নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোমবাৰে ১,০৭,৯০০ নমুনা পৰীক্ষা পজিটিভ ১,৫২১জন

ক্রমশঃ উন্নত ৰাজ্যৰ ক’ৰোনা পৰিস্থিতি

নিয়মীয়া বাৰ্তা ১৩ অক্টোবৰঃ  ক্রমাৎ ৰাজ্যখনত ভাললৈ আহিছে ক’ৰোনা পৰিস্থিতি৷ সোমবাৰে দিনটোত ৰাজ্যখনত ১,০৭,৯০০গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ ইয়াৰে ১,৫২১গৰাকীৰ দেহত পজিটিভ ধৰা পৰে৷ দিনটোত আক্রান্তৰ হাৰ ১.৪১ শতাংশ৷ সেইদৰে সোমবাৰে দিনটোত সুস্থ হৈ উঠাৰ পৰিপ্রেক্ষিতত ১,৪৫৭গৰাকী লোকক হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়৷ মন কৰিবলগীয়া এয়ে যে সোমবাৰে দিনটোলৈকে ৰাজ্যখনত মুঠ ১,৯৫,৩০৪গৰাকী লোক ক’ৰোনাত আক্রান্ত হৈছে৷ ইয়াৰ বিপৰীতে এতিয়ালৈ ১,৬৬,০৩৬গৰাকী লোক সুস্থ হৈ ঘৰলৈ উভতিছে৷ বর্তমান বিভিন্ন হাস্পতালত ২৮,৪৩৯গৰাকী লোক চিকিৎসাধীন হৈ আছে৷

ইপিনে, সোমবাৰে দিনটোত ক’ৰোনাত আক্রান্ত ১০গৰাকী লোকৰ মৃত্যু হয়৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰযোগে জনোৱা অনুসৰি সোমবাৰে মৃত্যু হোৱা লোকসকল হৈছে– তিনিচুকীয়াৰ দেৱযানী ৰাজখোৱা (৭০), ডিব্রুগড়ৰ ৰেণু দাস (৭৫), লখিমপুৰৰ উনান্দ মেদক (৫১), কামৰূপ মহানগৰৰ টি এইচ তাম্পাকলেইমা (৫০), গোৱালপাৰাৰ নিবাৰণ কছাৰী (৬৩), গোলাঘাটৰ ৰমেশ শর্মা (৬৫), যোৰহাটৰ হেম বৰুৱা (৬২), দক্ষিণ শালমাৰাৰ ৰৌছানাৰা বেগম (৪০), কামৰূপ মহানগৰৰ অনিতা কলিতা (৬৫) আৰু ৱাজিদুৰ ৰহমান (৮৫)৷ মন্ত্রী ড০ শর্মাই আটাইকেইগৰাকী লোকৰ বিয়োগত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে৷ আজি মৃত্যু হোৱা লোককেইগৰাকীকে ধৰি ৰাজ্যখনত এতিয়ালৈ ক’ৰোনাত আক্রান্ত হৈ মুঠ ৮২৬গৰাকী লোকে প্রাণ হেৰুৱায়৷

You might also like