এজন সাংসদে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ দিয়ে। বাজপেয়ীয়েও একেধৰণৰ উত্তৰ দিছে। কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে আজি আমাক ভাবুকি দিয়া হৈছে। কোৱা হৈছে যে মহান শিক্ষা হ’ব! চৰকাৰে অধ্যক্ষৰ মুখেৰে এই কাম কৰি আছে। এয়া হিটলাৰীবাদ। মোৰ মাইকটো দহ ছেকেণ্ডতে বন্ধ হৈ যায়। এয়া মোৰ বাবে অপমানজনক। খাৰ্গেই অভিযোগ কৰে যে সংসদতো বিৰোধীৰ কণ্ঠ দমন কৰিবলৈ চৰকাৰে চেষ্টা চলাইছে।

You might also like