নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ বিতর্কত মহবুবুল হকৰ শিক্ষানুষ্ঠান, শিক্ষকতা কৰি থাকোঁতেই ল’লে USTMৰ বি টেকৰ চার্টিফিকেট

নিয়মীয়া বার্তা ডিজিটেল, ২৬ মার্চঃ চৰকাৰী নিম্ন প্রাথমিক বিদ্যালয়ত কর্তব্যৰত অৱস্থাতেহ আৰআইএছটি তথা ইউএছটিএমৰ পৰা নিয়মীয়া ছাত্রী হিচাপে বি টেক চার্টিফিকেট লোৱাৰ অভিযোগ উত্থাপন হৈছে হাইলাকান্দিৰ ইছমাতাৰা খানম লস্কৰ নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে৷ বর্তমান মহিলাগৰাকীয়ে শ্রীভূমি পৌৰসভাত Urban Technical Officer হিচাপে কর্মৰত আছে৷ হাইলাকান্দিৰ পার্থ প্রতিম সেন নামৰ এগৰাকী অভিযন্তাই জালিয়াতিৰ সকলো তথ্য পোহৰলৈ আনিছে৷ টেটৰ জৰিয়তে ২০১৪ চনত শিক্ষয়িত্রীৰ চাকৰি পোৱাৰ নথিৰ পৰা আৰম্ভ কৰি ২০১৬ চনত আৰআইএছটি তথা ইউএছটিএমৰ পৰা নিয়মীয়া ছাত্রী হিচাপে ইঞ্জিনিয়াৰিঙৰ চার্টিফিকেট লাভ কৰা, ছেলাৰী শ্বীটৰ তথ্য, এপইনমেণ্ট লেটাৰসহ সকলো তথ্য সাংবাদিকৰ আগত দাঙি ধৰে৷ আৰু এই সকলো তথ্য–পাতিৰে মুখ্যমন্ত্রীক লিখিত অভিযোগ জনাইছে অভিযন্তা পার্থ প্রতিম সেনে৷ অভিযোগ তথা নথিসমূহ অনুসৰি Accredited Engineer ইছমাতাৰা খানম লস্কৰ আৰআইএছটি তথা ইউএছটিএমত ২০১২–১৩ বর্ষৰ ৰেগুলাৰ ছাত্রী হিচাপেB-Techত ভর্তি হৈছিল৷ ২০১৪ চনত টেটৰ জৰিয়তে চাকৰি লাভ কৰি হাইলাকান্দিৰ ৪২৩নং বাগাৰগুল নিম্ন প্রাথমিক বিদ্যালয়ত কর্তব্যৰত আছিল৷ ২০১৮ চনত মিউচুৱেল ট্ৰেন্সফাৰৰ জৰিয়তে শ্রীভূমি জিলাৰ পাথাৰকান্দি সমষ্টিৰ ৬৭২নং পিংছডা নিম্ন প্রাথমিক বিদ্যালয়ত বদলি হৈ আহে৷ ইয়াৰ মাজতেই ২০১৬ চনত আৰআইএছটি তথা ইউএছটিএমৰ পৰা ৰেগুলাৰ ছাত্রী হিচাপেNorth Eastern Hill University ইঞ্জিনিয়াৰিঙৰ চার্টিফিকেট লাভ কৰে৷ সেই অনুসৰি ২০১৯ চনত শিক্ষকতাৰ চাকৰি এৰি প্রথমে গাঁও পঞ্চায়ততAccredited Engineer, ২০২৪ চনৰ ছেপ্টেম্বৰত শ্রীভূমি পৌৰসভাতUrban Technical Officer হিচাপে যোগদান কৰি বর্তমানেও কর্মৰত আছে৷ এতিয়া স্বাভাৱিকতে প্রশ্ন ডত্থাপন হয়, ২০১৪ চনৰ পৰা ২০১৯ চনলৈকে হাহলাকান্দি জিলা আৰু শ্রীভূমি জিলাত চৰকাৰী চাকৰি কৰি খানাপাৰাৰ আৰআইএছটি তথা ইউএছটিএমত কেনেকৈ নিয়মীয়া অধ্যয়ন কৰি ২০১৬ চনত বি টেক ডিগ্রী লাভ কৰিলে৷ ইছমাতাৰা খানম লস্কৰক এই সন্দর্ভত সাংবাদিকে সোধাত কিছু বিব্রত হৈ পৰে৷ তেওঁ কয়– এয়াই প্রথমটো চাকৰি৷ শিক্ষকতাৰ চাকৰি কৰাৰ কথাটো আঙুলিয়াই দিয়াত কয়– পাথাৰকান্দি আৰু হাইলাকান্দিত শিক্ষকতা কৰাৰ কথা স্বীকাৰ কৰে৷ কিন্তু ২০১৪ৰ পৰা চাকৰি কৰাৰ কথা অস্বীকাৰ কৰি ২০১৭ চনতে চাকৰিত যোগদান কৰিছে বুলি জনায়৷ এইখিনিতে এটা কথা স্পষ্ট হয় যে ইউএছটিএম–এ জালিয়াতি কৰি চার্টিফিকেট দিছে, নহ’লে চাকৰিত যোগদান কৰি বিদ্যালয়ত নোযোৱাকৈ দৰমহা লৈ অধ্যয়নত ব্যস্ত আছিল মহিলাগৰাকী৷

You might also like