নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোমবাৰে মহামাৰী ক’ভিড–১৯ত আক্রান্ত ২৯৬, মৃত্যু ৭জনৰ

নিয়মীয়া বাৰ্তা ২ নৱেম্বৰঃ ৰাজ্যত ক’ভিডৰ সংক্রমণ প্রতিদিনে অব্যাহত আছে৷ সোমবাৰে দিনটোত ৰাজ্যখনত নতুনকৈ ২৯৬গৰাকী লোক ক’ভিডত আক্রান্ত হয়৷ সেইদৰে সোমবাৰে দিনটোতে ক’ভিডত আক্রান্ত হৈ ৭গৰাকী লোকৰ মৃত্যু হয়৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমে জনোৱা অনুসৰি, আজি অসমত মুঠ ৪২,৪৬৪গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰা হয়৷ ইয়াৰে ২৯৬গৰাকী লোকৰ দেহত পজিটিভ ধৰা পৰে৷ দিনটোত আক্রান্তৰ হাৰ ০.৭০ শতাংশ৷

সোমবাৰে আক্রান্ত হোৱাসকলৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ ১১৬গৰাকী, কামৰূপ জিলাৰ ২৭গৰাকী, বৰপেটা জিলাৰ ২২গৰাকী, যোৰহাট জিলাৰ ২০গৰাকী, নগাঁও জিলাৰ ১৩গৰাকী, শোণিতপুৰ জিলাৰ ১২গৰাকী, ডিব্রুগড় জিলাৰ ১১গৰাকী লোক আছে৷ আনহাতে, ক’ভিডত আক্রান্ত হৈ সোমবাৰে শোণিতপুৰত তিনিগৰাকী, ডিব্রুগড়ত দুগৰাকী, দৰং আৰু নলবাৰীত এগৰাকীকৈ মুঠ ৭গৰাকী লোকৰ মৃত্যু হয়৷ ইপিনে, ক’ভিডমুক্ত হোৱাৰ বাবে আজি ৩৩৫গৰাকী লোকক হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়৷ বর্তমান অসমত ২,২৮১গৰাকী সক্রিয় ক’ভিড ৰোগী আছে৷ ৰাজ্যখনত সুস্থতাৰ হাৰ ৯৮.৪২ শতাংশ৷

You might also like