🔹 বিতর্কত ইউএছটিএমৰ স্বত্বাধিকাৰী
বিশেষ বাৰ্তা, ২৯ আগষ্ট : ইউএছটিএমৰ স্বত্বাধিকাৰ মহবুবুল হকৰ বিৰুদ্ধে জাতিগত প্রমাণ–পত্র জালিয়াতিৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি আৰক্ষী চকীৰ অন্তর্গত পুৰবাগুল গাঁৱৰ মহম্মদ মহবুবুল হকে ১৯৯২ৰ ২৪ আগষ্টত অ’বিচিৰ প্রমাণ–পত্র এখন সংগ্রহ কৰে৷ কিন্তু তেওঁ মাইমল অথবা কিৰণ জনগোষ্ঠীৰ লোক নাছিল৷ এই সম্পর্কত অধিবক্তা আনোৱাৰুল হকে অভিযোগ দাখিল কৰাত ১৯৯৬ৰ ২০ আগষ্টত তেওঁৰ সেই জাতিগত প্রমাণ–পত্রখন বাতিল কৰা হয়৷ মহবুবুল হকৰ এই কেলেংকাৰিৰ বিষয়ে কালি দিছপুৰত আয়োজিত এখন সংবাদ মেলত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰি কয়- সেই সময়ত মহবুবুল হকে ভুৱাকৈ সেই জাতিগত প্রমাণ–পত্রখন সংগ্রহ কৰিছিল৷ পৰৱর্তী পর্যায়ত ১৯৯৬ চনত কৰিমগঞ্জৰ উপায়ুক্তই শুনানি গ্রহণ কৰি জাতিগত প্রমাণ–পত্রখন বাতিল কৰে৷ কিন্তু জাতিগত প্রমাণ–পত্রখন বাতিলৰ পাছত জিলা উপায়ুক্তই তেওঁৰ বিৰুদ্ধে এজাহাৰ দিব লাগিছিল৷ পিছে সেই সময়ত জিলা উপায়ুক্তই কোনো এজাহাৰ নিদিলে৷ এতিয়া মই কৰিমগঞ্জৰ জিলা আয়ুক্তক নির্দেশ দিছোঁ– ভুৱাকৈ জাতিগত প্রমাণ–পত্র সংগ্রহ কৰাৰ ঘটনা সম্পর্কত লোকজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰক৷ জানিব পৰা মতে, মুখ্যমন্ত্রীৰ সেই নির্দেশৰ পিছতে ইতিমধ্যে কৰিমগঞ্জৰ জিলা আয়ুক্তই এই সম্পর্কত এখন এজাহাৰ দাখিল কৰিছে৷