নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খগৰপুৰত চামচুলৰ কামনাৰ বলি হ’ল কোৱাৰেণ্টাইন ষ্টাম্প থকা মানসিক ৰোগত আক্ৰান্ত লোক

নিয়মীয়া বাৰ্তা ৩০ মেঃ লকডাউনৰ মাজতে অভয়াপুৰীৰ খগৰপুৰত মানসিক ৰোগাক্ৰান্ত মহিলা এগৰাকী ৫৫ বছৰীয়া লোকৰ কামনাৰ বলি হোৱা ঘটনাই চাঞ্চল্য়ৰ সৃষ্টি কৰিছে অঞ্চলটোত। প্ৰাপ্ত বাতৰিমতে কালি সন্ধিয়া ৬ মান বজাত খগৰপুৰ পাহাৰৰ নামনিত এগৰাকী মহিলাৰে সৈতে এগৰাকী এজন লোকক অসংযত অৱস্থাত স্থানীয় লোকে ধৰা পেলায় আৰু উত্তম মাধ্যম দিয়ে। পিছত আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ লোকজন খগৰপুৰ গাৰোৰদেকাৰ চামচুল(৫৫) ওৰফে মুন্সি বুলি চিনাক্ত কৰাৰ লগতে নিৰ্যাটিত মহিলাগৰাকী মানসিক ৰোগত আক্ৰান্ত বুলি ঠাৱৰ কৰিছে। ৩৫ বছৰ বয়সীয়া মহিলাগৰাকীৰ হাতত কোৱাৰেণ্টাইনত থকা ষ্টাম্প আছিল বুলি জানিব পৰা হৈছে। পিছত মহিলা গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা হয়। ইপিনে মানসিক ৰোগত আক্ৰান্ত মহিলাগৰাকী চামছুল হকক গ্ৰেপ্তাৰ কৰি এক গোচৰ পঞ্জীয়ন কৰে। ইপিনে প্ৰেৰণ কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে। এনে ক্ষেত্ৰত কিদৰে কোৱাৰেণ্টাইনৰ ষ্টাম্প থকা মানসিক ৰোগত আক্ৰান্ত মহিলা ৰোগী এগৰাকী বাহিৰলৈ ওলাই আহিব পাৰিলে তাৰ প্ৰকৃত তথ্য উদঘাটনৰ বাবে উপযুক্ত তদন্ত কৰাৰ দাবী কৰিছে সচেতন ৰাইজে।

You might also like